বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত
কৰণাৰ পাছত এইবাৰ আন এক মহামাৰীৰ ভয়ংকৰ সংকটে দেখা দিছে। আহি আছে আন এক ভয়ংকৰ ভাইৰাছ। এইবাৰ এই বাইৰাছৰ আৰম্ভমি আমেৰিকা। এই ভাইৰাছ মানৱ শৰীৰৰ লগতে সমানে সংক্ৰমণ হৈ আছে জীৱ-জন্তু বোৰো। যাৰ বাবে অধিক ভয়াৱহ ৰূপত দেখা দিছে এই ভাইৰাছে।
এই ভাইৰাছ বিধৰ নাম H5N1, ই এক প্ৰকাৰৰ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ যি বাৰ্ড ফ্লুৰ দৰে এক ভাইৰাছ। এই ভাইৰাছে প্ৰধানকৈ চৰাইক আক্ৰান্ত কৰে যদিও কিছুমান ক্ষেত্ৰত ই মানুহ আৰু অন্যান্য প্ৰাণীকো সংক্ৰমিত কৰিব পাৰে।
শেহতীয়াকৈ আমেৰিকাত এইচ ৫এন১ ভাইৰাছৰ সংক্ৰমণৰ খবৰে উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ যেতিয়া কিছুমান গৰু আৰু মানুহৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
৪০ খনতকৈও অধিক দেশৰ মানৱ আৰু পশু ভাইৰ’লজিষ্টক প্ৰতিনিধিত্ব কৰা সংস্থা গ্ল’বেল ভাইৰাছ নেটৱৰ্কে বিশ্বৰ চৰকাৰসমূহক এইচ ৫এন১ প্ৰাদুৰ্ভাৱৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছে।
আমেৰিকাৰ পৰা প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, “আমেৰিকাত গো-শালাৰ গৰু আৰু মানুহৰ মাজত এইচ ৫এন১ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ সংক্ৰমণৰ ফলত মহামাৰীৰ সম্ভাৱনা বৃদ্ধি পাইছে। ৯৯৫টাতকৈও অধিক গো-শালাৰ গৰুৰ আৰু কমেও ৭০জন মানুহ আক্ৰান্ত হৈছে এই ভাইৰাছত।”
১৯৯৬ চনত চীনত হাঁহত প্ৰথম চিনাক্ত কৰা হৈছিল এই এইচ ৫ এন ১ নামৰ ভাইৰাছ, যি ভাইৰাছ যেতিয়া কুকুৰালৈ বিয়পি পৰে তেতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। কুকুৰাৰ পিছত এই ভাইৰাছ মানুহলৈও বিয়পি পৰে। যদিও এই ভাইৰাছটো মানুহৰ মাজত সহজে বিয়পি পৰা নাছিল, কিন্তু এইবাৰ মানুহৰ ক্ষেত্ৰত ইয়াৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ অধিক হোৱাৰ বাবে ইয়াক গুৰুতৰ চিন্তাৰ বিষয় কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















