আই চি ইউত ভৰ্তি অভিনেত্ৰী, ব্ৰেইন ডেড হোৱাৰ ভয়, চিকিৎসাৰ বাব হাহাকাৰ
দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বৰ্তমানে চিকিৎসাৰ বাবে হাহাকাৰ কৰি আছে। আই চি ইউত থকা অভিনেত্ৰীগৰাকীৰ ব্ৰেইন ডেড হোৱাৰ সম্ভাৱনা থকা বুলি সদৰি চিকিৎসকৰ।
ভাতৃৰ সৈতে কোনো স্থানত বাইকেৰে গৈ থাকোতে ১৪ মাৰ্চৰ নিশা দুৰ্ঘটনাত পৰে তামিল ইণ্ডাষ্ট্ৰিৰ অভিনেত্ৰী অৰুন্ধতি নায়ৰ। দুৰ্ঘটনাটো ইমানে বেয়াকৈ হয় যে, লগে লগে আই চি ইউত ভৰ্তি কৰোৱা হয়। চিকিৎসকে সেয়া ব্ৰেইন ডেড যাৰ অৰ্থ প্ৰায় মৃত্যুৱে হোৱাৰ আশংকা কৰিছিল।
অনতি পলমে অৰুন্ধতিৰ অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন। পাছে আৰ্থিক অনাটনৰ বাবে সেয়া কৰিব পৰা নাই। আনহাতে তামিল ইণ্ডাষ্ট্ৰিয়েও বৰ্তমানলৈ কোনো সহায় আগবঢ়োৱা নাই। যাৰ বাবে এতিয়া আৰ্থিক সংগ্ৰহত নামি পৰিছে অৰুন্ধতিৰ কো ষ্টাৰ সকল।
বাহুবলী খ্যাত ৰাম্যায়ো অৰুন্ধতিৰ বাবে নিজে সহায় আগবঢ়োৱাৰ লগতে অন্য সকলৰ পৰাও সহায় বিচাৰিছে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















