স্কুল যাম বুলি ওলাই গৈছিল শিশু দুটি৷ মাতৃয়েও স্কুললৈ ওলিয়াই পঠিয়াইছিল দুয়োকে৷ কিন্তু স্কুল নাপালেগৈ দুয়োটা শিশু৷ স্কুলৰ পৰা ফোন আহিল৷ দুটি শিশু স্কুল গৈ পোৱা নাই৷ তাৰপিছতেই মাতৃৰ হাহাকাৰ৷ ক’ত হে’ৰাল দুই পুত্ৰ? টংলাৰ নিৰুদিষ্ট দুই ছাত্ৰ অৱশেষত উদ্ধাৰ হ’ল৷ কিন্তু জীৱন্তে দুই পুত্ৰক ঘূৰাই নাপালে মাতৃয়ে৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হ’ল দুই ছাত্ৰৰ দেহ৷
টংলাৰ নিৰুদৃষ্ট দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে ঘৰৰ পৰা কিছু দূৰৈত এক হাবিতলীয়া স্থানত৷ দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে ছাত্ৰদ্বয়ক৷ টংলা যোৰপুখুৰীৰ নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ ক্ৰমে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুকুৰবাৰে বিদ্যালয়লৈ যোৱা পথত নিৰুদ্দেশ হৈছিল ৷ কিন্তু কোনে কি উদ্দেশ্যত ইমান কণমানি শিশুদ্বয়ক হত্যা কৰিলে সেই বিষয়টোক লৈ আচৰিতো হৈছে বহুজন৷ ইপিনে মাতৃয়ে সন্তানক কোনে কিয় হত্যা কৰিব পাৰে সেই সন্দৰ্ভত দিয়া ভাষ্যত কয়,
‘আমাৰ কিছু ধাৰ আছিল৷ আমি যিমান পাৰো ধাৰ মাৰিবলৈ যত্ন কৰিছিলো৷ কিন্তু আমি উপায়হীন, সেয়ে অলপ অলপকৈ দি আছিলো৷ মোৰ স্বামী পূৰ্বে ছৌদী আৰৱত কাম কৰি আছিল, কিন্তু এবছৰ পূৰ্বে তেওঁ ঘৰলৈ আহিল৷ ঘৰলৈ অহাৰ পিছত আমাৰো হাতত ইমান ধন নাই সেয়ে আমি ৰিস্ক ল’ব পৰা নাছিলো৷ আমাক ধন বিচাৰি বহুত মানসিক অত্যাচাৰ চলাই আছিল যাৰ পৰা ধাৰে লৈছিলো তেওঁলোকে৷ কিন্তু মোৰ শিশু দুটাক কোনে জীৱন কাঢ়িলে মই ধৰিব পৰা নাই৷ মই কাক সন্দেহ কৰিম ভাৱিয়েই পোৱা নাই৷’ এয়া আছিল মাতৃৰ ভাষ্য৷ কোনে কি কাৰণত দুটিকৈ শিশুক নৃশংসভাৱে হত্যা কৰিলে সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমানলৈ আৰক্ষীয়ে প্ৰকাশ কৰা নাই৷
ইতিমধ্যে ঘটনাৰ তথ্য বিচাৰি গুৱাহাটীৰ পৰা ৰাওনা হৈছে CIDৰ বিশেষ দল৷ তদন্তৰ পাছতহে এই নৃশংস ঘটনাৰ সবিশেষ তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ