মহানগৰীৰ ৰাজপথত ভয়ংকৰ ঘটনা!
ৰেপিড’ৰ বাবে ৰৈ থকা মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক হানি খুচি দুৰ্বৃত্তই পেলাই থৈ গৈছিল ৰাজপথত৷
গুৱাহাটীৰ লাষ্টগেটৰ ওচৰৰ নাহৰণি পথত এই ঘটনা৷
দিনদুপৰতে ৰাজপথৰ কাষত ৰৈ থকা যুৱতীক ছুৰিকাঘাত৷
এখন ছুইফ্ট ডিজায়াৰ বাহনেপে আহিছিল হত্যাকাৰীটো৷
উপৰ্যোপৰি আঘাত হানি এৰি থৈ যোৱা যুৱতীগৰাকীৰ GMCHত মৃত্যু৷
২৮ বছৰ বয়সীয়া যুৱতীগৰাকীৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ বুলি জানিব পৰা গৈছে৷
দুৰ্বৃত্তই ডিঙি, পেট আৰু হাতত ছুৰিকাঘাত কৰিছিল যুৱতীগৰাকীৰ৷
জানিব পৰামতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল যুৱতীগৰাকী৷
বিগত এমাহৰ পৰা মহানগৰীৰ নাহৰণি পথত ভাড়াঘৰত আছিল যুৱতীগৰাকী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















