অহাবৰ্ষত ছেপ্টেম্বৰতেই ধৰালৈ আহিব দেৱী দুৰ্গা, জানক ২০২৫ৰ দুৰ্গা পূজাৰ তাৰিখ
ধৰাৰ পৰা দেৱী দুৰ্গাৰ বিদায়, অন্ত পৰিল ২০২৪ৰ দুৰ্গা পূজাৰ। চলিত বৰ্ষত বিজয়া দশমী ১২ অক্টোবৰ শনিবাৰে পালন কৰা হয় যদিও দেৱী বিসৰ্জন বহু ঠাইত ১৩ অক্টোবৰত পালন কৰা হয়।
এইবাৰৰ পূজীৰ অন্ত পৰাৰ পাছত এতিয়া সকোলৰে প্ৰশ্ন, অহাবৰ্ষত কেতিয়া পূজা। অহা বছৰ ২০২৫ চনত কেতিয়া দুৰ্গা পূজা আৰম্ভ হ’ব আৰু ইয়াৰ বিশদ সময়সূচী জানক-
অহাবৰ্ষত ছেপ্টেম্বৰতেই পালন কৰা হ’ব দুৰ্গা পূজা। ২১ ছেপ্টেম্বৰতেই হব মহালয়া। আৰু ২ অক্টোবৰত হ’ব বিজয়া দশমী। তাৰিখ আৰু বাৰ অনুসৰি – ২৮ ছেপ্টেম্বৰ, দেওবাৰৰ পৰা ষষ্ঠীৰে আৰম্ভ হ’ব ২০২৫ৰ দুৰ্গা পূজা।
দুৰ্গা পূজা ২০২৫
মহালয়া: ২১ ছেপ্টেম্বৰ, দেওবাৰ
মহাষষ্ঠীঃ ২৮ ছেপ্টেম্বৰ, দেওবাৰ
মহাসপ্তমী: ২৯ ছেপ্টেম্বৰ, সোমবাৰ
মহাষ্টমী: ৩০ ছেপ্টেম্বৰ, মঙলবাৰ
মহানৱমী: ১ অক্টোবৰ, বুধবাৰ
বিজয় দশমী: ২ অক্টোবৰ, বৃহস্পতিবাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ