অসম লাইভ২৪ঃ মঙলবাৰে এক্স হেণ্ডেলত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে তৃণমূল নেত্ৰী মহুৱা মৈত্ৰই। মহুৱা মৈত্ৰই তেওঁৰ ফোন হেকিঙৰ অভিযোগ আনিছে। মহুৱাই লিখিছে, ‘এপলৰ পৰা তেওঁলৈ এটা সতৰ্কবাণী আহিছে। তেওঁৰ আই ফোন কোনোৱে হেক কৰিবলৈ যত্ন কৰিছে। এক্স হেণ্ডেলত এই সতৰ্কবাণীৰ স্ক্ৰিনশ্বট শ্বেয়াৰ কৰিছে মহুৱাই। কেৱল মহুৱালৈকে নহয় এপলে এই সতৰ্কবাণী পঠিয়াইছে প্ৰিয়ংকা চতুৰ্বেদী, শশী থাৰুৰ, ৰাঘৱ চাড্ডা, অখিলেছ যাদৱ, সীতাৰাম য়েছুৰী আৰু পৱন খেৰালৈকো।
মহুৱাই এই কথা টুইটত উল্লেখ কৰিছে তেনে নহয়। একেই পোষ্ট শ্বেয়াৰ কৰিছে শশী থাৰুৰেও। শশী থাৰুৰে লিখিছে, তেঁৱো এপলৰ পৰা এনে সতৰ্কবাণী লাভ কৰিছে। কেৱল সতৰ্কবাণী লাভ কৰায় নহয় এপল আইডিৰ পৰা তেওঁলোকলৈ ই মেইলো আহিছে। সেই মেইলৰ স্ক্ৰিণশ্বট পোষ্ট কৰিলে কেন্দ্ৰীয় শশী থাৰুৰে। শশী থাৰুৰে লিখিছে, ‘চৰকাৰৰ বেকাৰ কৰ্মচাৰীসকলক আমাৰ দৰে কৰদাতা লোকৰ সৈতে ব্যস্ত ৰাখিবলৈ পায় ভাল লাগিছে।’ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী দপ্তৰক এই বিষয়ে প্ৰশ্ন কৰিছে থাৰুৰে। থাৰুৰৰ প্ৰশ্ন, ‘এইবোৰক বাদ দি অইন কোনো জৰুৰী কাম নাই নেকি প্ৰধানমন্ত্ৰীৰ?’
এই সমগ্ৰ বিষয়টোক লৈ এইবাৰ সংবাদমেল সম্বোধন কৰিছে বিৰোধী নেতা তথা সাংসদ ৰাহুল গান্ধীয়েও। ৰাহুলে সংবাদমেলত বিষয়টোক লৈ মন্তব্য কৰিবলৈ গৈ আকৌ এবাৰ টানি আনিছে আদানী প্ৰসংগ।
আদানীয়ে টেক্স চুৰি কৰি সম্পত্তি বঢ়াইছেঃ ৰাহুল
ৰাহুলে কয়, ‘দেশৰ মানুহৰ কষ্টোপাৰ্জিক ধন আদানীৰ জেপত সোমাইছে। আমি কয়লা ব্যৱহাৰ কৰিছো তাতো আদানীৰ টেক্স, ট্ৰেইনত উঠিছো তাতো আদানীৰ টেক্স, এনেকৈয়ে এটা এটাকৈ দেশৰ মানুহৰ অৰ্থ মোদীৰ জৰিয়তে গৈ আদানীৰ পকেটত সোমাইছে।’
আমি ভয়াতুৰ নহয়, আমি যুঁজিমঃ ৰাহুল
প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি ৰাহুলে কয়, ‘দেশবাসীক ভুৱা সপোন দেখুওৱাই এতিয়া নিজে চকু মুদি আছে। সমস্যাৰ কথা ক’লেই মোদী আঁতৰি থাকে। আমি জানো হেকিং, ইডি, চিবিআইৰ সকিয়নী সকলোবোৰ মোদীয়েই কৰি আছে। এইবোৰ কৰি আমাক ভয় খুৱাব বিচাৰিছে। আমি ভয় খোৱাসকলৰ ভিতৰৰ নহয়, আমি ইয়াৰ বিৰুদ্ধে যুঁজ কৰিম।’
আদানীৰ হাতত দেশক তুলি দিছে মোদীয়েঃ ৰাহুল
ৰাহুলে এই সন্দৰ্ভত কয়, ‘আদানীৰ হাতত দেশৰ সমস্ত জাহাজ, বন্দৰ তুলি দিছে। দেশৰ সকলো বিমানবন্দৰ মোদীয়ে আদানীৰ হাতত তুলি দিছে। দেশৰ খাদ্যৰ মূল উৎস হৈছে কৃষিক্ষেত্ৰ। মোদীয়ে এইবাৰ আদানীৰ সুবিধাৰ্থে আইনো বনাইছে। আপুনি যি ৰাস্তাৰে খোজ কাঢ়ে সেই ৰাস্তা নিৰ্মাণৰ চিমেণ্টো আদানীৰেই। সমগ্ৰ দেশেই এতিয়া আদানীৰ লগতে দুই তিনিজনৰ হাতত তুলি দিছে প্রধানমন্ত্ৰী মোদীয়ে।’
এপলৰ সতৰ্কবাৰ্তা
ৰাহুলে কয়, ‘বৰ্তমানৰ সকলোবোৰ সমস্যাৰ পৰা নজৰ আঁতৰাই এইসমূহত নজৰ ৰখাত ব্যস্ত হৈ পৰিছে বিৰোধী। এই কাম কৰাবলৈকে মোদীয়ে এনে কাম কৰিছে। সংবাদমেলত ৰাহুলে উল্লেখ কৰিছে যে এপলৰ পৰা স্পষ্টকৈ এই বিষয়ে জনোৱা হৈছে। ৰাহুলে কৈছে, ‘এপলে ভাৱিছে আপোনাৰ এপল আইডিৰ সুৰক্ষা বিঘ্নিত কৰিবলৈ একাংশ হেকাৰে চেষ্টা অব্যাহত ৰাখিছে।’
যিসকলে এই বাৰ্তা লাভ কৰিছে তেওঁলোকে কোনোবা নহয় কোনোবা প্ৰকাৰে আদানী আক্ৰমণৰ সৈতে যুক্ত
ৰাহুলে কয়, বিৰোধী জোঁট ইণ্ডিয়াৰ যিসকলে এপলৰ পৰা এই বাৰ্তা লাভ কৰিছে তেঁওলোক প্ৰত্যেকেই কোনোবা প্ৰকাৰে আদানী আক্ৰমণৰ সৈতে যুক্ত হৈ আছে। তালিকাত মহুৱা মৈত্ৰও আছে। ইয়াৰোপৰি সুপ্ৰিয়া ছুল, টি এছ সিংহ, কে চি বেণুগোপালৰ নামো উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰো বহুসংখ্যক নেতাই এপলৰ পৰা এই নটিছ লাভ কৰিছে। এই সমস্ত ফোন হেকিঙৰ চেষ্টা, ই ডি চিবিআইৰ ভয় দেখোৱাৰ প্ৰকৃত কাৰণ আদানী। কাৰণ বিৰোধীয়ে এতিয়া সঠিক জেগাত নিছানা লগাইছে। দেশৰ ৰাজনীতিৰ গোপন সত্য বুজি পাইছে বিৰোধীয়ে। সেয়ে এইবাৰ ফোন হেকিঙৰ কাম আৰম্ভ কৰিছে শাসক দলে।
ফোন হেকিঙৰ চেষ্টা প্ৰকৃততে বিৰোধীক অন্য কামৰ পৰা নজৰ কঢ়াৰ কৌশলঃ ৰাহুল
বিৰোধী নেতা-নেত্ৰীসকলৰ ফোন হেকিঙৰ চেষ্টা কৰা হৈছে মঙলবাৰে এটা পোষ্ট এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল মহুৱা মৈত্ৰই। ইণ্ডিয়া জোঁটৰ সদস্য প্ৰিয়ংকা চতুৰ্বেদীষ শশী থাৰুৰ, ৰাঘৱ চাড্ডা, অখিলেশ যাদৱ, সীতাৰাম য়েছুৰী, পৱন খেৰাইয়ো এপলৰ সতৰ্কবাৰ্তা লাভ কৰিছে। ৰাহুল গান্ধীয়ে স্পষ্টৰূপত প্ৰকাশ কৰিছে যে এই হেকিং প্ৰক্ৰিয়া আৰম্ভ কৰি শাসক দলে সকলো ইচ্ছ্যুৰ পৰা বিৰোধীক আঁতৰাবলৈ চেষ্টা কৰিছে। মোদীয়ে বিচাৰিছে বিৰোধীয়ে এইবোৰত লাগি থাকক আৰু মনে মনে আৰু কিবাকিবি সম্পদ তেওঁ বিক্ৰি কৰি থাকিব।
প্রধানমন্ত্ৰীৰ প্ৰাণ আছে আদানীৰ শৰীৰতহেঃ ৰাহুল গান্ধী
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয়, ‘আপোনালোকে ভাৱে যে ভাৰতৰ নম্বৰ ৱান প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। নম্বৰ টু হৈছে অমিত শ্বাহ। কিন্তু এয়া প্ৰকৃততে নহয়। ভাৰতৰ নম্বৰ ৱান হৈছে আদানী। মোদী নম্বৰ টু, আৰু নম্বৰ থ্ৰী হৈছে শ্বাহ। ৰাহুলে কয়, দেশৰ ৰাজনীতিৰ নিউক্লিয়াছেই আদানী এই কথা সকলোৱে বুজি উঠিছে।’ আইফোন হেকিঙৰ কথা ক’বলৈ গৈ ৰাহুলে এটা কাহিনীও উল্লেখ কৰিছে। ৰাহুলে এই সন্দৰ্ভত কয়, ‘ৰজাৰ কাহিনী এতিয়া সলনি হৈছে। মই ভাটৌৰ কাহিনী এটাহে ক’ব খুজিছো. ৰজাৰ প্ৰাণ লুকাই আছিল ভাটৌৰ শৰীৰত। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰাণো আছে আদানী নামৰ ভাঁটৌটোৰ দেহত।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ