বাহন, কাপোৰ, টেলিকম সকলোতে টাটাৰ আছে বিশেষ দখল৷ দেশৰ অন্যতম সফল উদ্যোগপতি ৰতন টাটা৷ এইবাৰ তেওঁ আন এক বৃহৎ পদক্ষেপ লৈছে৷ বিপুল অংকৰ চুক্তি স্বাক্ষৰ কৰিছে আন্তৰ্জাতিক সংস্থাৰ সৈতে৷ আৰু এই চুক্তিৰ মাধ্যমেৰেই এইবাৰ ফাষ্টফুডৰ জগততো প্ৰৱেশ কৰিছে ৰতন টাটাৰ সংস্থা৷ টাটা গোষ্ঠীৰ আইটি সংস্থা টাটা কনছালটেন্সি চাৰ্ভিছ বা টিছিএছ গ্লোবেল ফাষ্টফুড চেইন মেকডোনাল্ডছৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে৷
ভিতৰুৱা খবৰ অনুসৰি দুই বছৰৰ বাবে টিছিএছৰ সৈতে মেকডোনাল্ডছৰ চুক্তি হৈছে৷ এই চুক্তিৰ অধীনত টিছিএছ ফিলিপিন্সে ৭৬০টাতকৈয়ো বেছি মেকডোনাল্ডছৰ ৰেস্তোৰাৰ তথ্যপ্ৰযুক্তিৰ কাম ডিজিটাইজড কৰিব৷ খবৰ অনুসৰি টিচিএছ ফিলিপিন্সত মেকডোনাল্ডছৰ বৰ্তমান যি আইটি চিষ্টেম আছে তাৰ আপগ্ৰেড কৰিব৷
ফিলিপাইন্সত টিচিএছৰ প্ৰায় ৫০০০ কৰ্মী আছে৷ এই সংস্থাৰ মাৰ্কেট কেপ বৰ্তমান ১৫, ৭৩, ০০০ কোটি টকা৷ টিছিএছৰ এটা এটা শ্বেয়াৰৰ দামেই ৪৩৪৭টকা৷ অন্যহাতে মেকডোনাল্ডছ হৈছে বিশ্বৰ অন্যতম বৃহৎ ফাষ্টফুড চাৰ্ভিছ সংস্থা৷ ১০০ৰো বেছি দেশত প্ৰায় ৪২ হাজাৰৰো বেছি মেকডোনাল্ডছৰ আউটলেট আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















