• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

2 years ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

16 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

51 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

2 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

5 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

6 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

7 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

editor by editor
July 1, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন ২০০৭৷ ক্ৰিকেট বিশ্ব তেতিয়া নতুন এক ফৰমেটৰ সৈতে চিনাকি হৈছিলহে মাত্ৰ৷ ক্ৰিকেটত মাত্ৰ ২০ অভাৰ খেলিব পাৰি সেয়া বহুতৰ বাবেই আছিল আশ্চৰ্যকৰ৷ নতুন ফৰমেটত নতুন নিয়মৰ সৈতে খোজ মিলাই আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে আয়োজন কৰা খেলত অংশগ্ৰহণ কৰে ভাৰতীয় দলে৷ ২০০৭ চনত প্ৰথমবাৰ টি-২০ বিশ্বকাপ দেখিছিল ক্ৰিকেট অনুৰাগীয়ে৷ প্ৰথম বাৰেই ২০ অভাৰৰ বিশ্বকাপত চেম্পিয়ন হৈছিল ভাৰত৷ ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন দলটোৱে পাকিস্তানক হৰুৱাই আঁজুৰি আনিছিল ট্ৰফী৷

সেই বিজয়ৰ উত্তেজনা বছৰ বছৰ ধৰি ক্ৰিকেট অনুৰাগীৰ মনত সোমাই আছিল৷ তাৰপিছতেই ৭টাকৈ বিশ্বকাপৰ ফাইনেল পাৰ হৈছে৷ কিন্তু ভাৰতলৈ ট্ৰফী অহা নাই৷ দীৰ্ঘতম এক প্ৰতীক্ষা৷ সেই প্ৰতীক্ষাৰ অৱসান ঘটালে এইবাৰ ৰোহিতবাহিনীয়ে৷ ২০১৪ চনত বিৰাটৰ নেতৃত্বত ভাৰতীয় দলটো ফাইনেললৈকে গৈছিল যদিও শ্ৰীলংকাৰ হাতত পৰাস্ত হয় সেই মেচত৷

তাৰপিছতেই আকৌ অপেক্ষা৷ দীৰ্ঘ এক অপেক্ষাৰ অন্ত পেলাই শনিবাৰে নিশা ভাৰতীয় দলে আঁজুৰি আছে টি-২০ বিশ্বকাপল ২০২৪৷ সূদুৰ কেৰিবিয়ান দ্বীপপুঞ্জত  ৰোহিত শৰ্মাৰ সাফল্যই উজ্বলাই তুলিছে ১৪০ কোটি ভাৰতীয়ক৷ ২০০৭ চনৰ সেই সপোনৰ নিশাটো আকৌ যেন ঘূৰি আহিছে৷ ২০০৭ চনত কাৰিগৰ আছিল ধোনী আৰু টীমৰ ১৪ খেলুৱৈ৷ পাকিস্তানৰ বিৰুদ্ধে জয় ভাললগাৰেই কথা৷ পাৰভঙা উচ্ছ্বাস দেশত৷ সেইদিনাৰ কাৰিগৰসকলৰ এতিয়া ক’ত আছে?

২০০৭ চনত টীমত থকা প্ৰায়কেইজন খেলুৱৈয়ে বিদায় জনাইছে ক্ৰিকেট বিশ্বক৷ কিন্তু ক্ৰিকেটৰ সৈতে তেওঁলকো যোগসূত্ৰ এতিয়াও শেষ হৈ যোৱা নাই৷ কোনো কোনোৱে আকৌ ক্ৰিকেটত বহুদূৰ আগুৱাই গৈছে৷ বিশ্বকাপজয়ী দলৰ অধিনায়ক ধোনীয়ে এতিয়া আৰু দেশৰ হৈ খেলি থকা নাই৷ ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ২০২০ চনৰ ১৫ আগষ্টত৷ এতিয়াও আইপিএলত চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছিত দেখা যায় ধোনীক৷  সেই বিশ্বকাপজয়ী দলত আছিল গৌতম গম্ভীৰো৷ ২০১৯ চনৰ মাৰ্চ মাহত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল গৌতম গম্ভীৰে৷ তাৰপিছতেই তেওঁ বিজেপি দলত যোগদান কৰিছিল৷ পূৱ দিল্লীৰ পৰা সাংসদ নিৰ্বাচিতও হৈছিল৷

২০২৪ চনত আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হয় গম্ভীৰ৷ দলৰ জয়ত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ ২০০৭ চনত জয়ৰ অন্যতম কাৰিগৰ আছিল হৰভজন সিং৷ আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনোৱাৰ পাছত হৰভজন সিং আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হয়৷ ইয়াৰোপৰি তেওঁ ক্ৰিকেটৰ এগৰাকী ধাৰাভাষ্যকাৰো৷ বীৰেন্দ্ৰ ছেহৱাগেও ২০০৭ চনৰ ক্ৰিকেট টীমৰ এগৰাকী খেলুৱৈ আছিল৷ কিন্তু সেইবাৰ তেওঁ ফাইনেল খেলা নাছিল৷ ২০১৫ চনৰ অক্টোবৰত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয়৷ বৰ্তমান তেওঁ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনত নেশ্ব্যনেল এণ্টি ডোপিং এজেন্সিৰ অন্যতম সদস্য৷

২০১৯ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয় যুৱৰাজ সিঙেও৷ ১৭ বছৰ পূৰ্বেও সেই জয়ৰ অন্যতম কাৰিগৰ আছিল তেওঁ৷ তৰুণ ক্ৰিকেটাৰসকলে মেণ্টৰ হিচাপে কাম কৰে৷ ২০০৭ চনত বিশ্বকাপজয়ী দলৰ সদস্য আছিল ৰোহিত শৰ্মা৷ তেওঁৰ নেতৃত্বত ১৭ বছৰ পাছত আৰু এটি ২০ অভাৰৰ বিশ্বকাপ ঘৰলৈ আনিছে ভাৰতে৷ ২০০৭ৰ বিশ্বকাপত থকা ৰোহিত এইবাৰ বিশ্বকাপজয়ী টিমৰ অধিনায়ক৷ এইবাৰ ট্ৰফী দেশলৈ আনিয়েই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰোহিতে৷

ধোনী বাহিনীৰ মাজত অন্যতম এজন সদস্য হৈছে দীনেশ কাৰ্তিক৷ ২০২৪ চনত তেওঁ সকলোপ্ৰকাৰৰ ক্ৰিকেট আৰু আইপিএলৰ পৰাও অৱসৰ ঘোষণা কৰিছে৷ বৰ্তমান আইচিচিৰ অধীনত ধাৰাভাষ্যকাপ হিচাপে কাম কৰিছে কাৰ্তিকে৷ ৰবিন উথাপ্পাই ক্ৰিকেট এৰিছে ২০২২ চনত৷ আইপিএলৰ পৰাও তেওঁ অৱসৰ লৈছে৷ বৰ্তমান তেওঁ এগৰাকী ধাৰাবাস্যকাৰ৷ ক্ৰিকেটৰ অন্যতম বিশেষজ্ঞ হিচাপে পৰিচিত পীয়ুস চাওলাইয়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ কিন্তু আইপিএলত এতিয়াও আছে পীয়ুস৷

বিশ্বকাপজয়ী দলৰ অন্যতম সদস্য আছিল ইউছুফ পাঠান৷ তেওঁ খেল এৰাৰ কথা ঘোষণা কৰে ২০২১ চনত৷ ২০২৪ চনত তেওঁ ৰাজনীতিত ভৰি দিয়ে তৃণমূল কংগ্ৰেছৰ হৈ৷ বহৰমপুৰৰ পাঁচবাৰৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক পৰাস্ত কৰাই নতুন সাংসদ হৈছে ইউছুফ পাঠান৷ ইউছুফৰ ভাতৃ ইৰফানো আছিল ২০০৭ৰ টিমত৷ তেওঁ খেলৰ পৰা অৱসৰ লৈছে ২০২০ চনত৷ তেওঁ এতিয়া ক্ৰিকেট বিশ্লেষক হিচাপে কৰ্মৰত হৈ আছে৷

সেই টিমৰ সদস্য অজিত আগৰকাৰো এতিয়া ভাৰতীয় ক্ৰিকেট বৰ্ডৰ প্ৰধান নিৰ্বাচক৷ ২০১৩ত তেওঁ সকলো ফৰমেটৰ পৰা অৱসৰ লৈছে৷ যোগিন্দৰ শৰ্মাক মনত আছে? শেষ অভাৰত তেওঁৰ হাততেই বল তুলি দিছিল ধোনীয়ে৷ সেই বিশ্বকাপেই শেষ বিশ্বকাপ যোগিন্দৰৰ৷ তেওঁ বৰ্তমান হাৰিয়ানা আৰক্ষীৰ গণ্যমান্য বিষয়া৷ ডেপুটি ছুপাৰিণ্টেডেণ্ট হিচাপে তেওঁ কৰ্মৰত৷ আনহাতে সেই দলৰ আৰ পি সিং৷ ২০১৮ ত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ বৰ্তমান তেওঁ হিন্দি ধাৰাভাষ্যকাৰ৷

সেই দলৰ অন্যতম এগৰাকী খেলুৱৈ হৈছে শ্ৰীসন্থ৷ ২০১৩ চনত তেওঁ ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ লয়৷ শ্ৰীসন্ত এতিয়া ক্ৰিকেট বিশ্লেষকৰ ভূমিকাত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
Next Post
কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.