• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

2 years ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

41 minutes ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

1 hour ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

3 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

3 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

5 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

6 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

6 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

7 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

7 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

7 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

editor by editor
June 29, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছবিগৃহত চলি আছে কল্কি৷ অমিতাভ বচ্চন, প্ৰভাছ, দীপিকা পাডুকনৰ বহু চৰ্চিত ছবি কল্কিক লৈ এতিয়া দেশজুৰি উত্তেজনা৷ প্ৰায়সংখ্যকেই ছবিৰ কাহিনী ভাল বুলি প্ৰশংসা কৰিছে৷ কল্কিৰ টিজাৰ ৰিলিজৰ পাছৰে পৰাই চৰ্চাত আছে ছবিখন৷ টিজাৰত দেখুওৱা পুৰণি মন্দিৰত শিৱলিংগৰ পুজা কৰা দেখা গৈছে অমিতাভ বচ্চনক৷ তাতেই এটি শিশুয়ে তেওঁক পৰিচয় সোধে৷ তেতিয়াই বিগ বিয়ে তেওঁৰ নাম অশ্বত্থামা, দ্বাপৰ যুগৰ পৰা আহিছো বুলি উত্তৰ দিয়ে৷ যুগ যুগ ধৰি তেওঁ মৰ্ত্যত আছে বুলিও জনায়৷

আমি প্ৰত্যেকেই অশ্বত্থামাৰ নাম শুনিছো৷ কিন্তু বহুতেই নাজানো যে দ্বাপৰ যুগৰ অশ্বত্থামা কিয় কলিযুগতো জীয়াই আছে৷ আমাৰ চৌপাশে বিচৰণ কৰি আছে৷ কল্কি চিনেমা চলি থকাৰ সময়তেই জানি  থওক অভিশপ্ত বীৰ যোদ্ধা অভিশাপৰ কাৰণে কেনেকৈ কলি যোগত জীয়াই আছে?

কোন এই অশ্বত্থামা?

পুৰাণ অনুসৰি অশ্বত্থামা দ্ৰোণাচাৰ্যৰ পুত্ৰ৷ ঋষি কৃপাচাৰ্যৰ ভনীয়েক কৃপিৰ সৈতে ঋষি দ্ৰোণাচাৰ্যৰ বিবাহ হৈছিল৷ সময় বাগৰিল৷ লাহে লাহে দুয়োৰে কোলালৈ কিন্তু সন্তান নাহিল৷ এই সময়ত দ্ৰোণাচাৰ্য আৰু কৃপিয়ে শিৱৰ কঠোৰ তপস্যা কৰিছিল৷ শিৱই সুখী হৈ দুয়োকে এটি পুত্ৰ সন্তান লাভৰ আশীৰ্বাদ দিয়ে৷ কৃপিৰ কোলা শুৱনি কৰি আহে এটি পুত্ৰ সন্তান৷ জন্মৰ পাছতেই ঘোঁৰাৰ মাতৰ দৰে স্বৰেৰে কান্দিবলৈ ধৰে শিশুটিয়ে৷ তেতিয়াই শিশুটিৰ নাম ৰখা হয় অশ্বত্থামা৷ শিৱৰ ভক্ত আছিল দ্ৰোণচাৰ্যৰ সেই পুত্ৰও৷

অমৰত্বৰ আশীৰ্বাদ দিয়ে শিৱই

শাস্ত্ৰ অনুসৰি শিৱই অশ্বত্থামাক অমৰত্বৰ আশীৰ্বাদ দিছিল৷ কেৱল সেয়াই নহয় জন্মৰ সময়ৰ পৰা তেওঁৰ ললাটত এক মণি আছিল৷ সেই মণিৰ কাৰণেই অশ্বত্থামাৰ কেতিয়াও পিয়াহ আৰু ভোক লগা নাছিল৷ মহাভাৰতৰ মহাকাব্য অনুসৰি প্ৰচণ্ড শক্তিশালী যোদ্ধা আছিল অশ্বত্থামা৷ তেওঁক পৰাস্ত কৰোৱাটো সেয়ে অতি কঠোৰ কাম আছিল৷

অভিশাপৰ কাৰণেই বিদ্যাও অসম্পূৰ্ণ হয়

কৌৰৱ আৰু পাণ্ডৱৰ গুৰু আছিল দ্ৰোণাচাৰ্য৷ তেওঁলোকৰ সৈতে শিক্ষা গ্ৰহণ কৰিছিল অশ্বত্থামাইয়ো৷ ক্ৰমশ কৌৰৱৰ ঘনিষ্ঠ হৈ পাণ্ডৱৰ বিৰুদ্ধে নানান ষড়যন্ত্ৰত অংশগ্ৰহণ কৰিছিল ঋষিপুত্ৰই৷ কিন্তু পুত্ৰ মোহৰ কাৰণে দ্ৰোণাচাৰ্যই সকলো দেখিও মনে মনে আছিল৷ আনকি অৰ্জুনৰ ওপৰিও অশ্বত্থামাকো ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ শিক্ষা দিছিল৷ অৰ্জুনে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ সম্পূৰ্ণ নিয়ম শিকি ল’লেও অশ্বত্থামাই কেৱল ব্ৰ হ্মাস্ত্ৰৰ আবাহন আৰু ক্ষেপণৰ নিয়মহে শিকে৷ কিন্তু এই অস্ত্ৰক প্রশমিত কৰা আৰু ওভতাই অনাৰ নিয়ম কৌশল তেওঁ শিকিব নোৱাৰিলে৷ অৱশেষত অশ্বত্থামাৰ অসম্পূৰ্ণ জ্ঞানেই তেওঁৰ অভিশাপৰো কাৰণ হৈ উঠিল৷

মহাভাৰতৰ যুদ্ধত দ্ৰোণাচাৰ্যক হত্যা কৰিছিল পাঞ্চাল ৰাজকুমাৰ ধৃষ্টদ্যুম্নই৷ পাণ্ডৱৰ ছালনাৰ বিষয় জনাৰ পাছত পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’ব খোজে অশ্বত্থামাই৷ মহাভাৰতৰ যুদ্ধৰ শেষৰ দিশৰ কৌৰৱ পক্ষৰ সেনাপতি হয় তেওঁ৷ ইফালে দুৰ্যোধনে বধ কৰিছিল ভীষ্মক৷ মৃত্যুপথযাত্ৰী বন্ধু দুৰ্যোধনক অশ্বত্থামাই কথা দিয়ে যে পঞ্চপাণ্ডৱৰ বংশ নিৰ্মূল কৰি তেওঁ আৰু পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’ব৷

নিয়ম অনুসৰি সূৰ্যাস্তৰ পাছত যুদ্ধ বিৰতি ঘোষিত হোৱা সত্ত্বেও অশ্বত্থামাই এই নিয়মভংগ কৰে৷ পঞ্চপাণ্ডৱক হত্যা কৰাৰ  উদ্দ্যেশ্যে পাণ্ডৱৰ শিবিৰত অশ্বত্থামা সোমাই পৰে৷ সেই শিৱিৰতেই পঞ্চপাণ্ডৱৰ পাঁচ পুত্ৰক টোপনিৰ মাজতেই হত্যা কৰে অশ্বত্থামাই৷ পাছত পঞ্চপাণ্ডৱে জানিব পাৰে যে এই হত্যাকাণ্ডৰ পিছত অশ্বত্থামাৰ হাত আছে৷ ইয়াৰ পাছতেই অশ্বত্থামাৰ মুখামুখি  হয় অৰ্জুন আৰু অন্যান্য ভাতৃসকল৷ তাতেই অশ্বত্থামাই জানিব পাৰে যে উত্তৰাৰ গৰ্ভত অভিমন্যুৰ সন্তান আছে৷ পাণ্ডৱৰ বংশক নিৰ্মূল কৰি দিয়াৰ উদ্দেশ্যে অশ্বত্থামা উত্তৰাৰ গৰ্ভৰ সন্তানক নষ্ট কৰিবৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে৷ অশ্বত্থামাক ৰখাবলৈ অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে৷ কিন্তু কৃষ্ণৰ মধ্যস্থতাত অৰ্জুনে সেই ব্ৰহ্মাস্ত্ৰ ওভতাই লয়৷ তাৰপিছতেই অশ্বত্থামাই নিজৰ অৰ্ধ বিদ্যাৰ বাবে সেই ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল’ব নোৱাৰিলে৷ অৱশেষত অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰই উত্তৰাৰ গৰ্ভৰ সন্তান নষ্ট কৰি পেলাই৷

এই কাম কৰাৰ পাছতেই শেষত ক্ৰোধবশত কৃষ্ণই অশ্বত্থামাৰ মূৰৰ মণি কাঢ়ি লৈ সৃষ্টিৰ অন্তকাল পৰ্যন্ত জীৱিক থাকি কষ্ট ভোগ কৰাৰ অভিশাপ দিয়ে৷ যাৰফলত আজিও অশ্বত্থামা মৰ্ত্যত আছে৷ উল্লেখ্য যে অশ্বত্থামা অষ্ট চিৰঞ্জীৱীৰ মাজত অন্যতম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Next Post
আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

১০০ বছৰৰ ৰেকৰ্ড ভাঙিলে বৰষুণে! দিল্লীত জলবন্দী হৈ শেষ হৈ গ’ল ১০ টা জীৱন

১০০ বছৰৰ ৰেকৰ্ড ভাঙিলে বৰষুণে! দিল্লীত জলবন্দী হৈ শেষ হৈ গ’ল ১০ টা জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.