অসম লাইভ২৪ঃ চাওঁতে চাওঁতেই জীৱনৰ ৫০টা বসন্ত পাৰ কৰিলে প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনে। কিন্তু তেওঁৰ গ্লেমাৰ, সৌন্দৰ্যক আজিও পিছপেলাব পৰা নাই কোনো এগৰাকী বলীউড অভিনেত্ৰীয়েই। জীৱনৰ হাফ চেঞ্চুৰীৰ এই বিশেষ দিনটোত বহুজনেই ঐশ্বৰ্যক বিভিন্ন মাধ্যমেৰে জনাইছে শুভকামনা। বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই দিনটো কেনেকৈ পাৰ হয় তাকে চাবলৈকে ৰৈ আছে অনুৰাগীও। কিয়নো সামাজিক মাধ্যমত খুবেই সক্ৰিয় ঐশ্বৰ্য। ব্যক্তিগত জীৱনৰ সুন্দৰ মুহূৰ্তসমূহৰ ছবি সামাজিকমাধ্যমত প্ৰায়েই শ্বেয়াৰ কৰে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যই।
ঐশ্বৰ্য একাধাৰে সফল অভিনেত্ৰী, প্ৰাক্তন বিশ্বসুন্দৰী, বচ্চন পৰিয়ালৰ বোৱাৰী। কিন্তু ঐশ্বৰ্যই নিজকে অভিনেত্ৰী হিচাপে গঢ় দিয়াৰ পৰিকল্পনা মুঠেও কৰা নাছিল। ঐশ্বৰ্যৰ সপোন আছিল এগৰাকী চিকিৎসক হোৱাৰ। ঐশ্বৰ্যৰ ৫০ বছৰীয়া ওপজা দিনত জানি থওক তেওঁৰ জীৱনৰ পাঁচটা অজানা তথ্য। বলীউডৰ সফল অভিনেত্ৰী হিচাপে দৰ্শকৰ দৰবাৰত পৰিচিত ঐশ্বৰ্য ৰায় বচ্চন। ভাৰতীয় ছবিৰ ওপৰিও হলীউড ছবিতো কাম কৰিছে ঐশ্বৰ্যই। কিন্তু ঐশ্বৰ্যই হলীউডত বিশেষ লাইমলাইট লাভ নকৰিলে।
নৱম শ্ৰেণীৰ পৰাই বিজ্ঞাপন ক্ষেত্ৰত আছে ঐশ্বৰ্য
নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰে পৰাই বিজ্ঞাপন ক্ষেত্ৰত আছে ঐশ্বৰ্য। সেই সময়তেই প্ৰথম এটা বিজ্ঞাপনত কাম কৰিছিল ঐশ্বৰ্যই। স্কুলত পঢ়ি থকাৰ সময়তেই তেওঁ পেঞ্চিলৰ বিজ্ঞাপনৰ কাম কৰাৰ সুযোগ লাভ কৰিছিল।
চিকিৎসক হোৱাৰ সপোন
বৰ্তমান বলীউডৰ প্ৰথম শাৰীৰ তাৰকাসকলৰ মাজত অন্যতম ঐশ্বৰ্য। বিশ্বজুৰি তেওঁৰ খ্যাতি। ২৬ বছৰৰ কেৰিয়াৰত একাধিক হীট ছবি দৰ্শকক উপহাৰ দিছে ঐশ্বৰ্যই। কিন্তু অভিনেত্ৰী হোৱাৰ সপোন কোনো দিনেই দেখা নাছিল তেওঁ। অভিনেত্ৰী হোৱাৰ সপোন নাথাকিলেও তেওঁৰ প্ৰথম পছন্দ আছিল মডেলিং। কলেজত তেওঁৰ ডিপাৰ্টমেণ্ট আছিল Zoology And Botany, পঢ়ি থকাৰ সময়ত তেওঁ ভাৱিছিল আৰ্কিটেকছাৰ বা স্থাপত্য কলা বিষয়ত পঢ়া শুনা কৰাৰো মন আছিল বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যৰ। কিন্তু ভৱা কথা জানো সকলো সিদ্ধি হয়। সকলোবোৰ এৰি ঐশ্বৰ্যৰ মডেলিং কেৰিয়াৰেই তেওঁক বলীউড অভিনেত্ৰী হিচাপে গঢ় দিলে।
ঐশ্বৰ্যৰ নামত ফুলো আছে
নেদাৰলেণ্ডছৰ জনপ্ৰিয় কেউকেনহফ বাগানৰ এটা বিৰল প্ৰজাতিৰ টিউলিপৰ নামকৰণ কৰা হৈছে প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে। এগৰাকী অভিনেত্ৰীৰ নামেৰে এবিধ ফুলৰ নামকৰণ কৰা হৈছে। এই ফুলৰ নামকৰণেৰে ঐশ্বৰ্যৰ সুন্দৰতাৰ প্ৰশংসাই কৰা হৈছে।
কাঁ ৰ মঞ্চত প্ৰথম ভাৰতীয় ষ্টাৰ
বলীউড ছবিত ঐশ্বৰ্য ৰায় বচ্চনৰ অনবদ্য অৱদানৰ কথা অস্বীকাৰ কোনোৱে কৰিব নোৱাৰে। বিশ্বৰ দৰবাৰ তথা চিনে ক্ষেত্ৰত অন্যতম শ্ৰেষ্ঠ সন্মান প্ৰদৰ্শনৰ মঞ্চ কাঁ চলচ্চিত্ৰ উৎসৱ। প্ৰথন ভাৰতীয় তাৰকা হিচাপে ২০০৩ চনত কাঁৰ মঞ্চত ভৰি দিছিল ঐশ্বৰ্যই। ইয়াৰপাছতেই কাঁ চলচ্চিত্ৰ উৎসৱত প্ৰতিবাৰেই উপস্থিত থাকে ঐশ্বৰ্য ৰায় বচ্চন। উল্লেখ্য যে কাঁৰ মঞ্চত তেওঁৰ লুকছ চাবৰ বাবেই ৰৈ থাকে দেশী বিদেশী বহু অনুৰাগী।
ডায়েটত অনীহা
ৰূপালী দুনীয়াৰ এজন ষ্টাৰে যেতিয়া ডায়েট পছন্দ নকৰে বুলি কোৱা হয় তেতিয়া সকলোৱে শুনি আচৰিত হয়। আচৰিত যেন লাগিলেও এয়াই সত্য যে ঐশ্বৰ্যই ডায়েট একেবাৰেই নকৰে। সাক্ষাৎকাৰত প্ৰাক্তন বিশ্বসুন্দৰীয়ে জনোৱা অনুসৰি তেওঁ আৰু অভিষেকে দুজনেই খাদ্যগ্ৰহণৰ সময়ত কিমান কেলৰি খাইছে সেয়া ভাৱি খাদ্য গ্ৰহণ নকৰে। ভালপোৱা সকলো খাদ্যই তেওঁলোকে ইচ্ছানুসৰি গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ