অযোধ্যাৰ উন্নয়নৰ বাবে মোদী-যোগীৰ প্ৰশংসাত পঞ্চমুখ হৈছিল৷ সেয়াই কাল হৈ পৰিল মুছলমান মহিলাৰ জীৱনত৷ নিশাৰ ভিতৰতে পত্নীক তিনি তালাক দিলে স্বামীয়ে৷ ঘটনা উত্তৰপ্ৰদেশৰ বহৰাইছ এলেকাৰ জৰৱাল থানাৰ অন্তৰ্গত মহল্লা ছাৰাইৰ৷ মহিলাৰ অভিযোগ, অযোধ্যাৰ উন্নয়নক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশংকা কৰাৰ বাবে খঙত ফাটি এই সিদ্ধান্ত লয় স্বামীয়ে৷ মহিলাক তালাক দিয়াৰ পূৰ্বে মাৰধৰো কৰে স্বামীয়ে৷ তাৰপাছতেই তিনি তালাক উচ্চাৰণ কৰে৷
এই ঘটনাত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ জনা গৈছে যে অভিযোগকাৰী মুছলমান মহিলাই জনাইছে যে স্বামীৰ ওপৰিও শাহুৱেককো মাৰধৰ কৰিছে৷ মহিলাগৰাকীক বান্ধি ৰখাৰ ওপৰিও চুলিত ধৰ টনাৰো অভিযোগ দিছে মহিলাই৷ সংবাদসংস্থা পিটিআইৰ সূত্ৰৰ খবৰ অনুসৰি মহিলাগৰাকীয়ে নিজৰ মন্তব্যত কয়, ‘মহল্লা এলেকাত মোৰ ঘৰ৷ ২০২৩ চনৰ ১৩ ডিচেম্বৰত মোৰ আৰশ্বাদৰ সৈতে বিবাহ হৈছিল৷ নিজৰ সাধ্যৰ বাহিৰলৈ গৈ দেউতাই মোক দিয়া দিছিল৷ অযোধ্যা চহৰৰ উন্নয়ন দেখি ভাল লাগিছিল৷ পৰিষ্কাৰ ৰাস্তা, চতুৰ্দিকে সৌন্দৰ্যায়ন দেখি মই আকৃষ্ট হৈছিলো৷ সেয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা স্বামীৰ আগত কৰিছিলো৷’ ইয়াৰোপৰি মহিলাগৰাকীয়ে কয়, ‘মোৰ কথাৰ পাছতেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন মোৰ ওপৰত চলে৷ আনকি মোৰ মূৰত গৰম দালিও ঢালি দিয়ে৷’
সম্প্ৰতি স্ত্ৰীক বাপেকৰ ঘৰলৈকো পঠিয়াই দিছে আৰশ্বাদে৷ কিন্তু দুইপক্ষৰ ভুল বুজাবুজি আঁতৰাবলৈ আৰ্জি জনাইছে দুয়োৰে পৰিয়ালে৷ এই সন্দৰ্ভত জৰৱাল ৰোড থানাৰ OC বৃৃজৰাজ প্ৰসাদে কয়, ‘পৰিয়ালৰ সদস্যসকলে মহিলাগৰাকীক আকৌ শহুৰৰ ঘৰলৈ পঠিয়াই দিয়ক৷’ কিন্তু মহিলাৰ অভিযোগ, স্বামীৰ সন্মুখত মোদী-যোগীৰ নাম ল’লেই স্বামীয়ে বাৰে বাৰে তিনি তালাক কয়৷ তালাক দিয়াৰ ওপৰিও মাৰধৰ কৰে৷ সেয়ে শহুৰেকৰ ঘৰলৈ যাবলৈ আগ্ৰহী নহয় মহিলাগৰাকী৷ মহিলাৰ অভিযোগৰ ভিত্তিতেই তেওঁৰ স্বামী আৰশ্বাদ, শাহুৱেক ৰইছা, শহুৰেক ইছলাম আৰু ননদেক কুলছুম, স্বামীৰ ককায়েক ভাছুৰ ফাৰান আৰু বৌৱেক সীমৰণৰ গৃহবধু অত্যাচাৰৰ গোচৰ ৰুজু হৈছে৷ মুছলমান মহিলা প্ৰটেকশ্ব্যন আইনৰ আওতাত ৰুজু হৈছে এই গোচৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















