উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী
আজি ১৩ জুলাই তাৰিখে দেশৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে এখন ৰাজ্যৰ এহাল দম্পতিয়ে পালে বিশেষ মৰ্যাদা। এতিয়াৰে পৰা সদনত একেলগে বহিব পাৰিব দুয়ো স্বামী-স্ত্ৰী। জনসাধাৰণে দিয়া মতামত অনুসৰি স্বামীৰ পাছত এইবাৰ পত্নীয়েও লাভ কৰিলে সদনৰ আসন।
হিমাচল প্ৰদেশৰ ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত শনিবাৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ পত্নী তথা কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হোছিয়াৰ সিঙক ৯৩৯৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
ডেহৰা বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত কমলেশ ঠাকুৰে ৩২,৭৩৭টা ভোট লাভ কৰাৰ বিপৰীতে সিঙে লাভ কৰে ২৩,৩৩৮টা ভোট। একে সময়তে তিনিজন নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো এজনেও এই আসনত ২০০ ভোট লাভ কৰিব নোৱাৰিলে।
যাৰ ফলত এইবাৰ প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী। প্ৰথমবাৰৰ বাবে ডেহৰা আসনৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা কমলেশ ঠাকুৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ ধৰ্মীয় পত্নী। এতিয়া পতি-পত্নীক একেলগে বহি থকা দেখা যাব সদনত।
উল্লেখ্য যে, বিগত ১০ জুলাইত ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত হৈছিল ভোটদান। ভোটদানত ৮৬,৫২০ গৰাকী ভোটাৰৰ ভিতৰত ৬৫.৪২ শতাংশই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ২০১২ চনত কৰা সীমা নিৰ্ধাৰণৰ পিছত এই সমষ্টিৰ সৃষ্টি হৈছিল। এই আসনৰ পৰা ২০১২ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰবি ইন্দৰ সিং। ২০১৭ আৰু ২০২২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ডেহৰা আসনৰ পৰা জয়লাভ কৰিছিল হোছিয়াৰ সিঙে। এইবাৰ প্ৰথমবাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে এই আসন লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ