অন্ধ্ৰপ্ৰদেশৰ ২৩ বছৰ বয়সীয়া জাহ্নৱী ডাঙ্গেতিয়ে টাইটানছ স্পেছৰ এষ্ট্ৰনট কেণ্ডিডেটৰ অংশ হিচাপে মহাকাশ ভ্ৰমণ কৰিবলৈ সাজু হৈছে৷ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেছন ইঞ্জিনিয়াৰিঙত স্নাতক জাহ্নৱীক পাঁচঘণ্টা স্থায়ী টাইটানছ স্পেছ অৰবিটেল ফ্লাইটত ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ এই সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে জাহ্নৱীয়ে ইনষ্টাগ্ৰামত লিখিছে যে তেওঁ এই যাত্ৰাৰ বাবে অতিকৈ উচ্ছ্বাসিত৷
এই মিছনটো ২০২৯ চনৰ বাবে নিৰ্ধাৰিত হৈছে য’ত ৩ ঘণ্টা কোনো মধ্যাকৰ্ষণ বল নাথাকে৷ জাহ্নৱীৰ মতে এয়া বৈজ্ঞানিক গৱেষণা আৰু মানৱ মহাকাশযানৰ অগ্ৰগতিক এক অনন্য ৰূপান্তৰকাৰী পৰিবেশ প্ৰদান কৰিব৷ মিছন চলাৰ সময়ত সদস্যসকলে ২বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিব আৰু দুটা সূৰ্যোদয় আৰু দুটা সূৰ্যাস্ত প্ৰত্যক্ষ কৰিব৷ মিচনৰ নেতৃত্বত থাকিব প্ৰবীণ নাছাৰ মহাকাশচাৰী আৰু অৱসৰপ্ৰাপ্ত মাৰ্কিন সেনাবাহিনীৰ কৰ্নেল উইলিয়াম মেকআৰ্থাৰ জুনিয়ৰ, তেওঁ এতিয়া টাইটানছ স্পেছৰ প্ৰধান মহাকাশচাৰী হিচাপে দায়িত্ব পালন কৰিছে৷
বছৰৰ পাছত বছৰ ধৰি জাহ্নৱীয়ে STEM আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণৰ বাবে পৰিচিত৷ তেওঁ শূন্য মধ্যাকৰ্ষণ, উচ্চ উচ্চতা মিছন, স্পেছ ছুট অপাৰেছন আৰু গ্ৰহৰ ছিমুলেছনত প্ৰশিক্ষণ লৈছে৷ তেওঁ নাছাৰ আন্তৰ্জাতিক বিমান আৰু মহাকাশ কৰ্মসূচীৰ বাবে নিৰ্বাচিত প্ৰথম ভাৰতীয় হিচাপেও পৰিচিত৷ নিৰ্বাচিত হোৱাৰ পাছতেই জাহ্নৱীয়ে প্ৰশিক্ষণৰ পৰবৰ্তী পদক্ষেপসমূহ সম্পৰ্কেও লিখিছে, ‘২০২৬ চনৰ পৰা আৰম্ভ হব এই যাত্ৰাৰ যাৱতীয় প্ৰশিক্ষণ৷ আগন্তুক ৩ বছৰ ধৰি মই টাইটানছ স্পেছৰ ASCAN প্ৰগ্ৰামৰ মাধ্যমেৰে মহাকাশচাৰী প্ৰশিক্ষণ গ্ৰহণ কৰিম৷’ ইয়াৰ মাজতেই থাকিব মহাকাশযান ব্যৱস্থা, ফ্লাইট চিমুলেছন, প্ৰশিক্ষণ আৰু চিকিৎসা মূল্যায়ণ৷ তেওঁ এই অসাধাৰণ সুযোগৰ বাবে টাইটানছ স্পেছক ধন্যবাদ জনাই তেওঁ ভাৰতীয় এগৰাকীক প্ৰতিনিধিত্ব কৰিবলৈ পায় গৰ্বিত বোধ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















