জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ প্ৰেছিডেণ্ট হিচাপে শপত ল’ব ড’নাল্ড ট্ৰাম্পে৷ আনুষ্ঠানিকভাৱে আসন দখল কৰাৰ পূৰ্বেই ব্ৰিকছ দেশসমূহৰ বিৰুদ্ধে সুৰ সলাইছে নৱনিৰ্বাচিত প্ৰেছিডেণ্টে৷ ট্ৰাম্পে, বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ওপৰত ১০০ শতাংশ আমদানি শুল্ক চপাব পাৰে৷
ডলাৰৰ প্ৰতিপত্তি কমাবলৈ নতুন মুদ্ৰা অনাৰ পৰিকল্পনা আছে ভাৰতৰ৷ ৰাছিয়া, চীন আৰু ব্ৰাজিলৰ দৰে ব্ৰিকছ দেশসমূহৰ৷ এই খবৰ লাভ কৰিছে ট্ৰাম্পেও৷ ইয়াৰ পাছতেই ব্ৰিকছ দেশসমূহক শিক্ষা দিবলৈ ভাতে মৰাৰ কৌশলো লৈছে যুক্তৰাষ্ট্ৰৰ দণ্ডমুণ্ডৰ ভাৱী কৰ্তা ডনাল্ড ট্ৰাম্পে৷
ট্ৰাম্পৰ এই শুল্ক যুদ্ধ ঘোষণাৰ কেইদিনমান পাছতেই ডলাৰক লৈ বিবৃত্তি দিছে ৰিজাৰ্ভ বেংকৰ সদ্য বিদায়ী গভৰ্নৰ শক্তিকান্ত দাসে৷ ৬ ডিচেম্বৰত তেওঁ জনাইছে যে এতিয়াই ডলাৰৰ প্ৰতিপত্তি কমোৱাৰ পথত ভাৰত আগবঢ়া নাই৷ ডি ডলাৰাইজেছন সম্পৰ্কে কেন্দ্ৰীয় বেংক উদ্বিগ্ন হ’লেও এতিয়াই এই বিষয়ে চৰম সিদ্ধান্ত ল’বলৈ নাৰাজ দেশৰ শীৰ্ষ বেংক৷ ডি ডলাৰাইজেছনক লৈ মতামত দিবলৈ গৈ তেওঁ জনাইছিল, ‘কেৱলমাত্ৰ ডলাৰ নিৰ্ভৰ বাণিজ্যই ভৱিষ্যতে ভাৰতৰ বাবে সমস্যা তৈয়াৰ কৰিব পাৰে৷’
ট্ৰাম্প জিকাৰ পাছত ডলাৰ যথেষ্ট শক্তিশালী হৈছে৷ ডলাৰৰ নিৰিখত টকাৰ দাম প্ৰায় ৮৫টকা হৈছেগৈ৷ ফলত ভাৰত আৰু জাপানৰ দৰে দেশসমূহৰ পৰা বিনিয়োগ আঁতৰাইছে বিনিয়োগকাৰীসকলে৷ ইয়াৰ বাবে সংশ্লিষ্ট দেশসমূহৰ শ্বেয়াৰৰ সূচকৰ বৃহৎ পতন লক্ষ কৰা গৈছে৷
মূল্যবৃদ্ধি বা মুদ্ৰাৰ অৱমূল্যায়ন হ’লে এক মুদ্ৰাৰ ওপৰত নিৰ্ভৰতাই অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰিছে অৰ্থনীতিবিদে৷ সেয়ে ডলাৰৰ নিৰ্ভৰতা কমাবলৈ আৰু শুল্ক সমস্যাৰ মোকাবিলা কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বিকল্প ৰাস্তা বিচৰাৰ পৰিকল্পনা কৰিছে৷ আন্তৰ্জাতিক বাণিজ্যত টকাৰ ব্যৱহাৰ আৰু বৃদ্ধি কৰিবলৈ আৰু বাণিজ্যক অসুবিধামুক্ত কৰাৰ বাবে কেইবাখনো দেশৰ সৈতে চুক্তিৰ পথত আগবাঢ়িছে ভাৰত৷
সম্প্ৰতি ব্ৰাজিলৰ প্ৰেছিডেণ্ট লুইজ ইনাছিও লুলা দ্যা ছিলভা বিশ্ব বাণিজ্যত ডলাৰৰ নিৰ্ভৰতা কমাই বিকল্প মুদ্ৰা তৈয়াৰ কৰাৰ বাবে ব্ৰিকছ দেশসমূহৰ প্ৰতি আহ্বান জনাইছে৷ সেই আবেদনৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজৰ স্পষ্ট অৱস্থান এতিয়াও জনোৱা নাই৷ এই সন্দৰ্ভত ভাৰতৰ আৰ্থিক বিশেষজ্ঞসকলেও ব্ৰিকিছ মুদ্ৰা আৰম্ভ কৰাৰ প্ৰতিবন্ধকতাক লৈ মতামত দিছে৷
ইউৰোপৰ দেশসমূহৰ তুলনাত ব্ৰিকছৰ দেশসমূহৰ আৰ্থ সামাজিক পৰিস্থিতি আৰু আৰ্থিক নীতি সম্পূৰ্ণ ভিন্ন৷ ভাৰত, ৰাছিয়া, চিন আৰু ব্ৰাজিলৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিস্থিতি আৰু সমস্যাও পৃথক৷ সেয়ে ব্ৰিকছ মুদ্ৰা আৰম্ভ কৰিবলৈ হ’লে তাৰ নীতি নিৰ্ধাৰণত নানান বাধা তৈয়াৰ হ’ব পাৰে বুলিও ধাৰণা কৰিছে আৰ্থিক বিশেষজ্ঞসকলৰ একাংশই৷
এই সংকটৰ পৰা ৰেহাই পাবলৈ ভাৰতে আৰু এটি বিকল্প পন্থা বাচি লৈছে৷ ডলাৰ আৰু অন্যান্য বৈদেশিক মুদ্ৰাৰ তহবিল কমাই সোন জমা কৰাৰ পথত আগুৱাইছে নতুনদিল্লী৷ ৰিজাৰ্ভ বেংকৰ তথ্যই কৈছে যে চলিত বছৰ ৰেকৰ্ড সোণ মজুত কৰিছে ভাৰতে৷ অন্যান্য দেশ আনকি চীনৰ শীৰ্ষ বেংকৰ তুলনাত সোণ কিনাত আগুৱাই আছে ভাৰত৷
আৰ বি আইৰ তথ্যই কৈছে যে বিগত জুন মাহত ৯.৩ টন সোন কিনিছে ভাৰতে৷ যি বিগত দুবছৰৰ মাজত সৰ্বোচ্চ৷ চলিত বছৰৰ মাজপৰ্যন্ত ভাৰতে সোণ কিনাৰ পৰিমাণ আছিল ৩৭.১ টন, যি ২০১৩ চনৰ পাছত সকলোতকৈ বেছি৷ অক্টোবৰ মাহত আৰ বি আইয়ে আৰু ২৭ টন সোন জমা কৰিছে নিজৰ লকাৰত৷ মাৰ্চ ২০২৪ ৰ শেষত ৰিজাৰ্ভ বেংকৰ সোনৰ তলবিল বাঢ়ি হৈছেগৈ ৮২২.৭৩ টন৷ ২০২২ চনৰ মাৰ্চ মাহত যাৰ পৰিমান আছিল ৭৬০.৪২ টন৷
RBIয়ে প্ৰতি বছৰে নিজৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ প্ৰকাশ কৰে৷ সেই তথ্য অনুসৰি আৰ বি আইৰ বিদেশি মুদ্ৰা সংৰক্ষণৰ পৰিমাণ মুঠ ৫৫ লাখ কোটি টকাৰো বেছি৷ ইয়াৰ মাজত ডলাৰ, পাউণ্ড, ইউৰোৰ মুঠ মিলিত পৰিমাণ ৪৮ লাখ কোটি টকা৷ ৩লাখ ৭৭ হাজাৰ ২৫০ কোটি টকা মূল্যৰ সোণ জমা কৰিছে ভাৰতে৷
ৱাৰ্ল্ড গল্ড কাউন্সিলে জনাইছে যে চলিত বছৰৰ অক্টোবৰত বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহে যি পৰিমাণৰ সোণ কিনিছিল তাৰ ৪৮শতাংশ আছিল ভাৰতীয় কেন্দ্ৰীয় বেংকৰ৷ আন্তৰ্জাতিক মুদ্ৰা তহবিলৰ পৰা দিয়া ৰিপৰ্টৰ ভিত্তিতেই জানুৱাৰীৰ পৰা অক্টোবৰৰ মাজত আৰ বি আইয়ে ৭৭টন সোণ কিনিছে৷ যি অন্যান্য দেশৰ তুলনাত সবাতোকৈ বেছি৷ সোণ কিনাৰ নিৰিখত ভাৰতৰ পাছতেই আছে তুৰস্ক আৰু পোলেণ্ড৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ