২৮ জুলাই ২০২৪ দেওবাৰে চন্দ্ৰই মঙ্গলৰ ৰাশি মেষত দিনজুৰি অৱস্থান কৰিব৷ শাওনৰ কৃষ্ণা অষ্টমী তিথিৰ ওপৰিও কাইলৈ দেওবাৰৰ দিনটো সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে অশ্বিনী নক্ষত্ৰ আৰু তাৰপাছত ভৰণী নক্ষত্ৰ৷ এই সতলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ৫ ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ দিনটো কোন কোন ৰাশিৰ বাবে শুভ?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ ঘৰত বিলাসিতাৰ পৰিবেশ থাকিব৷ আনন্দেৰে দিনটো পাৰ কৰিব আপুনি৷ ঘৰত সৰু সৰু শিশু থাকিলে সিঁহতৰ সৈতে দিনটো কটাব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ সন্ধিয়া ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা পাব৷
মিথুন ৰাশি
দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত দিনটো শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ পৰিয়ালৰ সদস্যসকলে কাইলৈ সন্ধিয়া আপোনাক কিবা উপহাৰ দিব পাৰে৷ বন্ধুৰ সৈতে সন্ধিয়া ওলাই যাব পাৰে আপুনি৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ শহুৰৰ ঘৰৰ পৰা অৰ্থলাভ হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷
সিংহ ৰাশি
কাইলৈ ব্যৱসায়ত দুৰ্দান্ত লাভ কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ সিংহৰ জাতকে কাইলৈ কাকোৱেই ধন ধাৰলৈ নিদিব৷ কামৰ বাবে কৰোবাত যাব লগা হ’ব পাৰে৷ সন্তানৰ পঢ়াশুনা সংক্ৰান্তীয় কোনো ভাল খবৰ পাব পাৰে আপুনি৷ আৰ্থিকভাৱে বিশেষ লাভ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ পুৰণি বিনিয়োগৰ পৰা কাইলৈ লাভৱান হ’ব৷
তুলা ৰাশি
সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব তুলা ৰাশিৰ ওপৰত৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব৷ ঘৰত সাংসৰিক অশান্তি থাকিলে সেই অশান্তি দূৰ হ’ব৷ নতুন সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে তুলা ৰাশিৰ জাতকে৷
কুম্ভ ৰাশি
পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু অৰ্থ আপুনি লাভ কৰিব পাৰিব৷ বিবাহিতসকলৰ শহুৰৰ ঘৰৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ কোনো পুৰণি বন্ধুৰ সৈতে কাইলৈ বহু দিনৰ অন্তত আপোনাৰ দেখা হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ