‘বিয়াৰ পূৰ্বে ঘনিষ্ট সম্পৰ্ক কৰাটো উচিত নে !’ সুন্দৰ উত্তৰ আমোঘ লীলা দাসৰ
অসম লাইভৰ ভাতৃ চেনেল ষ্টেট মিৰৰৰ সৈতে কালি ২০ অক্টোবৰ তাৰিখে আধ্যাত্মিক গুৰু আমোঘ লীলা দাসৰ এক সুন্দৰ সাক্ষাতত প্ৰকাশ পাই কেইবাটাও বহু গুৰুত্বপূৰ্ণ কথা। সেই সাক্ষাতত বহু কেইটা কথাৰ মাজতে প্ৰকাশ পাইছে বৰ্তমান সময়ত জানিব লগা এক অতিকে গুৰুত্বপূৰ্ণ কথা।
যি কথা হয়তো আজিৰ দিনত নৱ-প্ৰজন্মই একেবাৰে সাধাৰণ ভাৱে লয়, সেই সন্দৰ্ভতেই মন্তব্য প্ৰকাশ কৰে আমোঘ প্ৰভুই। সেই সাক্ষাতত ষ্টেট মিৰৰৰ ফালৰ পৰা সোধা হয় যে, বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো কিমান শুদ্ধ !
সেই সন্দৰ্ভত আমোঘ প্ৰভুই দিয়ে অতিকে সুন্দৰ উত্তৰ। তেখেতে কয়- সম্পৰ্ক স্থাপন কৰাটো ভুল নহয়, কিন্তু সম্পৰ্ক স্থাপন কৰি পিছত সেই সংগীত এৰি দিয়াটো বুল। কিয়নো এগৰাকী নাৰীৰ বাবে সন্মান সবাতোকৈ ডাঙৰ। নাৰী গৰাকীয়ে সম্পূৰ্ণ বিশ্বাসেৰে সেই সন্মান এগৰাকী পুৰুষৰ হাতত তুলি দিয়ে, সেই সন্মান উলংঘন কৰাটো অপৰাধ।
https://www.instagram.com/reel/DBVsJhcSZkR/?utm_source=ig_web_copy_link
লগতে আমোঘ প্ৰভুই ইয়াকো কয় যে, সেয়ে বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেই নাৰীক লগে লগে বিবাহ কৰক। প্ৰেম কৰিলে সেই প্ৰেমৰ ক্ষেত্ৰত বিশ্বাস কৰাটোও প্ৰয়োজন। লগতে সমাজে এই ক্ষেত্ৰত এক অনুষ্ঠানৰো আয়োজন কৰেস গতিকেই বিবাহ কৰি উঠি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো শুদ্ধ।
পাছে আমোঘ লীলা দাস তথা প্ৰভু কোন হয় –
আমোঘ লীলা দাসৰ বিষয়ে ৱেবত লিখিত তথ্য খুব কম। কিন্তু ইউটিউবত দিয়া কিছুমান ভিডিঅ’ সাক্ষাৎকাৰ অনুসৰি আমোঘ লীলা দাসে কয় যে তেওঁৰ জন্ম আশীষ অৰোৰা হিচাপে লক্ষ্ণৌৰ এটা ধৰ্মীয় পৰিয়ালত হৈছিল।
আমোঘ লীলা দাসৰ মতে, তেওঁ অতি কম বয়সতে আধ্যাত্মিক যাত্ৰাত নামিছিল। ২০০০ চনত দ্বাদশ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ ভগৱানৰ সন্ধানত ঘৰৰ পৰা ওলাই আহিছিল। অৱশ্যে তেওঁ পুনৰ আহি চফটৱেৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লোৱাৰ সিদ্ধান্ত লয়। ২০০৪ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক নিগমত কাম কৰিবলৈ আৰম্ভ কৰে।
আমোঘ লীলা দাসৰ মতে ২০১০ চনত কৰ্পৰেট জগত এৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰজেক্ট মেনেজাৰৰ পদত অধিষ্ঠিত হৈছিল। ২৯ বছৰ বয়সত ইস্ককনত যোগদান কৰি তেওঁ এজন নিষ্ঠাবান হৰে কৃষ্ণ ব্ৰহ্মচাৰী (ব্ৰহ্মচাৰী) হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















