জুবিন আছিল সকলোৰেই ঘৰৰ মানুহ। এইকথা জুবিনে জীয়াই থাকোতেই কৈছিল। সেয়া যেন সঁচা প্ৰমাণিত হৈছে। জুবিনৰ মৃত্য়ুৱে অসমবাসীৰ প্ৰত্যেককেই নিজৰ ঘৰৰ মানুহ এজন হেৰুৱালে তেনে অনুভৱ কৰাইছে। জুবিনৰ তেনে এগৰাকী অনুৰাগী কণ্ঠশিল্পীয়ে সামাজিক মাধ্যমত লিখিছে বিশেষ পোষ্ট। জুবিন গাৰ্গৰ মৃত্যুৱে তেওঁকো জোকাৰি গৈছে। জুবিন গাৰ্গ জীৱিত থাকোতেই তেওঁ জুবিন গাৰ্গক তেওঁৰ ভগৱান আখ্যা দিছিল। বহু অনুষ্ঠানত গীত পৰিবেশন কৰোতে তেওঁ সেই কথা উত্থাপন কৰিছে। শেহতীয়াকৈ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তেওঁৰ সমূহ অনুষ্ঠান বাতিল কৰিছে। সামাজিক মাধ্যমত মৰ্মিতাই লিখিছে-
এই অনুষ্ঠানসমূহও বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঠাইৰ নামবোৰ উল্লেখ কৰাৰ কাৰণ হল কিছুমান সন্মানীয় সমিতিৰ সদস্যই মোৰ ফালৰ পৰা ৰাইজক জনাবলৈ আগতেও অনুৰোধ কৰিছিলে, এতিয়াও কৰিলে, আৰু বহুতে মোৰ পুৰণি ভিডিঅ’ কিছুমান আপলোড কৰি লিখিছে, মই এতিয়াও শ্ব’ কৰি আছো, সেইবাবে নামবোৰ উল্লেখ কৰিছোঁ

কেইবাখনো কমিটীয়ে মোক জুবিন গাৰ্গ শ্রদ্ধাঞ্জলি নামৰ অনুষ্ঠান আয়োজন কৰি গাবলৈ অনুৰোধ কৰিছিল যদিও এই মুহূৰ্তত মই সেইটোও কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পৰা নাই, গতিকে কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে, বা মই নিজে অনুষ্ঠানটো বাতিল কৰিলোঁ নে নাই জানিব বিচাৰিলে অনুগ্রহ কৰি উল্লেখিত সমিতি সমূহৰ লগত যোগাযোগ কৰিব, ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিব,ধন্যবাদ
লক্ষ্মী পূজাত বাতিল কৰা অনুষ্ঠানসমূহ:-
হাজো,হয়গ্ৰীৱ মাধৱ দামোঠাৰগুৰি,কামৰূপ।
নাখেতি গোপাল মন্দিৰ কমাৰকুছি,নলবাৰী।
উত্তৰ পূব ৰঙিয়া জনকল্যাণ সংঘ, কামৰূপ।
বৰভালুকী(ভৰালীপাৰা)বজালী
চেঙা বামপাড়া পশ্চিম সংঘ,বৰপেটা।
শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতি, নিত্যানন্দ, বজালী
গুলমহৰ ৰয়েল, কোচবিহাৰ(পশ্চিম বংগ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ