হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত যি দেৱ-দেৱীৰ পূজা সকলোতকৈ বেছি প্ৰচলিত তেওঁলোকৰ মাজত অন্যতম হৈছে হনুমান৷ বজৰংবলী হৈছে শক্তি আৰু ভক্তিৰ প্ৰতীক৷ শ্ৰদ্ধা ভক্তিসহকাৰে তেওঁৰ আৰাধনা কৰিলে মনৰ সংকটমোচন হনুমানে মনৰ ইচ্ছা পূৰণ কৰে আৰু সকলো বিপদৰ পৰা ৰক্ষা কৰে৷
হিন্দুধৰ্মত সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ উদ্দেশ্যি নিবেদিত৷ মঙলবাৰ হৈছে বজৰংবলীৰ দিন৷ জেঠ মাহৰ মঙলবাৰে হনুমানৰ আৰাধনা কৰাৰ বাবে বিশেষভাৱে উপযুক্ত৷ জেঠ মাহৰ মঙলবাৰসমূহ জয় মঙলবাৰ নামেৰে পৰিচিত৷ জয় মঙলবাৰে মহিলাসকলে বজৰংবলীৰ পূজা কৰাটো উচিত নে অনুচিত?
বজৰংবলী হৈছে চিৰকুমাৰ৷ সেয়ে মহিলাই তেওঁৰ পূজা কৰিব পাৰে নে নোৱাৰে সেই প্ৰশ্ন বহুতৰেই মনত আহে৷ শাস্ত্ৰই কয় যে মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰে৷ কিন্তু ইয়াৰ কিছু নিয়ম আছে৷ জানি থওক মহিলাসকলে বজৰংবলীৰ পূজাবিধি কেনেতৈ পালন কৰিব?
এই নিয়মেৰে বজৰংবলীৰ পূজা কৰক মহিলাসকলে
- মহিলাসকলে বজৰংবলীৰ পূজা কৰক, কিন্তু তেওঁৰ মূৰ্তি স্পৰ্শ নকৰিব৷ দূৰৰ পৰা বজৰংবলীক প্ৰণাম কৰক৷
- হনুমান মূৰ্তিৰ চৰণ স্পৰ্শ কৰা উচিত নহয়৷ হাত জোৰ কৰি দূৰৈৰ পৰা প্ৰণাম কৰাৰ উপদেশ শাস্ত্ৰই দিয়ে৷
- বজৰংবলীক অভিষেক কৰোৱাত মহিলাসকলে ভাগ নলব৷ পঞ্চামৃত অৰ্থাৎ গাখীৰ, মৌ, দৈ, ঘিঁ, চেনী ব্যৱহাৰ কৰি হনুমানৰ অভিষেক কৰোৱাৰ যি ৰীতি প্ৰচলিত আছে সেয়া মহিলাসকলে কৰিব নোৱাৰিব৷
- বজৰংবলীক সেন্দূৰ ঘঁহা হয়৷ মহিলাসকলে সেই সেন্দূৰ ঘঁহা কামত অংশ নল’ব৷
- বজৰংবলীৰ পূজাত মহিলাসকলে উপবাসে থাকক কিন্তু মহিলাসকলৰ উপবাসৰ নিয়ম পুৰুষতকৈ কিছু পৃথক৷
- পিৰিয়ড চলাৰ সময়ত হনুমান মন্দিৰলৈ মহিলাসকল নোযোৱাটোৱেই শ্ৰেয়৷
- বজৰংবলীয়ে সকলো নাৰীক সীতা মাতাৰ ৰূপেৰে চাই৷ বজৰংবলীৰ সন্মুখত মহিলাসকলে ষাষ্টাংগে প্ৰণাম নকৰিব৷ কেৱল হাতযোৰ কৰি শ্ৰদ্ধা জনাওক৷
- মহিলাসকলে হনুমান চালিছা আৰু সুন্দৰখণ্ড পাঠ কৰিব পাৰে৷ বজৰংবান মহিলাসকলে পাঠ নকৰাটোৱেই শ্ৰেয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















