• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

2 years ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

3 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

3 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

3 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

4 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

4 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

5 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

6 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

6 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

7 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

8 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

9 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

editor by editor
July 15, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত কেদাৰনাথ মন্দিৰ নিৰ্মাণক লৈ আৰম্ভ হৈছে বিতৰ্ক৷ দিল্লীত এই মন্দিৰ নিৰ্মাণৰ তীব্ৰ বিৰোধীতা কৰিছে জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই৷ ১০ জুলাইত উত্তৰ-পশ্চিম দিল্লীৰ বুৰাৰিৰ কাষত হিৰাংকি পাহাৰত কেদাৰনাথ মন্দিৰ নিৰ্মাণৰ বাবে যি ভূমি চিনাক্ত কৰা হৈছে তাতেই ভূমি পুজনত অংশ লৈছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে৷

সেইদিনাই এটি নতুন কেদাৰনাথ মন্দিৰ নিৰ্মাণৰ আধাৰশীলাও স্থাপন কৰা হয়৷ এই আধাৰশীলা স্থাপনৰ তীব্ৰ বিৰোধীতা কৰিছে স্বামী অভিমুক্তেশ্বৰানন্দই৷ তেওঁ লগতে অভিযোগ আনিছে যে মূল কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহত সোনৰ প্ৰলেপ লগোৱা কামত কেইবাকোটি টকাৰ বিত্তীয় কেলেংকাৰীও হৈছে৷ সেই কেলেংকাৰীৰ তদন্ত আকৌ দাবী কৰিছে শংকৰাচাৰ্যগৰাকীয়ে৷ শংকৰাচাৰ্যই কয়, ‘কেদাৰনাথ মন্দিৰৰ পৰা ২২৮ কিঃগ্ৰাঃ সোন চুৰি হৈছে৷ এই হিচাপ কোনে দিব?’ বৰ্তমান মুম্বাইত আছে স্বামী অভিমুক্তেশ্বৰানন্দ৷ অনন্ত আম্বানী আৰু তেওঁৰ পত্নী ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ আশীৰ্বাদ অনুষ্ঠানত যোগ দিবলৈ মুম্বাইলৈ গৈছে স্বামী অভিমুক্তেশ্বৰানন্দ৷

সোমবাৰে তেওঁ মুম্বাইতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘কেদাৰনাথ মন্দিৰ দিল্লীত নিৰ্মাণ কৰিবলৈ লোৱাটো ভুল সিদ্ধান্ত৷ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ অন্যতম৷ জ্যোতিৰ্লিংগৰ অৱস্থান আমি নিৰ্ণয় কৰিব নোৱাৰো৷ এয়া অত্যন্ত ভুল কাম কৰি আছে৷ কেদাৰনাথত সোন কেলেংকাৰীও হৈছে৷ ২২৮ কিঃগ্ৰাঃ সোন হেৰাইছে৷ কোনোৱে এই বিষয়টোক লৈ মাত নামাতে৷ আমি কেইবাবাৰো বিষয়টো উত্থাপন কৰিছো কিন্তু শাসকপক্ষ নিমাত৷ ইয়াৰ বাবে দায়ী কোন? এতিয়া আকৌ হঠাৎ সিদ্ধান্ত লৈছে যে দিল্লীত কেদাৰনাথ মন্দিৰ বনাব৷ এয়া হ’ব নোৱাৰে৷ তাত কেলেংকাৰী কৰি এতিয়া দিল্লীত মন্দিৰ সাজিব৷ আকৌ নতুনকৈ তাত কেলেংকাৰী চলাব৷’

উল্লেখ্য যে চাৰ ধামৰ চাৰি পবিত্ৰ হিন্দু মন্দিৰৰ ভিতৰত অন্যতম হৈছে কেদাৰনাথ ধাম৷ ইয়াৰোপৰি বাকী তিনিটা ধাম হৈছে, বদ্ৰীনাথ, গংগোত্ৰী, যমোনাত্ৰী৷ বিগত বৰ্ষত কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহত সোণৰ প্ৰলেপ দিয়াৰ কাম আৰম্ভ হৈছিল৷ সেই কামতেই ১২৮ কোটি টকাৰ বৃহৎ কেলেংকাৰী হৈছে বুলি অভিযোগ আনিছে কেদাৰনাথ মন্দিৰৰ এগৰাকী বৰিষ্ঠ পুৰোহিতে৷ তেওঁ দাবী কৰামতে, সোণৰ সলনি পিতলৰ প্ৰলেপ দিয়া হৈছে গৰ্ভগৃহত৷ কিন্তু মন্দিৰ কমিটিয়ে এই অভিযোগ প্ৰত্যাখান কৰিছে৷ ইফালে জ্যোতিৰ্মঠৰ শংকৰাচাৰ্যই সেই ঘটনাৰ তদন্তৰ দাবী কৰিছে৷ ইয়াৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰো বিৰোধীতা কৰিছিল স্বামী অভিমুক্তেশ্বৰানন্দই৷

স্বামী অভিমুক্তেশ্বৰানন্দই নহয় দিল্লীত নতুনকৈ কেদাৰনাথ মন্দিৰ তৈয়াৰক লৈ বিক্ষোভ কাৰ্যসূচীও লোৱা হৈছে ৰুদ্ৰপ্ৰয়াগ জিলাত৷ দেওবাৰে কেদাৰনাথ মন্দিৰ নকৈ নিৰ্মাণ কৰাৰ বিৰোধিতাৰে বিক্ষোভ কৰিছে কেদাৰনাথ মন্দিৰৰ পুৰোহিতে৷ কেদাৰসভাৰ বেনাৰত উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী পুষ্কৰ ধামীৰ বিৰুদ্ধে শ্লোগান দিছে বিক্ষোভকাৰীয়ে৷ কেদাৰ সভাৰ মুখপাত্ৰ পংকজ শুক্লাই কয়, ‘আমি মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে নাই৷ কিন্তু দিল্লীৰ এক ধৰ্মীয় ট্ৰাষ্টে তাত কেদাৰনাথ মন্দিৰ নিৰ্মণ কৰিব বিচাৰিছে, সেই কথাৰ আমি বিৰোধ কৰিছো৷ আনকি কেদাৰনাথ ধাম এলেকাৰ পৰা যদি এটা শিলো আঁতৰোৱা হয় তেন্তে তাত আৰু মন্দিৰৰ ধৰ্মীয় পবিত্ৰতা অক্ষুন্ন নাথাকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

April 18, 2026
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
বাণিজ্য

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

April 18, 2026
Next Post
ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.