অপাৰেচন সিন্দূৰত প্ৰাণ হেৰুওৱা লোকক টকা নোহোৱা পাকিস্তানে দিব ক্ষতিপূৰণ, মাছুদ আজহাৰলৈ ১৪ কোটি
অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে পাকিস্তানত অৱস্থিত কেইবাটাও সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। সেই আক্ৰমণত নিহত হৈছিল ১০০ৰো অধিক সন্ত্ৰাসবাদী। লগতে মৃত্যু হৈছিল সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াল।
এতিয়া বিশ্বৰ আগত টকা নোহোৱা বুলি চকু পানী টোকা পাকিস্তান চৰকাৰে এই অপাৰেচন সিন্দূৰত নিহত সকলৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে। তাকো লাখৰ ঘৰত নহয়, কোটিৰ ঘৰত ক্ষতিপূৰণ দিব পাকিস্তান চৰকাৰে।
প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ ১ কোটিকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে পাকিস্তান চৰকাৰে। তাতোকৈ ডাঙৰ কথা, যি মাছুদ আজহাৰৰ সন্ত্ৰাসৰ কথা সমগ্ৰ বিশ্ব জ্ঞাত, সেই মাছুদলৈ ১৪ কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা পাকিস্তান চৰকাৰৰ।
উল্লেখ্য যে, ভাৰতৰ আক্ৰমণত সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পত্নী তথা সন্তানৰ লগতে পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হৈছিল। সেই হিচাপেই প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে যদি প্ৰতিজন ব্যক্তিৰ মৃত্যুৰ বাবদ পাকিস্তান চৰকাৰে পৰিয়ালটোক ১ কোটি টকা ক্ষতিপূৰণ দিয়ে, তেন্তে মাছুদ আজহাৰে লাভ কৰিব ১৪ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















