আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক
ক’ৰোনা ভাইৰাছৰ বিশ্বব্যাপী মহামাৰীৰ বিধ্বংসী ৰূপ আমি সকলোৱে দেখিছিলোঁ। এই ৰোগে সমগ্ৰ বিশ্বৰ গতি বন্ধ কৰি দিছিল। ইয়াৰ বাবে বহু সংখ্যক লোকৰো মৃত্যু হৈছিল। কৰণাৰ পাচতে বহুতে বিশ্বাস কৰে যে এনে মৃত্যুৰ খেল পুনৰ নঘটে।
কিন্তু, বাস্তৱতা হ’ল যে বিশ্বই এতিয়াও এনে এক নিৰৱ হত্যাকাৰীৰ সন্মুখীন হৈছে যিয়ে ২০৫০ চনৰ ভিতৰত প্ৰায় ৪ কোটি লোকক হত্যা কৰিব পাৰে। এই ৰিপৰ্টত জানি লওক এই নিৰৱ হত্যাকাৰী কি আৰু ইয়াক কেনেকৈ এৰাই চলিব পাৰি।
এই বেক্টেৰিয়া বিধৰ নাম হৈছে এন্টিবায়টিক ৰেচিচটেঞ্চ (Antibiotic resistance)। ইয়াৰ অৰ্থ হ’ল এনে সংক্ৰমণ যিয়ে ঔষধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিদিয়ে। ‘দ্য লেন্সেট’ আলোচনীত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছে যে ১৯০০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ঔষধ প্ৰতিৰোধী সংক্ৰমণৰ বাবে ১০ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল।
গৱেষণাৰ পৰা কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত অৰ্থাৎ অহা ২৫ বছৰত ইয়াৰ বাবে প্ৰায় ৪ কোটি লোকে প্ৰাণ হেৰুৱাব পাৰে। এই গৱেষণাই বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।
কেতিয়া এনে হব পাৰে- এনে তেতিয়া হয়, যেতিয়া বেক্টেৰিয়াটো এনেদৰে বিকশিত হয় যে ই ঔষধৰ প্ৰভাৱ মানৱ শৰীৰত হ্ৰাস কৰি দিয়ে। অৰ্থাৎ নিমোনিয়া আৰু ডায়েৰিয়াৰ দৰে সাধাৰণ ৰোগবোৰো প্ৰাণঘাটি বা মাৰাত্মক হ’ব পাৰে। অৰ্থাৎ বৰ্তমান সহজে আৰোগ্য হোৱা ৰোগবোৰো ভৱিষ্যতে সংকটজনক হৈ পৰিব পাৰে।
গৱেষকসকলৰ মতে এনে হোৱাৰ এটা প্ৰধান কাৰণ হৈছে এন্টিবায়টিকৰ অত্যধিক ব্যৱহাৰ। যদি আপুনিও সামান্য সমস্যাৰ ক্ষেত্ৰতো তৎক্ষণাত ঔষধ সেৱন কৰে, তেন্তে এই অভ্যাস সলনি কৰাৰ প্ৰয়োজন।
বিজ্ঞানীসকলে কয় যে যদি অতি সমস্যাজনক বেক্টেৰিয়াৰ বাবে নতুন আৰু অধিক ফলপ্ৰসূ এন্টিবায়টিক প্ৰস্তুত কৰা হয়, তেন্তে প্ৰায় ১ কোটি ১০ লাখ লোকক ৰক্ষা কৰিব পৰা যাব। এনে পৰিস্থিতিত আমি টিকাকৰণ, নতুন ঔষধ আৰু উন্নত স্বাস্থ্যসেৱাৰ জৰিয়তে গুৰুতৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাৰ বাবে এক নতুন কৌশল ৰচনা কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ