দেৱতাৰ দানবক্সত আইফোন৷ সেই আই ফোন পোৱাৰ লগে লগেই ঘটিল আৰু এক কাণ্ড৷ মন্দিৰ কৰ্তৃপক্ষই জনাই দিছে যে এবাৰ দানবক্সত সোমোৱা বস্তু আৰু উভতাই দিয়া নহয়৷ এবাৰ দান বক্সত সোমালে সেয়া ঈশ্বৰৰ হৈ যায়৷ মন্দিৰৰ দানবক্সত সোমোৱা মোবাইল ঘূৰাই নিদিয়ে মন্দিৰ কৰ্তৃপক্ষই৷
মন্দিৰত প্ৰণামী দিয়াৰ বাবে পকেটৰ পৰা ধন বাহিৰ কৰিবলৈ লওঁতেই তেওঁৰ দামী আইফোনটো দানবক্সত সোমাই পৰে৷ লগে লগেই যুৱক মন্দিৰ কৰ্তৃপক্ষৰ দ্বাৰস্ত হয়৷ অনুৰোধ কৰে যে, এবাৰ যেন দানবক্সটো খুলি তেওঁৰ মোবাইলটো ভিতৰৰ পৰা ওলিয়াই দিয়ে৷ কিন্তু মন্দিৰ কৰ্তৃপক্ষই জনাই যে এবাৰ দানবক্সত সোমোৱা বস্তু ঈশ্বৰৰ সম্পত্তি হৈ যায়৷ সেই সামগ্ৰী আৰু উভতাই দিয়া নহয়৷
এই ঘটনাটো ঘটিছে তামিলনাডুৰ থিৰুপৰুৰৰ আৰুলমিগু কান্দাস্বামী মন্দিৰত৷ দীনেশ নামৰ এজন যুৱকে বিগত মাহত তেওঁৰ পৰিয়ালৰ সৈতে মন্দিৰলৈ গৈছিল৷ দানবক্সত টকা দিয়াৰ সময়ত তেওঁৰ হাতৰ পৰা হঠাৎ ফোনটো পৰি বক্সত সোমাই যায়৷ মোবাই উভতাই বিচৰাত মন্দিৰ কৰ্তৃপক্ষই তেওঁক মোবাইল দিবলৈ মান্তি নহয়৷ তেওঁলোকে কয় যে এই বক্স দুমাহত এবাৰহে খোলা হয়৷ এতিয়া বাহিৰ কৰিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ