মাৰ্চত কেইবাদিনো বন্ধ থাকিব বেংক৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ছুটিৰ তালিকা অনুসৰি চলিত বছৰৰ মাৰ্চ মাহত ১৩ দিন বন্ধ থাকিব বেংক৷ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ ওপৰিও মাৰ্চ মাহত ৫ ৰা ৰবিবাৰে বন্ধ থাকিব বেংক৷ ইয়াৰোপৰি আছে একাধিক অনুষ্ঠানো৷ ৩১দিনীয়া মাৰ্চ মাহত ১৩ দিন বেংক বন্ধত গ্ৰাহকো অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷ মাৰ্চৰ কোন কোন তাৰিখে বন্ধ থাকিব বেংক?
মাৰ্চ মাহৰ বেংক ছুটীৰ তালিকা
২ মাৰ্চ দেওবাৰ সমগ্ৰ দেশতেই বেংক বন্ধ থাকিব৷
৭ আৰু ৮ মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰে আইজলত বন্ধ থাকিব বেংক৷
৯ মাৰ্চ দেওবাৰে সমগ্ৰ দেশতেই বন্ধ থাকিব বেংক৷
১৩ মাৰ্চ বৃহস্পতিবাৰে হোলিকা দহনৰ বাবে পশ্চিমবংগ, ঝাৰখণ্ড, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, কেৰালা, হিমাচলপ্ৰদেশত বেংক বন্ধ থাকিব৷
১৪ মাৰ্চ শুকুৰবাৰে হোলি উপলক্ষে সমগ্ৰ দেশতেই বন্ধ থাকিব বেংক৷
১৫ মাৰ্চ শনিবাৰে ইয়াওচেং দিৱসৰ বাবে ত্ৰিপুৰা, ওড়িশা, বিহাৰ, তামিলনাডু, মণিপুৰ, কৰ্নাটক, পাটনাত বন্ধ থাকিব বেংক৷
১৬ মাৰ্চ দেওবাৰ ছুটীৰ দিন বাবে সমগ্ৰ দেশতেই বন্ধ থাকিব বেংক৷
২২ মাৰ্চ শনিবাৰ চতুৰ্থ শনিবাৰ আৰু বিহাৰ দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতেই ছুটি থাকিব৷ কিন্তু বিহাৰ দিৱসৰ কাৰণে বিহাৰৰ বেংকসমূহত বিশেষ ছুটি থাকিব৷
২৩ মাৰ্চ দেওবাৰে দেশৰ সৰ্বত্ৰতে বেংক বন্ধ থাকিব৷
২৭ মাৰ্চ বৃহস্পতিবাৰে শবে কদৰ উপলক্ষে জম্মু আৰু শ্ৰীনগৰত বেংক বন্ধ থাকিব৷
৩০ মাৰ্চ দেওবাৰে সকলো বেংক বন্ধ৷
৩১ মাৰ্চ ঈদ উল ফিতৰ৷ কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে ঈদৰ দিনা বেংকৰ ছুটি বাতিল কৰিছে৷ প্ৰকৃততে ৩১ মাৰ্চ হৈছে ২০২৪-২০২৫ অৰ্থবৰ্ষৰ শেষ দিন৷ এই পৰিস্থিতিত ২০২৪-২০২৫ অৰ্থবৰ্ষৰ শেষ দিনত সমস্ত চৰকাৰী লেনদেন যাতে সঠিকভাৱে সম্পন্ন কৰা হয় তাৰবাবে আৰ বিআইয়ে এই নিৰ্দেশ জাৰি কৰিছে বুলি জনা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















