তীৰ্থক্ষেত্ৰ বৃন্দাবনৰ এটা ঘটনাত হতাশ যুক্তিবাদী ভাৰতীয়৷ যুক্তিবাদী একাংশৰ মত, ‘এই দেশত সংস্কাৰমুক্তিৰ শিক্ষা কিমান জৰুৰী এয়া সেই মন্দিৰৰ দৃশ্য এবাৰ চালে আপুনিও ক’ব৷’ কোনো আকৌ চিন্তাত পৰিছে বৃন্দাবনলৈ তীৰ্থভ্ৰমণলৈ অহা তীৰ্থযাত্ৰীৰ স্বাস্থ্যক লৈয়ো৷ এনেকৈ হ’লে বহু লোক অসুস্থ হৈ পৰিব৷
ঘটনাৰ আৰম্ভণি ইন্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ৷ সেই ভিডিঅ’ত দেখা গৈছে মন্দিৰৰ দেৱালত লগোৱা হাতীৰ মূৰ্তিৰ গাৰ পৰা বাহিৰলৈ পৰি থকা পানী খাইছে ভক্তই৷ কোনোৱে সেই পানী যদি হাতত ধৰি খাইছে কোনোৱে আকৌ সেই পানী গ্লাছৰ কাপতো লৈছে৷ ভিডিঅ’টো বৃন্দাবনৰ বাঁকে বিহাৰী মন্দিৰৰ বুলি দাবী কৰিছে নেটিজেনে৷ ভিডিঅ’ত শুনা গৈছে, ‘এই পানী নাখাব৷ সেয়া চৰণামৃত নহয়৷ মন্দিৰৰ পুজাৰীয়ে নিশ্চিত কৰি জনাইছে যে এয়া ACৰ পানী৷’ বিশেষ ভিডিঅ’টো কৰি থকা ব্যক্তিজনৰ কথাত আওকান কৰি ভক্তই খাই গৈছে পানী৷ কোনো কোনোৱে মূৰত ছটিয়াইয়ো লৈছে সেই পানী৷
বৃন্দাবনৰ সেই মন্দিৰৰ বিশেষ ভিডিঅ’ক লৈ সামাজিকমাধ্যমত চৰ্চা হৈছে৷ এই ভিডিঅ’টো যেনেকৈ অজস্ৰ বাৰ নানান মন্তব্যসহ শ্বেয়াৰ কৰা হৈছে তেনেকৈ ভিডিঅ’ৰ তলতো কমেণ্ট কৰিছে হাজাৰজনে৷ কোনোৱে লিখিছে, ‘এওঁলোকক শিক্ষাৰ দৰকাৰ৷ চৰণামৃত ভাৱি এচিৰ পানী খাব ধৰিছে৷’ কোনোৱে আকৌ লিখিছে, ‘সকলোৱে কৰিছে বুলিয়েই কৰিব নেকি? এওঁলোক এনেকৈ কুসংস্কাৰত নিমজ্জিত যে কিবা কাম কৰাৰ পূৰ্বে নিজৰ যুক্তি, বুদ্ধিক এবাৰ কামত লগাওক৷ ভাৰতীয়সকলক এতিয়াও শিক্ষাৰ বহু প্ৰয়োজন৷’
এই সন্দৰ্ভত চিকিৎসকে কৈছে, ‘দয়া কৰি এচিৰ পানী নাখাব৷ এয়াৰ কণ্ডিছনিং চিষ্টেমত প্ৰচুৰ পৰিমানত বেক্টেৰিয়া আদি তাকে৷ এই বেক্টেৰিয়া স্বাস্থ্যৰ বাবে হানিকাৰক৷ যি শৰীৰত প্ৰৱেশ কৰিলে মস্কিষ্ক সঞ্চালনত সমস্যা আহে৷ আনকি স্নায়ুপেশীৰো ক্ষতি হ’ব পাৰে৷’
একাংশই এই বিষয়টোক লৈ মন্দিৰ কৰ্তৃপক্ষক দোষ দিছে৷ তেওঁলোকৰ বক্তব্য, ‘কুসংস্কাৰৰ মাত্ৰা দেখি অবাক হৈছো৷ আৰু অদ্ভুত বিষয়টো হৈছে মন্দিৰ কৰ্তৃপক্ষই কিয় ইয়াত সাৱধানবানী লিখা নাই৷ তেওঁলোকে ইয়াত এয়া এচিৰ পানী নাখাব বুলি লিখি ৰাখক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ