দাঢ়ি ৰখা নৰখা, এই বিষয়ত মতানৈক্য হৈয়েই ভাঙি গল ৭মাহৰ বৈবাহিক সম্পৰ্ক৷ কেৱল সেয়াই নহয়, অভিযোগ অনুসৰি স্বামীক এৰি দাঢ়িহীন দেওৰেকৰ সৈতে সম্পৰ্ক গঢ়িছে পত্নীয়ে৷ ঘটনাটো উত্তৰপ্ৰদেশৰ মিৰাটৰ৷ ইতিমধ্যেই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এলেকাটোত৷
মিৰাটৰ উজ্জ্বল গাৰ্ডেন কলোনিৰ বাসিন্দা মৌলানা ছাকিৰৰ অভিযোগ, তেওঁৰ পত্নী আৰ্চিয়ে তেওঁক বাৰে বাৰে দাঢ়ি কাটিবলৈ অনুৰোধো কৰিছিল৷ কিন্তু ছাকিবৰ দাবী তেওঁ ধৰ্মীয় বিশ্বাস ভংগ কৰিব নোৱাৰে৷ সেয়ে তেওঁ ধৰ্মীয় বিশ্বাসৰ কাৰণে মুখমণ্ডলত কোনো কাৰণতে কেঁচি-ক্ষুৰ ব্যৱহাৰ কৰিব নোৱাৰে৷ এই বিষয়ক লৈয়েই দীৰ্ঘদিন ধৰি দাম্পত্য জীৱনত চলিছিল অশান্তি৷ শেষত সেই অশান্তিৰ কাৰণেই ঘৰ এৰে পত্নী আৰ্চিয়ে৷
মাত্ৰ ৭মাহ পূৰ্বে বিয়া কৰাইছিল ছাকিব আৰু আৰ্চিয়ে৷ দ্বাদশ শ্ৰেণী পৰ্যন্ত পঢ়াশুনা কৰা আৰ্চিয়ে বৰ্তমান উচ্চশিক্ষা গ্ৰহণ কৰি আছে৷ বিবাহৰ পাছতেই তেওঁ স্বামীক দাড়ি কাটি ক্লিন ছেভড কৰিবলৈ জোৰ কৰি আহিছিল৷ এই প্ৰসংগত এটা হিন্দী সংবাদসংস্থাক ছাকিবে কয়, ‘মই ধৰ্মবিশ্বাস অনুসৰি দাড়ি ৰখা ফৰজ৷ কিন্তু আৰ্চিয়ে সেয়া মানিবলৈ ৰাজি নহয়৷ বাৰে বাৰে মোক চাপ দি থকা হৈছিল৷ দাড়িক কেন্দ্ৰ কৰিয়েই আমাৰ দাম্পত্য জীৱনত কন্দল বাঢ়িছিল৷’
ইফালে প্ৰতি অভিযোগত আৰ্চিয়ে স্পষ্ট কৰিছে যে, এই বিবাহত তেওঁৰ সন্মতি নাছিল৷ সন্মতি অবিহনেই তেওঁক বিয়া কৰাইছিল ছাকিবে৷ তাৰপিছতেই ছাকিবক তেওঁ ক্লিন ছেভডৰ বাবে অনুৰোধ কৰিছিল যদিও সেই কথা ছাকিবে মনা নাছিল৷ এই দ্বন্দৰ মাজতেই আৰ্চিৰ প্ৰেমত পৰিছিল তেওঁৰেই দেওৰেক৷ ছাকিবৰ ভাতৃ আৰ্চিয়ে বিচৰা ধৰণৰ পুৰুষ৷ সেয়ে আৰ্চিয়ে দেওৰেকৰ সৈতে সংসাৰ কৰিবলৈকে গৃহত্যাগ কৰে৷ নিখোঁজ হৈ যায় দুজনেই৷ আত্মীয়স্বজনৰ সৈতেও যোগাযোগ ৰখা নাই আৰ্চি আৰু ছাকিবৰ ভাতৃয়ে৷
এই সমগ্ৰ ঘটনাৰ সত্যাসত্য জনাইছে এছ পি চিটি আয়ুষ বিক্ৰম সিঙেও৷ তেওঁৰ বক্তব্য, ‘এগৰাকী ব্যক্তিৰ অভিযোগ যে তেওঁৰ পত্নীয়ে তেওঁৰ সৰু ভায়েকৰ সৈতে পলাই গৈছে৷ আমিও নিখোজ হোৱাৰ ৰিপৰ্ট গ্ৰহণ কৰিছো৷ তদন্ত চলিছে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















