অসম লাইভ২৪ঃ অৱসৰ ঘোষণা কৰিছে বক্সিঙৰ অলিম্পিক পদকজয়ী মেৰিকমে। বুধবাৰে নিশা অৱসৰৰ কথা ঘোষণা কৰে কিংবদন্তি বক্সাৰগৰাকীয়ে। এই সিদ্ধান্তৰ আঁৰত তেওঁৰ বয়সসীমা বুলিও তেওঁ উল্লেখ কৰিছে।
আন্তৰ্জাতিক বক্সিং এছচিয়েছনৰ নিয়ম অনুসৰি পুৰুষ আৰু মহিলা বক্সাৰসকলে ৪০বছৰ পৰ্যন্ত প্ৰতিযোগিতাসমূহত অংশ ল’ব পাৰে। মেৰিকমৰ বয়স এতিয়া ৪১ বছৰ। ফলত খেলৰ নিয়মৰ কাৰণে নিজৰ বক্সিং গ্লভছ খুলি ৰখাৰ সিদ্ধান্ত লয়। বুধবাৰে নিশা অৱসৰ ঘোষণা কৰি মণিপুৰৰ ক্ৰীড়াবিদগৰাকীয়ে কয়, ‘মই আৰু কিছুদিন ৰিঙত থাকিম ভাৱিছিলো। কিন্তু বয়সৰ কাৰণে অৱসৰ ল’বলৈ বাধ্য হ’লো।’
এইখিনিতেই উল্লেখ কৰা প্ৰয়োজন যে ২০১২ চনৰ লণ্ডন অলিম্পিকত ৫১ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক জয়ী প্ৰথম ভাৰতীয় বক্সাৰ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিছিল মেৰিকমে। বক্সিং ইতিহাসত অইন বহু ৰেকৰ্ডো গঢ়িছে মেৰিকমে। মেৰিকম বিশ্বৰ প্রথম মহিলা বক্সাৰ হিচাপে ৬বাৰ বিশ্ব চেম্পিয়নৰ খিতাপো জয় কৰিছে। একেই সময়তে মণিপুৰৰ এইগৰাকী ক্ৰীড়াবিদেই ভাৰতৰ প্রথম মহিলা বক্সাৰ যিয়ে এছিয়ান গেমছো জয় কৰিছে। ২০০৬চনত মেৰিকমক পদ্মশ্ৰী আৰু ২০০৯ চনত দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ