হাৰ্ট এটেক এটা মেডিকেল ইমাৰ্জেন্সি৷ হাৰ্ট এটেক মানেই হঠাৎ হৃদপিণ্ডত তেজৰ সৰবৰাহ বন্ধ হৈ যোৱা৷ প্ৰতিবছৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰায় ৮০৫,০০০ মানুহ হাৰ্ট এটেকত আক্ৰান্ত হয়৷ চিকিৎসকৰ পৰিভাষাত ইয়াক কোৱা হয় মায়োকাৰ্ডিয়েল ইনফাৰ্কছন৷ অৰ্থাৎ প্ৰতি ৪০ ছেকেণ্ডত এজন ব্যক্তি হাৰ্ট এটেকত আক্ৰান্ত হয়৷

মেডিকেল আলোচনী ‘নিউজ টুডে’ত প্ৰকাশিত ৰিপৰ্ট অনুসৰি ২০০৩ চনত এত সমীক্ষা কৰা হৈছিল৷ অংশ লৈছিল ৫১৫ গৰাকী মহিলাই৷ যিসকল হাৰ্ট এটেক ছাৰভাইভাৰ৷ তেওঁলোকৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছে হাৰ্ট এটেকৰ এমাহ পূৰ্বে তেওঁলোকৰ প্ৰত্যেকৰে শৰীৰত কিছু উপসৰ্গই দেখা দিছিল৷ এই উপসৰ্গসমূহ কি কি? জানি থওক আগতীয়াতৈয়ে৷

হাৰ্ট এটেকৰ এমাহ পূৰ্বৰে পৰা শৰীৰত ৩টা সংকেতে দেখা দিয়ে৷ ইয়াৰ মাজত প্ৰথম সংকেত হৈছে মাৰাত্মক ক্লান্তি৷ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলৰ মাজত ৭১শতাংশই হাৰ্ট এটেকৰ এমাহ পূৰ্বৰে পৰা প্ৰচণ্ড ক্লান্তিত ভূগিছিল৷ দ্বিতীয় সংকেত হৈছে টোপনি নোহোৱা৷ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলৰ ৪৭.৮শতাংশই হাৰ্ট এটেকৰ এমাহ আগৰে পৰা নিদ্ৰাহীনতাত ভূগিছিল৷ তৃতীয় সংকেত হৈছে নিশ্বাসত কষ্ট৷ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলৰ মাজত ৪২.১ শতাংশই হাৰ্ট এটেকৰ এমাহ পূৰ্বৰে পৰা শ্বাসকষ্টত ভূগিছিল৷

ৰোগীৰ শৰীৰত কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ কাষলৈ যাব? প্ৰথম লক্ষণ হৈছে ৰোগী খুব ঘামিব৷ শ্বাসকষ্ট হ’ব৷ হাৰ্ট এটেকৰ সেয়া প্ৰাথমিক লক্ষণ৷ হাৰ্ট এটেকত ৰোগীৰ দমবন্ধ হৈ অহা যেন হ’ব৷ বুকুত বিষ অনুভৱ হ’ব৷ ঠাণ্ডাও লাগিব পাৰে৷ হাৰ্ট এটেকত বুকুৰ পৰা বিষ ক্ৰমশ হাত, কান্ধ আৰু ডিঙিলৈকে যাব পাৰে৷ মহিলাসকলৰ ক্ষেত্ৰত বুকুত বিষ, ঘামি যোৱা, শ্বাকষ্টত ভোগা, পেটত অস্বস্তি, পিঠিত বিষৰ দৰে কিছু লক্ষণেও দেখা দিব পাৰে৷