অসম লাইভ২৪ঃ ২২ তাৰিখে দুৰ্গাষ্টমী। এই তিথিত সমস্ত নিয়মনীতি মানি দুৰ্গাৰ পুজা কৰা হয়। বিভিন্ন পেণ্ডেলত ভক্তৰ অঞ্জলি দিয়াৰ বাবে ভিড় কৰিছে ভক্তই। শনিবাৰে নিশা ৯বাজি ৫৪ মিনিটৰ পৰা আৰম্ভ হৈছে অষ্টমী। উদয়া তিথি মানি ২২ তাৰিখে দুৰ্গা পূজা পালন কৰিব ভক্তই। দুৰ্গাষ্টমীৰ দিনাৰ বিশেষত্ব আৰু মাহাত্ম্য বঢ়াইছে এই বৰ্ষত তৈয়াৰ হোৱা কেইটামান যোগে। জ্যোতিষ গণনা অনুযায়ী বহু বছৰ পাছত অষ্টমী তিথিত কুম্ভ ৰাশিত কেইবাটাও ৰাজযোগ তৈয়াৰ হৈছে। এই যোগ কেইটামান ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। এই সময়ত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?
মেষ ৰাশি
শাৰদীয় দুৰ্গা পূজাৰ অষ্টমীত তৈয়াৰ হোৱা এই শুভ যোগ মেষ ৰাশিৰ জাতকৰ নতুন চাকৰি লাভৰ যোগ আছে। কেৰিয়াৰত উন্নতিৰ যোগ আছে। এই ৰাশিৰ বিবাহিত জাতকৰ দাম্পত্য জীৱনো খুব ভালধৰণে পাৰ হ’ব। অষ্টমী তিথিত এই শুভ সংযোগ ব্যৱসায়ীসকলৰ বাবে খুব ভাল। কোনো সু সংবাদ লাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। এই সময়ত অফিচত পদ আৰু প্ৰতিষ্ঠা অৰ্জন কৰিব পাৰে। জ্যোতিষ গণনা অনুসৰি অষ্টমীত তৈয়াৰ হোৱা এই শুভ সংযোগত এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। পাৰিবাৰিক জীৱনত শান্তি বজায় ৰখাত সফল হ’ব। সহকৰ্মীসকলৰ সহযোগীতাও লাভ কৰিব এই ৰাশিৰ জাতকে।
কৰ্কট ৰাশি
জ্যোতিষে কোৱা অনুসৰি কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলে এই সময়ত কোনো ভ্ৰমণ কৰিব পাৰে। এই যাত্ৰাৰ মাধ্যমেৰে ব্যৱসায়ীসকল বিশেষভাৱে লাভাম্বিত হ’ব। কোনো অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠিব পাৰে। বহুদিন ধৰি পাবলগীয়া ধন নাপালে এই সময়তেই পাব। লগ্নিৰ দ্বাৰা আয়ৰ নতুন পথ প্ৰশস্ত হ’ব। আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব।
মীন ৰাশি
দুৰ্গাষ্টমীত তৈয়াৰ হোৱা বিৰল যোগত মীন ৰাশিৰ জাতকৰ সামাজিক পদ আৰু প্ৰতিষ্ঠা বৃদ্ধি হ’ব। আকস্মিক ধন লাভৰ যোগ আছে। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবেও এই সময় খুব ভাল। নতুন চুক্তিত মুনাফা বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে। অন্য চাকৰিয়াল মীন ৰাশিৰ জাতকৰ বাবেও এই সময় শুভ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















