• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

3 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

4 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

4 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

5 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

6 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

6 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

6 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

7 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

8 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

editor by editor
April 29, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দক্ষিণাত্যৰ ৰাজনীতি তোলপাৰ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ যৌন কেলেংকাৰী সংক্ৰান্তিয় ভিডিঅ’ৰে৷ বিষয়টোক কেন্দ্ৰ কৰি অস্বস্তিত ভূগিছে বিজেপিও৷ বিজেপি দলৰ সৈতে এই ঘটনাৰ কোনো যোগসূত্ৰ নাই যদিও দক্ষিণাত্যত JD(S)-ৰ বিজেপি নেতৃত্বাধীন NDA জোঁট আছে৷ JD(S) নেতাৰ এই মাৰাত্মক কেলেংকাৰীয়ে লজ্জাত পেলাইছে বিজেপি দলকো৷

JD(S)ৰ ভিতৰুৱা কথা বুলি বিজেপিৰ নেতাসকলে ছাফাই দিলেও এই কেলেংকাৰীত জড়়িত পৰিয়ালৰ সৈতে সম্পৰ্ক থকাৰ বাবে প্রশ্নৰ সন্মুখীন হৈছে বিজেপি৷ এই ঘটনাক লৈ কৰ্ণাটকৰ এজন বিজেপি নেতাই ৰাজ্যিক সভাপতিলৈ লিখা এখন চিঠিত উল্লেখ আছে কেইবাটাও ভয়ংকৰ দাবী৷ বিষয়টোক লৈ পূৰ্বেই দলক সঁকীয়াই দিছিল বিজেপিৰ নেতাজনে৷

JD(S)ৰ সৈতে জোঁট বান্ধিলে ভৱিষ্যতে BJP ৰ মুখ কলা হোৱাৰো ইংগিত দিছিল বিজেপিৰ নেতাজনে৷ তেতিয়াই সেইগৰাকী নেতাই দাবী কৰিছিল যে কংগ্ৰেছ নেতাই পৰিকল্পিতভাৱে JD(S) নেতাৰ যৌন কেলেংকাৰীৰ ভিডিঅ’ ভাইৰেল কৰিছে৷ ভৱিষ্যতে বিষয়টোক লৈ ডাঙৰ ইছ্যু তৈয়াৰৰো সম্ভাৱনা আছে৷ এই বিষয়টোক লৈ মুখ খুলিছে JD(S)ৰ ছুপ্ৰিমো এইচ ডি কুমাৰস্বামীয়েও৷ মাতৃ-ভগ্নীসকলক উদ্দেশ্য কৰি তেওঁ আশ্বাস দিছে, ‘ভয় কৰাৰ কাৰণ নাই৷ কোনোৱে যদি দোষ কৰিছে শাস্তি পাবই৷ তেওঁ যিমানেই ডাঙৰ মানুহ নহওক কিয়? মাতৃ-ভগ্নীসকলৰ সৈতে সদায়ে JD(S) দল আছে৷’

চিঠিত কি দাবী কৰিছে নেতাজনে?

সেই বিশেষ চিঠিত বিজেপি  নেতাজনে দাবী কৰিছে যে এটা পেনড্ৰাইভত ইতিমধ্যেই কংগ্ৰেছৰ হাত পৰিছে৷ সেই পেনড্ৰাইভত প্ৰায় ৩ হাজাৰ যৌন কেলেংকাৰী সংক্ৰান্তীয় ভিডিঅ’ আছে৷ প্ৰতিটো ভিডিঅ’ত মহিলাৰ সৈতে যৌন নিগ্ৰহ কৰাৰ ৰেকৰ্ড আছে বুলিও দাবী কৰিছে বিজেপিৰ নেতাগৰাকীয়ে৷

চিঠিখনত নেতাজনে দাবী কৰিছে যে ভিডিঅ’ৰ ফুটেজসমূহ মহিলাসকলক ব্লেকমেইল কৰিবলৈকে ব্যৱহাৰ কৰিছিল ৰেভান্নাই৷ এইসমূহ ভিডিঅ’ কংগ্ৰেছে যদি ভাইৰেল কৰে তেন্তে  বিপদত পৰিব BJP-JD(S)৷ কৰ্ণাটক বিজেপিৰ ৰাজ্যিক সভাপতি বি-ৱাই বিজেন্দ্ৰক ৮ ডিচেম্বৰ ২০২৩ত এই চিঠি লিখিছিল দেৱৰাজ গৌড়াই৷ ২০২৩ চনত বিধানসভা নিৰ্বাচনত দলৰ হোলেন ৰছিপুৰাৰ প্ৰাৰ্থী হৈছিল দেৱগৌড়া৷ চিঠিত তেওঁ লিখিছে, ‘JD(S)ৰ এন ডি এ প্ৰাৰ্থী প্ৰজ্বল ৰেভান্নাসহ এইছ ডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো  নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে৷ ৰেভান্নাৰ এনে এক পেন ড্ৰাইভ আছে য’ত ২৯৭৬ টা অশ্লীল ভিডিঅ’ আছে৷ ভিডিঅ’সমূহত একাধিক মহিলা চৰকাৰী কৰ্মকৰ্তাও আছে৷ যৌন নিগ্ৰহৰ ছবি আৰু ভিডিঅ’ সম্বন্ধিত এটা পেনড্ৰাইভ কংগ্ৰেছন নেতাৰ হাতত গৈ পৰিছে৷ ভৱিষ্যতে এওঁলোকক বিজেপিৰ সৈতে ৰাখিলে বিপদত পৰিব পাৰে বিজেপি দল৷ যদি আমি JD(S)ৰ সৈতে লোকসভা নিৰ্বাচনত যুঁটীয়াভাৱে প্ৰাৰ্থী দিও তেন্তে এই ভিডিঅ’সমূহ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ হৈ আমাক হৰুৱাই দিয়াটো ডাঙৰ কথা নহয়৷’

উল্লেখ্য যে বিজেপিৰ নেতাগৰাকীয়ে স্পষ্টৰূপত চিঠিত লিখিছিল সাম্ভাৱ্য বিপদৰ কথা৷ ধৰ্ষকৰ পৰিয়ালৰ সৈতে জোঁট বন্ধাটো একেবাৰে বেয়া কথা হৈছে৷ এই কাৰ্যই বিজেপিৰ ভাৱমূৰ্তিৰ বাবে এক বৃহৎ ধাক্কা হ’ব৷ এই কথা পূৰ্বেই সঁকীয়াই দিছিল বিজেপি নেতাই৷ ইফালে প্ৰজ্বল ৰেভান্নাৰ যৌন কেলেংকাৰীৰ ঘটনা প্ৰকাশ্যে আহোতেই প্ৰাক্তন মুখ্যমন্ত্ৰী এই ডি কুমাৰস্বামীৰ ঘনিষ্ঠ বুলি পৰিচিত জনতা দল বা JD(S)ৰ বিধায়কে সোমবাৰে দলৰ সাংসদ প্ৰজ্জ্বল ৰেভান্নাক বহিষ্কাৰৰ দাবী জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
১০ বছৰত দুগুণ হ’ল সম্পত্তি! স্মৃতি ইৰাণীৰ সমান্তৰালকৈ বাঢ়িছে স্বামী জুবিন ইৰাণীৰো সম্পত্তি, জানক আমেঠি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নেটৱৰ্থ কিমান?

১০ বছৰত দুগুণ হ’ল সম্পত্তি! স্মৃতি ইৰাণীৰ সমান্তৰালকৈ বাঢ়িছে স্বামী জুবিন ইৰাণীৰো সম্পত্তি, জানক আমেঠি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নেটৱৰ্থ কিমান?

এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.