নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ
কলকাতা ঘটনাৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ আৰ জি কাৰ হাস্পতালত নাৰ্কো টেষ্ট কৰাৰ কথা আছিল চি বি আইৰ। এই সন্দৰ্ভত আদালতে চিবিআইক অনুমোদন দিয়া বুলিও কথা ওলাইছিল। তথ্য অনুসৰি চিবিআইয়ে ইতিমধ্যে এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমতিৰ বাবে ছিয়ালডাহ আদালতত আৱেদন কৰিছিল।
কিন্তু সেই আবেদন নাকচ কৰে আদালতে। শুকুৰবাৰে আদালতে আৰ জি কাৰ মেডিকেলৰ ৩১ বছৰীয়া প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ৰ নাৰ্কো টেষ্ট কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোক অনুমতি দিবলৈ অস্বীকাৰ কৰে। এই গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে অভিযুক্তৰ নাৰ্কো টেষ্ট কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছিল।
এই পৰীক্ষাৰ জৰিয়তে চিবিআইয়ে চাব বিচাৰিছে যে অভিযুক্তই নাৰ্কো আৰু পলিগ্ৰাফত কোৱা কথাৰ মাজত কোনো মিল আছে নেকি? এই ঘটনাত সঞ্জয় জড়িত থকাৰ কথা নিশ্চিত হ’ব বিচাৰিছে বিষয়াসকলে। এইমছ আৰু বিশেষজ্ঞৰ মতামত লাভ কৰাৰ পিছতহে ইয়াৰ বিশ্লেষণ কৰা হ’ব।
নাৰ্কো টেষ্টত কোনো ব্যক্তিক কিছুমান ঔষধ দিয়া হয়, তাৰ পিছত ব্যক্তিজন আংশিকভাৱে অচেতন অৱস্থালৈ যায়। ইয়াৰ পিছত ব্যক্তিজনৰ পৰা লুকাই থকা তথ্য উলিয়াবলৈ চেষ্টা কৰা হয়। নিয়মীয়া জেৰাৰ সময়ত যিসকল লোকে সহযোগ কৰিবলৈ ইচ্ছুক নহয়, তেওঁলোকৰ ওপৰত এই প্ৰক্ৰিয়াৰ চেষ্টা কৰা হয়। জটিল গোচৰ সমাধান আৰু গুৰুত্বপূৰ্ণ সূত্ৰ উন্মোচন কৰিবলৈ নাৰ্কোএনালাইছিছ পৰীক্ষা কৰা হয়।
ইয়াৰ পূৰ্বে চিবিআইৰ বিষয়াসকলে সঞ্জয় ৰায়ৰ দাঁতৰ চিন পোৱাৰ নমুনা লৈছিল। ইয়াৰ সময়ত বিষয়াসকলে কৈছিল যে মহিলাগৰাকীৰ মৃতদেহত কামোৰৰ চিন পোৱা গৈছে আৰু এই কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আমি অভিযুক্তৰ দাঁতৰ চিনবোৰৰ লগত সেইবোৰ মিলাব বিচাৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ