আজি ভাতৃ দ্বিতীয়া বা ভাইফোঁট। ভাতৃ দ্বিতীয়াৰ দিনটোত ভনীয়েক বা বায়েকে ভায়েকৰ মঙ্গল কামনাৰে কঁপালত আঁকি দিয়ে তিলক। ভাতৃ দ্বিতীয়া পালনৰ কিছু নিয়ম নীতি থাকে। সেই নিয়ম মানিহে বায়েকে ফোঁট দিয়ে ভায়েকক। জ্যোতিষশাস্ত্ৰ মতেও এই দিনটোৰ কেইটামান নিয়ম মানি চলিলে ভায়েকৰ সৌভাগ্য বৃদ্ধি পায়।
কি কি নিয়ম মানি চলাটো দৰকাৰ? সেই ,সম্পৰ্কে জ্যোতিষশাস্ত্ৰই দিয়া বিধান অনুযায়ী প্রথমেই আছে ভায়েকক তিলক লগাই দিওঁতে সদায়ে পূবৰ ফালে মূৰ থৈহে দিব লাগে। দ্বিতীয়তে ফোঁট দিওতে যি চন্দন ব্যৱহাৰ কৰা হয় সেই চন্দন পূৰ্বে গংগাজলৰ সৈতেহে প্ৰস্তুত কৰি ল’ব লাগে। গংগাজল নাথাকিলে গোলাপজলো ব্যৱহাৰ কৰিব পাৰে। পৰাপক্ষত ফোঁট দিওঁতে কেশৰ চন্দনৰ মিশ্ৰণ ল’ব পাৰে। ফোঁট দিওঁতে সদায়ে ভাতৃ বহা আসনখন কটন কাপোৰৰ হ’ব লাগে।
ফোঁট দিয়াৰ আগতে সদায়ে চাকি-ধুপেৰে আৰতি কৰাটো প্ৰয়োজন। ভাতৃ দ্বিতীয়াৰ দিনা কাঁহ, পিতলৰ বাচন ব্যৱহাৰ কৰাটো শুভ বুলি জ্যোতিষশাস্ত্ৰই প্ৰকাশ কৰিছে। ভাই ফোঁটৰ দিনটোত ফোঁট দিয়াৰ পূ্ৰ্বে ভগ্নীয়ে আগতে ইষ্টদেৱতাক উদ্দেশ্যি পূজা আগবঢ়োৱাটো নিয়ম। লগতে এই দিনটোত ভায়েকক তেওঁৰ পছন্দৰ মিঠাই দিয়াৰ লগতে ভাতৃ-ভগ্নী দুয়োৱে ইজনে আনজনক উপহাৰো আগবঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















