বিশাল ফুকনৰ সৈতে কোনোধৰণৰ ধনৰ লেনদেন নাই কণ্ঠশিল্পী দীপলিনা ডেকাৰ৷
এই কথা সংবাদমাধ্যমৰ আগত স্পষ্ট কৰি দিছে কণ্ঠশিল্পী দ্বীপলিনা ডেকাই৷
বিশালক কেনেদৰে চিনি পায় দ্বীপলিনাই সেই কথাও জনাইছে দীপলিনা ডেকাই৷
২০২১ চনত নামৰূপত এক এপ উন্মোচনী অনুষ্ঠানত লগ পাইছিল বিশালক৷
দীপলিনাকো সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল৷
সেই অনুষ্ঠানত দেখা দেখিহে হৈছিল কোনোধৰণৰ ব্যৱসায়িক লেনদেন নাছিল বিশালৰ সৈতে৷
তাৰ্কিকৰ সৈতে ফটোগ্ৰাফাৰ হিচাপে সম্পৰ্ক আছিল দীপলিনাৰ৷
তাৰ্কিকৰ পৰাই চিনাকি হৈছিল চুমি বৰাৰ সৈতে৷
চুমি বৰাৰ সৈতে দীপলিনাই দুটা গানৰ কামো কৰিছে৷
তাৰ্কিকৰ পৰা চুমি আৰু চুমিৰ পৰা বিশালৰ সৈতে পৰিচিত হৈছিল দীপলিনা৷
চুমিয়ে ভায়েক বুলি বিশালক চিনাকি কৰাই দিছিল দীপলিনাৰ সৈতে৷
বিবাহলৈ যোৱাক লৈয়ো দীপলিনাই মন্তব্য কৰিছে৷
‘চুমিক চিনি পাও বাবে মই বিয়ালৈ যোৱা নাই৷’
‘তাৰ্কিকে মতাৰ বাবে তাৰ্কিকৰ হৈ মই এই বিয়ালৈ গৈছিলো৷’
‘কোনোবাই বিয়ালৈ মাতিলে নাযাম নেকি?’
‘বিয়া ৩-৪ দিনীয়া আছিল মই এদিনহে গৈছিলো৷’
‘বিনিয়োগৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই৷’
‘কোনোধৰণৰ অফাৰো মই পোৱা নাই, তাৰ্কিকক মই ফটোগ্ৰাফাৰ হিচাপেহে লগ পাওঁ৷’
‘যিসমূহ কথা শুনিছো সকলোবোৰৰ ভালধৰণে তদন্ত হ’ব লাগে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ