অথাই সাগৰত চুমি৷ লগ এৰিছে নিজৰ বুলি ভৱা সকলোৱে৷ আপোন বুলিবলৈ কেৱল তাৰ্কিকেই আছে নেকি? কিন্তু অকলেই সকলোকে বিপাঙত পেলাইছে চুমিয়ে৷ বিশালে তথ্য দিলেও আৰক্ষীয়ে ধৰিব পৰা নাই চুমিক৷ স্মাৰ্ট আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে নেকি চুমিয়েও? নাচনী চুমিৰ তালে তালে নাচিচে নেকি আৰক্ষীও?
আৰক্ষীৰ জেৰাত বিশালে নাম লৈছে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত বহু নামী দামী অভিনেতাৰ৷ এদিন একেলগে নৃত্য কৰা, পাৰ্টী কৰা সকলে এতিয়া দিবলৈ আৰম্ভ কৰিছে স্পষ্টীকৰণ৷ প্ৰথমেই গীতালি দেৱী, তাৰপিছত ক্ৰমান্বয়ে দীপলিনা ডেকা, যতীন বৰা, মণ্টুমনি শইকীয়া, প্ৰস্তুতি পৰাশৰে দিছে স্পষ্টীকৰণ৷ আমি কেৱল চিনিহে পাও সম্পৰ্ক একো নাই৷ বিনিয়োগ দূৰৈৰে কথা৷ বিনিয়োগ বিষয়ক সম্পৰ্কক সকলোৱেই মুকলিকৈ অস্বীকাৰ কৰিছে সামাজিক মাধ্যমত৷
সকলোকে আচৰিত কৰিছে আদিত্যম শইকীয়াৰ মন্তব্যইহে৷ বিয়াৰ পাছত বিশাল চুমিৰ সৈতে একেলগে ডুবাইলৈ যোৱা আদিত্যমো এতিয়া নাই চুমিৰ কাষত৷ প্ৰফেছনেল ৰিলেছনৰ কথা কৈ গা এৰা দিছে আদিত্যমেও৷ ইফালে চুমিৰ সৈতে বিনিয়োগত যতীন বৰাৰ নাম সাঙোৰ খোৱাৰ কথা ওলোৱাৰ লগে লগেই আৱেগিক হৈ পৰিছে অভিনেতা যতীন বৰা৷ আনকি এই সম্পৰ্কে মন্তব্য কৰিবলৈ মানসিকভাৱেও ভাঙি পৰিছে যতীন৷
একেখন ঘৰতে বহু সময়ত ভনীয়েক বুলি ঠাই দিয়া দীক্ষু আৰু বিজেয়েতাইয়ো চুমিৰ কথা আহোতেই একো নাজানো স্পষ্টকৈ জনাই দিছে৷ তেন্তে কোন আপোন আছিল চুমিৰ? একেলগে থাকিও সকলোৰে সন্মুখত কেনেকৈ নিজকে ইমানদিনে লুকুৱাই ৰাখিছিল চুমিয়ে? কৰিঅগ্ৰাফাৰ হিচাপে পৰিচিত চুমি বাস্তৱ জীৱনতো তেনেহলে এগৰাকী ভাল অভিনেত্ৰীয়েই নেকি? বহু প্ৰশ্ন এতিয়া জনতাৰ মনত৷ উত্তৰ দিবলৈ চুমি নাই? নাই যে নায়েই৷ কোনেও নাজানে চুমি আছে ক’ত? আৰক্ষীৰ হাতত বাৰে বাৰে পৰে কেৱল চুমিৰ লাষ্ট লোকেছনহে৷ সকলোৱে চুমিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিলেও আজিও কিয় আৰক্ষীয়ে ধৰিব পৰা নাই চুমিক সেয়াহে আচৰিত হ’বলগীয়া বিষয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















