• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

13 minutes ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

44 minutes ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 hour ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

2 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

3 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

4 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

4 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

5 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

5 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

7 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা

editor by editor
June 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এইবাৰ হজৰ সময়ত ৬টা কাৰণত মক্কাত বাঢ়িছে মৃতকৰ সংখ্যা
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰেই লাখ লাখ মুছলমান ছৌদী আৰৱলৈ হজৰ বাবে যায়৷ কিন্তু পূৰ্বতকৈ এইবাৰ ছৌদীলৈ গৈ বহু মানুহে মৃত্যুক সাবটি লৈছে৷ ছৌদী আৰৱৰ হজৰ সৈতে জড়িত কৰ্মকৰ্তাসকলে তীব্ৰ সূৰ্যতাপ আৰু গৰমৰ মাজত বিশ্ৰামো পৰ্যাপ্ত হোৱা নাই বাবে বেছিভাগ মৃত্যু হৈছে বুলি জনাইছে এক আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷

আৰ্থিক আৰু শাৰীৰিকভাৱে বিশেষ সক্ষম মুছলমান লোকৰ বাবে ধৰ্মীয় বাধ্যবাধকতাৰে এই যাত্ৰা বুধবাৰে শেষ হৈছে৷ এই যাত্ৰাত ১০খন দেশৰ নাগৰিকে হেৰুৱাইছে প্ৰাণ৷ এইবছৰ ছৌদীত গৰমৰ পৰিমান বৃদ্ধি পাইছে, গৰমৰ বাবেই বেছিভাগ যাত্ৰী অসুস্থ হৈ পৰিছে৷ ছৌদী কৰ্তৃপক্ষই জনোৱামতে এই বছৰ প্ৰায় ১৮ লাখ ৩০ হাজাৰ হজযাত্ৰীয়ে তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰিছে৷ এই সংখ্যাৰ ১৬ লাখেই বিদেশৰ পৰা ছৌদীলৈ গৈছে৷ এইসকলৰ ভিতৰত বৰ্তমানলৈকে ১৩০০ ৰো অধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে৷ যাত্ৰীৰ মৃত্যুক লৈ ইতিমধ্যে ছৌদী প্ৰশাসনে দাঙি ধৰিছে ৬টাকৈ কাৰণ৷

তাপমাত্ৰা বৃদ্ধি

এইবাৰ ছৌদীৰ তাপমাত্ৰা ৫১.৮ ডিগ্ৰি ছেলচিয়াচ পৰ্যন্ত বাঢ়িছে৷ এই পৰিস্থিতিয়েই হজযাত্ৰীৰ মৃত্যুৰ প্ৰধান কাৰণ হৈ উঠিছে৷ উচ্চতাপ আৰু পানীশূন্যতাৰ বাবে হাওঁফাওঁয়ে কাম নকৰাৱ হৈছে৷ ফলত হীটষ্ট্ৰোকত আক্ৰান্ত হৈছে বহুলোক৷ মৃতকসকলৰ ভিতৰত অধিকাংশই মিছৰৰ৷ এগৰাকী আৰৱীয়াৰ কূটনীতিবিদে জনোৱা অনুসৰি মিছৰৰ ৬৫৮গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷ মৃত্যুৰ কাৰণ চৰম তাপ৷ এই মৃতযাত্ৰীসকলৰ বেছিভাগৰেই হজৰ পাৰমিটো নাই৷ ফলত তেওঁলোকে নিৰ্ধাৰিত সুযোগ সুবিধাসমূহ লাভ কৰা নাছিল৷

এগৰাকী নাইজেৰিয়ান হজযাত্ৰীয়ে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত এই সন্দৰ্ভত কৈছে, ‘ইমান গৰম কি কম৷ কেৱল আল্লাহৰ ৰহমতৰ বাবে মই জীৱন্তে ওভতিছো৷ তাত আমি ছাদত আছিলো৷ ছাদত ইমানেই গৰম যে লাগে যেন একুৰা জুই কাষত জ্বলি আছে৷ আমি ছাতি লৈ আছিলো৷ জমজম পানী দি নিজৰ গাটো অলপকৈ তিঁয়াই লৈছিলো৷ এসময়ত মই অজ্ঞানো হৈ পৰিছিলো৷ তেতিয়া কোনো এগৰাকী যাত্ৰীয়ে মোক ছাতিৰ তলত শোৱাই লৈছিল৷ মই বুজাই ক’ব নোৱাৰো এই গৰম কিমান৷’

অত্যধিক ভিৰ আৰু পৰিচ্ছন্নতাজনিত সমস্যা

একাংশ যাত্ৰীৰ পৰা জনা গৈছে যে ছৌদী কৰ্তৃপক্ষৰ অৱ্যৱস্থাপনাৰ কাৰণেও বহু যাত্ৰীয়ে মৃত্যুক সাবটিছে৷ হজযাত্ৰীসকলৰ বাবে নিৰ্ধাৰিত বহু এলেকাত পৰিচ্ছন্নতাৰ অভাৱ দেখা গৈছ৷ মক্কাৰ তাপৰ কথা ক’ব নোৱাৰি, এয়াৰ কণ্ডিছনাৰ ৰুমো নাছিল৷ যিসমূহ কুলাৰ যোগান ধৰা হৈছিল সেইসমূহত বেছিভাগ সময়ে পানী নাছিল৷

পৰিবহন সমস্যা

প্ৰচণ্ড গৰমৰ বাবে খোজকঢ়াত অসুবিধা আহিছে৷ দীৰ্ঘ পথ খোজেৰে যাব লগা হোৱাৰ বাবেও বহুলোক অজ্ঞান হৈ পৰিছে৷ এগৰাকী হজযাত্ৰীয়ে জনোৱামতে দীৰ্ঘ ৭ কিঃমিঃ পথ তেওঁলোকে খোজকাঢ়ি যাব লগা হৈছিল৷ এই যাত্ৰাপথত এটুপি পানীও পাবলৈ নাই৷ পুলিছৰ বেৰিকেডৰ মাজে মাজে ৰ’দত যাত্ৰা কৰিব লগা হৈছিল৷ অপ্ৰয়োজনীয় কিছু বেৰিকেড বান্ধিছে ছৌদী চৰকাৰে৷ ৰ’দত খোজকাঢ়ি এটুপি পানী নাপায়েই বহুতে মৃত্যুক সাবটি লৈছে৷ ইয়াৰোপৰি তাত বনোৱা কেম্পসমূহত মানুহক পশুৰ দৰে ৰখা হৈছে৷ দুখন বিচনাৰ মাজত খোজ দিবলৈকো ঠাই নাই, ইয়াৰোপৰি এটা টয়লেটকেই শ শ মানুহে ব্যৱহাৰ কৰিবলগা হৈছে৷ গৰমত কোনো ৰোগ নথকা এজন ব্যক্তিয়েও যদি ১৫ কিঃমিঃ এটুপি পানী নোহোৱাকৈ খোজ কাঢ়ে তেন্তে হীটষ্ট্ৰোক হোৱাটো স্বাভাৱিক৷

চিকিৎসাত বিলম্ব

বহু হজযাত্ৰীয়ে প্ৰয়োজনৰ সময়ত চিকিৎসা লাভ কৰা নাই৷ তীব্ৰ গৰমত অন্য কোনো সাধাৰণ স্বাস্থ্যজনিত সমস্যা থাকিলেও সেয়া বাঢ়ি গৈছে৷ ফলত চিকিৎসকৰ সহায়ৰ বাবে আগবাঢ়োতে সহায় কৰিবলৈ চিকিৎসকৰ অভাৱ ঘটিছে৷  আনকি প্ৰাথমিক চিকিৎসাও লাভ কৰিবলৈ সক্ষম হোৱা নাই বহু হজযাত্ৰীয়ে৷ এম্বুলেঞ্চৰো অভাৱ ঘটিছে সেই স্থানত৷ এগৰাকী হজযাত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘আমাৰ লগৰ এজন যাত্ৰীয়ে ক্লাষ্টোফোবিয়াৰ বা শ্বাসৰুদ্ধকৰ পৰিস্থিতিত অক্সিজেনৰ প্ৰয়োজন আছিল তেতিয়া অনুৰোধ কৰা স্বত্বেও প্ৰায় ২৫ মিনিট পাছতহে এখন এম্বুলেঞ্চ আহিছিল৷ সেই এম্বুলেঞ্চত আছিল চিকিৎসকো৷  কিন্তু চিকিৎসকে দুই ছেকেণ্ডো আমাৰ ৰোগীগৰাকীৰ নাচালে৷ তাৰ সলনি কলে যে একো ৰোগ নাই৷’

ইফালে চৰকাৰী এক বিবৃত্তিত জনোৱা হৈছে যে ৬৫০০ বেডৰ ১৮৯ খন হাস্পতাল, স্বাস্থ্যকেন্দ্ৰ, মোবাইল ক্লিনিক, চিকিৎসা সেৱাত যুক্ত হৈছে ৪০ হাজাৰতকৈ বেছি চিকিৎসক, ইয়াৰোপৰি দিয়া হৈছে স্বেচ্ছাসেৱকো৷ তেওঁলোকে জনোৱামতে ৩৭০তকৈ বেছি এম্বুলেঞ্চ, ৭খন এয়াৰ এম্বুলেন্স, শক্তিশালী লজিষ্টিক নেটৱৰ্কসম্পন্ন ১২টাকৈ লেবৰটৰী, ৬০ খন সামগ্ৰী কঢ়িওৱা বিশেষ ট্ৰাক আৰু তিনিটা ভ্ৰাম্যমাণ চিকিৎসা সামগ্ৰী লোৱা দল নিয়োজিত হৈছে৷

নথিবিহীন ব্যক্তি

হজ কৰিবলৈ এগৰাকী হজযাত্ৰীয়ে চৰকাৰীভাৱে তেওঁৰ নথি জমা দিব লাগে৷ কিন্তু কিছু ব্যক্তিয়ে সঠিক কাগজ পত্ৰ অবিহনেই যাত্ৰা কৰিছে৷ এইসকল অনুমোদনবিহীন যাত্ৰীয়েই বেছিভাগ মৃত্যু হৈছে৷ তেওঁলোকে তাত প্ৰয়োজনীয় সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ যিসকলে চৰকাৰী ৰেজিষ্ট্ৰেচনেৰে এই দেশত প্ৰৱেশ কৰিছে তেওঁলোকৰ বাবে বিশেষ বাৰকোড থাকে৷ আৰু নথি নোহোৱাকৈ প্ৰৱেশ কৰাসকলৰ এই বাৰকোড নাথাকে৷

বয়োজ্যেষ্ঠ আৰু অসুখীয়া যাত্ৰী

হজ কৰিবলৈ জীৱনৰ শেষ বেলাতেই প্ৰায়সংখ্যক লোক আহে৷  আজীৱন সঞ্চয়ৰ পাচত বহুতেই আশা কৰে যে মৃত্যু হ’লেও যেন তাতেই হয়৷ ভাৰত, বাংলাদেশ আদি দেশৰ মুছলমান সমাজে হজলৈ গৈ মৃত্যু হ’লে শুভ বুলি ধাৰণা কৰে৷ তেওঁলোকৰ বাবে এই মৃত্যু সৌভাগ্যশালী জনেহে পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
আপোনাৰ কথা ভগৱানেও ভাৱে… এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

আপোনাৰ কথা ভগৱানেও ভাৱে... এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

প্ৰসাদৰ বাবে অধীৰ ভক্ত! অম্বুবাচীৰ প্ৰসাদ কেৱল এটুকুৰা ৰঙা কাপোৰ কিয়?

প্ৰসাদৰ বাবে অধীৰ ভক্ত! অম্বুবাচীৰ প্ৰসাদ কেৱল এটুকুৰা ৰঙা কাপোৰ কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.