আজি ২৭ জুলাইত পালিত হৈছে ৰথযাত্ৰা৷ ককায়েক বলৰাম, ভনীয়েক সুভদ্ৰাৰ সৈতে ৰথত উঠি আজি মাহিয়েকৰ ঘৰলৈ ৰাওনা হৈছে জগন্নাথ৷ উলোটাৰথ পৰ্যন্ত তাতেই থাকিব তেওঁলোক৷ ওড়িশাৰ প্ৰধান উৎসৱ ৰথৰ সৈতে বিশেষ সম্পৰ্ক আছে দুৰ্গাপূজাৰো৷ কাৰণ ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা৷ ৰথৰ দিনটোতেই বহুসংখ্যক পূজা কমিটিয়ে খুঁটি পূজা কৰে৷ ধাৰণা যে এইদিনটোৰ পৰাই আৰম্ভ হয় দুৰ্গাপূজাৰ কাউণ্ট ডাউন৷ দুৰ্গাপূজালৈ আৰু তিনিমাহ বাকী আছে৷ জানি থওক এই বছৰ কেতিয়াৰে পৰা আৰম্ভ হব শাৰদীয় দুৰ্গাপূজা?
দুৰ্গাপূজাৰ দিনক্ষণ
বিগত বছৰ অক্টোবৰৰ মাজভাগত আছিল দুৰ্গাপূজা৷ এই বছৰ কিন্তু কিছু সালসলনি হৈছে৷ এই বছৰ শাৰদীয় দুৰ্গাপূজা আগুৱাইছে৷ এই বছৰ পূজা অনুষ্ঠিত হব ছেপ্টেম্বৰৰ শেষভাগত৷ ২০২৫ৰ মহালয়া বা সৰ্বপিতৃ অমাবস্যা পালিত হব ২১ ছেপ্টেম্বৰ দেওবাৰে৷ সেইদিনটোতেই পিতৃপক্ষৰ অৱসান হৈ সূচনা হব দেৱীপক্ষৰ৷ পুৱাই বিভিন্ন স্থানত শুনিবলৈ পোৱা যাব মহিষাসুৰমৰ্দিনীৰ স্তুতি৷ তাৰপিছতেই ২২ ছেপ্টেম্বৰৰ পৰা দেৱীপক্ষৰ প্ৰতিপদ তিথি৷ সেইদিনাৰ পৰাই আৰম্ভ হয় শাৰদীয় নৱৰাত্ৰিৰ পূজা৷
২০২৫ত শাৰদীয় দুৰ্গাপূজাৰ নিৰ্ঘণ্ট
- মহাষষ্ঠী পালিত হ’ব ২৮ ছেপ্টেম্বৰ ২০২৫, দেওবাৰ
- মহাসপ্তমী পালিত হব ২৯ ছেপ্টেম্বৰ ২০২৫, সোমবাৰ
- মহাষ্টমী পালিত হব ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰে
- মহানৱমী পালিত হ’ব ১ অক্টোবৰ ২০২৫ বুধবাৰ
- বিজয়া দশমী পালিত হব ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















