হাতত আৰু দুমাহো নাই! চাওঁতে চাওঁতে শেষৰ সময়ত উপস্থিত হৈছে ২০২৫ চন৷ উভতি চালেই হয়তো আপুনিও কঁপি উঠে৷ কিমান ভয়ানক আছিল পাৰ হৈ যোৱা ১০টা মাহ৷ ২০২৫ৰ আৰম্ভণিৰ পৰাই আহিছে এটাৰ পাছত আনটো দুঃখবৰ৷ বিশ্বৰ খবৰৰ পৰা ৰাজ্যৰ খবৰলৈ৷ সকলো কেৱল বেয়া খবৰেই৷
২০২৫ চনত তোলপাৰ বিশ্ব ৰাজনীতি৷ এখন দেশে আনখন দেশক আক্ৰমণ কৰিছে৷ আমাৰ ভাৰততো ইয়াৰ প্ৰভাৱ সুস্পষ্ট৷ কাৰণ পহেলগামত নিৰাপৰাধী লোকক পাকিস্তানী সন্ত্ৰাসবাদীৰ হত্যা৷ ভাৰত-পাক সংঘৰ্ষ৷ তাৰপিছতেই আহমেদাবাদত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ২৫০ জন লোকে৷ চুবুৰীয়া দেশ নেপালত গণ আন্দোলনৰ মাধ্যমেৰে চৰকাৰৰ পতন৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভয়াৱহ ৰূপ৷ অশান্তি কমা নাই ইজৰাইল-গাজাতো৷ মুঠৰ ওপৰত ভাৰতসহ বিশ্বৰ প্ৰায়সমূহ দেশতেই এতিয়া ৰাজনৈতিক তথা সামাজিক বিভীষিকা৷
ঘটিছে অসংখ্য প্ৰাণহানি৷ বিপুল সম্পদৰ ক্ষয়ক্ষতিৰ ঘটনা৷ অসমতো তেনে বিভীষিকাই দেখা দিছে৷ অসমে হেৰুৱাইছে অসমীয়া হৃদস্পন্দন জুবিন গাৰ্গৰ দৰে শিল্পীক৷ অসমে হেৰুৱাইছে বাঁহীৰ সুৰক অন্য স্তৰলৈ লৈ যোৱা শিল্পী দীপক শৰ্মাক৷ কিন্তু কিয় এনে ঘটনাসমূহ ঘটি আছে? কি কৈছে জ্যোতিষশাস্ত্রই?
২০২৫ত কিয় বিশ্বজুৰি এনে পৰিস্থিতি? কি কৈছে জ্যোতিষশাস্ত্ৰই?
বৃহস্পতিৰ গতি
দেৱগুৰু ৰূপে পৰিচিত বৃহস্পতি৷ এই বছৰ মে মাহত বৃহস্পতিৰ গোচৰ হোৱাৰ সময় অতিচাৰি হয়৷ কোনো গ্ৰহই যদি তাৰ স্বাভাৱিক গতিতকৈ বেছি দ্ৰুত গতিত চলিবলৈ আৰম্ভ কৰে তেতিয়া তাক অতিচাৰি বুলি কোৱা হয়৷ ২০৩২ চন পৰ্যন্ত এই অতিচাৰিতেই থাকিব বৃহস্পতি৷ অৰ্থাৎ দ্ৰুত গতিত চলিব৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতিৰ অতিচাৰি গতিক অশুভ বুলি ধাৰণা কৰা হয়৷ ইয়াৰোপৰি এই বছৰ মে মাহৰ শেষৰ দিশত ছয় গ্ৰহই একে ৰাশিত গোচৰ হৈছিল৷ গ্ৰহৰ এনে বিৰল গোচৰৰ উল্লেখ পোৱা যায় মহাভাৰত, কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়তো৷ সেই সময়তো বৃহস্পতি অতিচাৰিতেই আছিল৷
মঙল-কেতুৰ সংযোগ
এই বছৰৰ ৭ জুনৰ পৰা ২৮ জুলাই পৰ্যন্ত মঙল আৰু কেতুৰ মাজত সংযোগ ঘটিছে৷ এই সংযোগ ঘটাৰ মাত্ৰ পাঁচ দিন পাছতেই ২০২৫ চনৰ ১২জুনত আহমেদাবাদ ঘটিছে মৰ্মান্তিক দুৰ্ঘটনা৷ বিমান দুৰ্ঘটনাত নিহত হৈছে ২৫০তকৈ বেছি মানুহ৷ এইদিনটোতেই ইৰাণ আৰু ইজৰায়েলৰ মাজত এই ঘটনাৰ পাছতেই যুদ্ধ পৰিস্থিতি তৈয়াৰ হয়৷ জ্যোতিষশাস্ত্ৰই কৈছে ২০২৬ চনৰ আৰম্ভণি পৰ্যন্ত গ্ৰহসমূহৰ যি অৱস্থান তাত ডাঙৰ দুৰ্যোগৰ আশংকা সম্পূৰ্ণৰূপে নাই বুলি ক’ব নোৱাৰি৷
শনিৰ বিপৰীতমুখী চলন
এই বছৰৰ ১৩ জুলাইত শনিয়ে বিপৰীতমুখী চলন আৰম্ভ কৰিব৷ আগন্তুক ২৮ নৱেম্বৰ পৰ্যন্ত এই বক্ৰী অৱস্থানতেই থাকিব৷ মঙলেও এই বছৰ শনিৰ দৃষ্টিত আছিল৷ জ্যোতিষশাস্ত্ৰই কৈছে শনি আৰু মঙল এটাই আনটোৰ দৃষ্টিত থাকিলে, তাৰ প্ৰভাৱত হিংসা দ্বেষ বাঢ়ি যায়৷ অশান্তি যুদ্ধ লাগিয়েই থাকে৷ শান্ত মানুহৰ মেজাজো হেৰাই সাংঘাতিক কোনো ঘটনা ঘটাব পাৰে৷
২০২৫ চনত আৰু কি ঘটিব পাৰে?
এই মাহৰ শেষত ২৯ তাৰিখে শনি বিপৰীতৰ পৰা চিধা মুখত অৱস্থান কৰিব৷ আৰু ৫ ডিচেম্বৰত বৃহস্পতিয়ে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ শনিৰ গতিয়ে ৰাজনৈতিক ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ পৰিণতি আনিব৷ ডাঙৰ কোনো ৰাজনৈতিক নেতা গ্ৰেপ্তাৰ হব পাৰে৷ যুদ্ধও হব পাৰে৷ বৃহস্পতিৰ প্ৰভাৱত ধৰ্মীয় ক্ষেত্ৰত ডাঙৰ খেলিমেলি পাৰে৷ ধৰ্মৰ নামত বিষ বিয়পোৱাৰ চেষ্টা চলিব পাৰে৷ বিশ্বব্যাপী দুৰ্যোগ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















