সন্মুখত মহাশিৱৰাত্ৰী৷ ফাগুন মাহত পালিত হয় মহাশিৱৰাত্ৰি৷ অৰ্থাৎ সন্মুখত মাহতেই মহা শিৱৰাত্ৰি৷ মহাশিৱৰাত্ৰিলৈকে চলিব মহাকুম্ভৰ মেলা৷ এই পুণ্যতিথিত গংগাস্নানৰ মাহাত্ম্যই পৃথক৷ মহাকুম্ভ উপলক্ষ্যে সেয়ে প্ৰয়াগৰাজত ভীৰ লাগিছে কোটি কোটি ভক্তৰ৷
পুৰাণ, বেদ আৰু হিন্দু ধৰ্মীয় শাস্ত্ৰত ভগৱান শিৱৰ মাহাত্ম্য নানানধৰণে বৰ্ণিত আছে৷ ভক্তসকলে বিশ্বাস কৰে যে খুব সহজ উপাচাৰতেই শিৱ সন্তুষ্ট হয়৷ তেওঁ আশীৰ্বাদ দিয়াত কাৰ্পণ্য নকৰে৷ এইবাৰ মহাশিৱৰাত্ৰি কেতিয়া পৰিছে সেই বিষয়টোক লৈ বহুতৰে মনত বিভ্ৰাটো আছে৷ জানি থওক এইবাৰৰ মহাশিৱৰাত্ৰিৰ সঠিক সময়৷
২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উদযাপিত হ’ব৷ শিৱ ভক্তসকলৰ বাবে এই দিনটোৰ বিশেষ গুৰুত্ব আছে৷ মহাশিৱৰাত্ৰি ২০২৫ চনত মহাশিৱৰাত্ৰি পালন কৰা হ’ব ২৬ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰ পৰ্যন্ত৷ পূজাৰ শুভ সময় আৰম্ভ হ’ব ২৬ ফেব্ৰুৱাৰী পুৱা ১১ বাজি ৮ মিনিটত আৰু শেষ হ’ব ২৭ ফেব্ৰুৱাৰী পুৱা ৮ বাজি ৫৪ মিনিটত৷ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীৰ নিশা চাৰি প্ৰহৰতেই পূজা কৰিব লাগিব ভক্তই৷
নিশাৰ প্ৰথম প্ৰহৰৰ পূজাৰ সময়ঃ সন্ধিয়া ৬ বাজি ১৯ মিনিটৰ পৰা ৯ বাজি ২৬ মিনিট পৰ্যন্ত৷
নিশাৰ দ্বিতীয় প্ৰহৰৰ পূজাৰ সময়ঃ ৯ বাজি ২৬ মিনিটৰ পৰা নিশা ১২ বাজি ৩৪ মিনিট পৰ্যন্ত৷
নিশাৰ তৃতীয় প্ৰহৰৰ পূজাৰ সময়ঃ নিশা ১২ বাজি ৩৪ মিনিটৰ পৰা পুৱতি নিশা ৩ বাজি ৪১ মিনিট পৰ্যন্ত৷
নিশাৰ চতুৰ্থী প্ৰহৰৰ পূজাৰ সময়ঃ নিশা ৩ বাজি ৪১ মিনিটৰ পৰা ৬ বাজি ৪৮ মিনিট পৰ্যন্ত৷
শাস্ত্ৰ অনুসৰি, শিৱৰাত্ৰীৰ মহা কল্যাণকাৰী ৰাত্ৰি৷ ভাল স্বামী পোৱাৰ বাবে শিৱৰ পূজা কৰা হয় আৰু এই কথা সম্পূৰ্ণ ঠিক নহয়৷ মহাদেৱক যি কোনো সময়তেই আপুনি স্মৰণ কৰিব পাৰে৷ কাৰণ একেবাৰে নিজস্বও হ’ব পাৰে৷ চতুৰ্দশী তিথিৰ অধিপতি শিৱ৷ সেয়ে শিৱপূজাৰ বাবে এই তিথিৰ গুৰুত্ব অপৰিসীম৷
(disclaimer- প্ৰিয় পাঠক, আমাৰ খবৰ পঢ়াৰ বাবে আপোনাক ধন্যবাদ৷ ওপৰৰ বিষয়সমূহ আপুনি মানিবই লাগিব বুলি কোনো কথা নাই৷ ধৰ্মীয় বিশ্বাস নিজস্ব বিষয়৷ সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে অসম লাইভ ২৪ ইয়াৰ বাবে দায়ী নহয়৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















