বিদ্যালয়ৰ পৰা ঘৰলৈ উভতা ৫ম শ্ৰেণীৰ ছাত্ৰীক হোটেললৈ নি ২ পাষণ্ড যুৱকৰ…
বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰি হোটেললৈ নি ২ পাষণ্ডৰ পাশবিকতা। যি ঘটনাই এতিয়া পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্নৌত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, অভিযুক্তই ছাত্ৰীগৰাকীক এখন হোটেললৈ লৈ যায়, য’ত দুই যুৱকে কনমানিৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰে। লগতে ভুক্তভোগীৰ ফটো আৰু ভিডিঅ’ও কৰি ৰাখে। ছাত্ৰীগৰাকীৰ পিতৃয়ে সৰোজনী নগৰ থানাত এক গোচৰ দাখিল কৰিছে।
সৰোজিনীনগৰৰ এজন বাসিন্দাৰ মতে, ১৩ বছৰীয়া কন্যাই এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ে। অভিযোগ অনুসৰি, দুপৰীয়া ১ মান বজাত কন্যা গৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ বুলি উভতি আহি আছিল। সেই সময়তে বাটতে গাড়ীৰে অহা ডেনিছ আৰু আমিন নামৰ দুই যুৱকে প্ৰথমে ছাত্ৰীগৰাকীৰ বেগ কাঢ়ি নিয়ে।
যাৰ বাবে ছাত্ৰীগৰাকীয়ে সেই বেগ উদ্ধাৰৰ বাবে পিছে পিছে দৌৰে। তেতিয়াই দুয়ো যুৱকে বেগ পেলাই দি ছাত্ৰীগৰাকীক টানি গাড়ীত উঠাই লৈ যায়। কৃষ্ণনগৰত অৱস্থিত হোটেল পেৰাডাইজ শান্তি ইনলৈ নি দুয়ো পাষণ্ডই ছাত্ৰীক দলৱদ্ধ ধৰ্ষণ কৰে।
প্ৰতিবাদৰ সময়ত ভিডিঅ’ ভাইৰেল কৰি কাৰোবাক কিবা ক’লে পিতৃ-মাতৃক হত্যা কৰাৰো হুংকাৰ দিয়ে কনমানিক। সন্ধিয়া প্ৰায় চাৰি বজাত ঘৰৰ ওচৰতে ভুক্তভোগীক পেলাই থৈ দুয়ো অভিযুক্তই পলাই যায়।
লগে পিতৃয়ে দেখা পাই কন্যাক, ওচৰ চাপি গৈ কন্যাৰ অৱস্থা দেখি লগে লগে কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে ছাত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে দুয়ো পাষণ্ডৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















