ভাৰতৰ সকলোতকৈ দামী ব্যক্তিগত জেট বিমানৰ মালিক হ’ল মুকেশ আম্বানী৷ বোয়িং বিবিজে ৭৩৭ মেক্স ৯ নামৰ এই বিশেষ বিমানখন ক্ৰয় কৰাত খৰচ পৰিছে ১ হাজাৰ কোটি টকা৷ অত্যাধুনিক প্ৰযুক্তিৰ এই বিমানখনে এবাৰতে ১১ হাজাৰ কিঃমিঃতকৈ বেছি উৰিব পাৰে৷ বিমানখনৰ অন্দৰসজ্জা বিলাসবহুল কৰা হৈছে৷ বিলাসবহুল অন্দৰসজ্জাৰ বাবেই এই জেটৰ দাম আকাশলংঘী৷
ব্যক্তিগত জেট বিমানসমূহৰ মাজত এই বিমানখন বিলাসী বুলি প্ৰকাশ পাইছে ৰিপৰ্টত৷ কিন্তু এই বিমানখন এতিয়া ৰিলায়েন্স কৰ্তাৰ ঘৰত নাই৷ চুইজাৰলেণ্ডৰ বিমানখনৰ অন্দৰসজ্জাৰ পৰিবৰ্তন অনাৰ এটাৰ পাছত আনটো পৰীক্ষামূলক উৰাণ অব্যাহত আছে৷
বাছেল, জেনেভা আৰু লণ্ডন বিমানবন্দৰত মুঠ ৬বাৰকৈ এক পৰীক্ষা কৰা হৈছে৷ বিমানখনে ২৭ আগষ্টত বাছেলৰ পৰা দিল্লীলৈ অনা হ’ব এই বিমান৷ সেয়া দিল্লী বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলত থাকিব৷ ৰিলায়েন্স কৰ্তাৰ নিজস্ব ৯খন বিমান আছে৷ যাতায়াতৰ বাবে বোয়িং বিজনেছ জেট-২ নামৰ এখন বিমান তেওঁ ব্যৱহাৰ কৰে৷ যাৰ বজাৰমূল্য আনুমানিক ৬০৯ কোটি টকা৷ এই সকলো ব্যক্তিগত বিমানৰ ভিতৰৰ সাজসজ্জা চাবলগীয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ