শোকাৱহ দুৰ্ঘটনা, তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ খাৱৈত পৰি ৫ নিহত বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধি আশংকা
আজি ২ ফেব্ৰুৱাৰী দেওবাৰে পুৱাই আহে এক শোকাৱহ দুৰ্ঘটনাৰ খবৰ। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাত পতিত। গুজৰাটৰ ডাং জিলাত তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ দ খাৱৈত বাগৰি পৰাত ৫জন লোক নিহত হোৱাৰ লগতে বহু কেইজন গুৰুতৰভাৱে আহত হয়।
আহত সকলৰো ১৭জন লোকৰ অৱস্থা অতিকে সংকটজনক। আৰক্ষীয়ে সদৰি কৰে দুৰ্ঘটনাৰ বিষয়ে এই তথ্য। ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক এছ জি পাটিলে জানিবলৈ দিয়া মতে, আজি পুৱা প্ৰায় ৪.১৫ বজাত সপুতৰা হিল ষ্টেচনৰ সমীপত বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে ইয়াকো কয় যে ৪৮ জন তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনে পথৰ কাষৰ ডিভাইডাৰ ভাঙি প্ৰায় ৩৫ ফুট দ খাৱৈত পৰি যায়।
বিষয়াগৰাকীয়ে জনোৱা মতে, পাঁচজন লোক — দুগৰাকী মহিলা আৰু তিনিজন পুৰুষৰ থিতাতে মৃত্যু হয়। বিষয়াগৰাকীয়ে কয় যে পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৭জন গুৰুতৰভাৱে আহত হৈ আহৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আন একাংশ সামান্য আঘাতপ্ৰাপ্ত হৈছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ত্ৰিম্বকেশ্বৰৰ পৰা ৪৮ গৰাকী তীৰ্থযাত্ৰীক লৈ গুজৰাটৰ দ্বাৰকালৈ গৈ আছিল বাছখন। বিষয়াগৰাকীয়ে কয় যে তীৰ্থযাত্ৰীসকল মধ্যপ্ৰদেশৰ গুনা, শিৱপুৰী আৰু অশোক নগৰ জিলাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















