অপাৰেচন মহাদেৱৰ বৃহৎ সফলতা, ভাৰতীয় সেনাৰ হাতত নিধন পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড
ভাৰতীয় সেনাই মহাদেৱৰ মাহ হিচাপে পৰিচিত এই শাওন মাহতে লাভ কৰিছে বৃহৎ সফলতা। ‘অপাৰেচন মহাদেৱ’ৰ নামেৰে আৰম্ভ কৰা এই অভিযানত ভাৰতীয় সেনাই নিধন কৰে পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড হাচিম মুছা। আজি ২৮ জুলাই তাৰিখ সোমবাৰে শ্ৰীনগৰ লিডৱাচ এলেকাত এই এনকাউণ্টাৰ সংঘটিত হৈছে।
লস্কৰ-এ-তৈবাৰ শীৰ্ষ স্থানীয় কমাণ্ডাৰ হাচিম মুছা যি পূৰ্বে পাকিস্তান সেনাৰ জোৱান আছিল, সেই মুছাৰ মৃত্যুৰ বাতৰিয়ে এতিয়া সুখৰ বতৰা কঢ়িয়াই আনিছে সেই সকল পৰিয়াললৈ যি সকল পেহেলগামলৈ ফুৰিবলৈ বুলি গৈ হেৰুৱাইছে অতিকে আপোনজন।
এই এনকাউণ্টাৰত ২ৰ পৰা ৩জন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। শ্ৰীনগৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰ্পে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছিল, “লিডৱাছৰ সাধাৰণ অঞ্চলত অপাৰেচন মহাদেৱ কৰা হৈছে। অভিযান চলি আছে।”
উল্লেখযোগ্য যে, ডাচিগাম বনাঞ্চলত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীকেইটাই। সেনাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীও এই অভিযানৰ অংশ আছিল। সেনাই নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















