ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনাত স্ৰিয়ামান এতিয়া সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি সকলোৱে এই ঘটনাক লৈ শোকব্যক্ত কৰিছে। ঘটনাত নিহত আৰু আহত সকলোৰে ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালক নুৰ আলমৰ ঘৰতো এতিয়া বুজাব নোৱাৰা এক পৰিৱেশ।
অভয়াপুৰীৰ বেহুলাপাৰাত ঘৰ ট্ৰাক চালক গৰাকীৰ ঘৰ। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে এই দুৰ্ঘটনাত ১৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৩গৰাকী শিশু বুলি জানিব পৰা গৈছে।
আনফালে একেটা পৰিয়ালৰে ৪গৰাকীকৈ সদস্যৰ মৃত্যুৰো খবৰ আহিছে। ইফালে দেৰগাঁৱৰ উক্ত গাঁৱখনতো এতিয়া হাহাঁকাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















