অসম লাইভ২৪ঃ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনত্ৰয়োদশী বা ধনতেৰছ পালন কৰা হয়। এই তিথিত ধন্বন্তৰী, লক্ষ্মী আৰু কুবেৰৰ পূজা কৰা হয়। ইয়াৰোপৰি কোনো সামগ্ৰী ক্ৰয়ৰ বাবেও এই তিথি অতি উত্তম। ধনতেৰছত স্থাবৰ অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিলে ইয়াৰ গুণো বৃদ্ধি পায়। সেয়ে ধনতেৰছত কাপোৰ ক্ৰয় কৰাৰ ওপৰিও সোন, ৰূপ ক্ৰয় কৰা হয়। এই বছৰ ধনতেৰছ কেতিয়া? ধনতেৰছৰ দিনা কোন সময়ত সম্পত্তি ক্ৰয় কৰাটো শুভ?
কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। ত্ৰয়োদশী তিথি আৰম্ভ হৈছে ১০ নৱেম্বৰৰ দুপৰীয়া ১২ বাজি ৩৫ মিনিটত। ত্ৰয়োদশী তিথি শেষ হ’ব ১১ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ৫৭ মিনিটত। প্ৰদোষ কালত ধনতেৰছৰ পূজা কৰিলে শুভ। সেয়ে ১০ নৱেম্বৰতেই ধনতেৰছ প্ৰায়সংখ্যকে পালন কৰিব। ধনতেৰছ পূজাৰ শুভক্ষণ সন্ধিয়া ৬বাজি ২ মিনিটৰ পৰা নিশা ৮বজালৈকে। পূজাৰ বাবে হাতত থাকিব ১ ঘণ্টা ৫৮ মিনিট সময়।
ধনতেৰছৰ দিনা সোন, ৰূপ, পিতলৰ বাচন ক্ৰয় কৰাটো শুভ। ধনতেৰছত সোন-ৰূপ ক্ৰয়ৰ শুভ সময় হৈছে ১০ নৱেম্বৰ দুপৰীয়া ২বাজি ৩৫মিনিটৰ পৰা ১১ নৱেম্বৰৰ পুৱা ৬বাজি ৪০ মিনিট পৰ্যন্ত। ধনতেৰছ তিথিত প্ৰদোষকালত উত্তৰ দিশত কুবেৰ আৰু ধন্বন্তৰী দেৱৰ মূৰ্তী স্থাপন কৰিব। কুবেৰ আৰু ধন্বন্তৰীৰ ওপৰিও লক্ষ্মী-গণেশৰ প্ৰতিমা বা মূৰ্তী স্থাপন কৰক। কুবেৰ, ধন্বন্তৰী, লক্ষ্মী-গণেশৰ আশীৰ্বাদ লাভৰ বাবে প্ৰদীপ প্ৰজ্জ্বলিত কৰি পূজা কৰিলে শুভ। সকলো দেৱ দেৱীক তিলক কৰাৰ ওপৰিও ধূপ, দীপ, পুষ্প, ফল ইত্যাদি নিবেদন কৰক।
কুবেৰক বগা আৰু ধন্বন্তৰীক হালধীয়া ৰঙৰ ৰসগোল্লা ভোগ নিবেদন কৰিব। ধনতেৰছৰ পূজাৰ সময়ত ওম হৃীং কুবেৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত কুবেৰ শীঘ্ৰে প্ৰসন্ন হ’ব। ধন্বন্তৰীক সুখী কৰিবলৈ এই তিথিত ধন্বন্তৰী স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত জীৱনত উন্নতি হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ