দুদিনৰ বাবে বৃহস্পতিবাৰে ভাৰতলৈ আহিছে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ আমেৰিকাৰ সৈতে ভাৰতৰ কূটনৈতিক টনাআজোঁৰাৰ সময়তে পুটিনৰ এই যাত্ৰাই দিল্লীৰ সৈতে বন্ধুত্ব আৰু দৃঢ় কৰিব খুজিছে মস্কোৱে৷ এই ধাৰণা বিশেষজ্ঞৰ৷ ভাৰতে বৰ্তমান যি পৰিমাণে ইন্ধন আমদানি কৰে তাৰ অধিকাংশই ৰাছিয়াৰ পৰাই আহে৷ প্ৰতিৰক্ষা আৰু সামৰিক সৰঞ্জামৰ ক্ষেত্ৰতো দিল্লী আৰু মস্কোৰ মাজত দীৰ্ঘ কেইবা দশকৰ সুসম্পৰ্ক আছে৷ এই অৱস্থাৰ পুটিনৰ দিল্লী যাত্ৰা বিশেষ তাৎপৰ্যপূৰ্ণ৷
বৃহস্পতিবাৰে সন্ধিয়া নতুনদিল্লীলৈ আহিছে ৰুছ প্ৰেছিডেণ্ট পুটিন৷ সাধাৰণ প্ৰটোকল অনুসৰি কোনো বিদেশী ৰাষ্ট্ৰনেতা ভাৰতলৈ আহিলে তেওঁক আদৰিবৰ বাবে বিমানবন্দৰত স্বাগত জনাবলৈ উপস্থিত থাকে বিদেশমন্ত্ৰী বা বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিমন্ত্ৰী৷ কেতিয়াবা বিদেশমন্ত্ৰী অন্য কোনো যাত্ৰাত থাকিলে দায়িত্বপ্ৰাপ্ত অন্য কোনো মন্ত্ৰী তাত উপস্থিত হয়৷
কিন্তু পুটিনৰ স্বাগত জনাবলৈ প্ৰটোকল ভাঙি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত হাজিৰ হয় খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰানৱেত থিয় হৈ কৰমৰ্দনৰ পাছত পুটিনক আলিংগন কৰি নতুন দিল্লী-মস্কোৰ বন্ধুত্বৰ বাৰ্তা তুলি ধৰে৷ তাৰপিছতে বিমানবন্দৰৰ পৰা একেখন বাহনত বহি ৰাওনা হয় মোদী আৰু পুটিন৷ সেই বাহনতো আছিল চমক৷ সেই ক্ষেত্ৰতো ভঙা হয় সাধাৰণ নিয়ম৷
সাধাৰণতে উচ্চ নিৰাপত্তাবিশিষ্ট এখন ৰেঞ্জ ৰোভাৰ বাহনত যাতায়াত কৰে মোদীয়ে৷ কিন্তু পুটিন অহাৰ পাছত সেই বাহনত যাত্ৰা নকৰি এখন বগা টয়োটা বাহনত পুটিন আৰু মোদী একেলগে প্ৰধানমন্ত্ৰী বাসভৱনলৈ যায়৷ এই যাত্ৰাই দুই নেতাৰ প্ৰটকলেই ভাঙিছে৷ তাৰপিছতেই সেই বগা ফৰচুনাৰ বাহনখন চৰ্চালৈ আহিছে৷ মডেলৰ নাম টয়োটা ফৰচুনাৰ ছিগমা ৪এম টি৷
টয়োটা ফৰচুনাৰ ছিগমা ৪ এম টি শক্তিশালী ৪ ৱাট ডিজেল এছ ইউ ভি৷ ২.৮ লিটাৰ টাৰ্বো ইঞ্জিন বাহনখনত আছে ৬ স্পিড মেনুৱেল গিয়াৰবক্স, ডাউনহিল এচিষ্ট কন্ট্ৰোল আৰু ৰিয়াৰ ডিফাৰেনছিয়েল লকৰ দৰে বৈশিষ্ট্য৷ ইয়াৰোপৰি বাহনখনত আছে অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি আৰু বুলেটপ্ৰুফ কাঁচ৷ বাহনখনৰ দাম ৫০ লাখ টকাৰ ওচৰত৷
মোদী আৰু পুটিনে যিখন বগা ফৰছুনাৰ ছিগমা ৪ এমটি বাহনখন চলাইছিল তাৰ নম্বৰ আছিল এম এইচ ০১ ই এন ৫৭৯৫৷ ৰেকৰ্ড অনুসৰি বাহনখনৰ ৰেজিষ্ট্ৰেচন ২০২৪ চনৰ এপ্ৰিলৰ৷ বিচ-৬ নিৰ্গমন নিয়মৰ আঁওতাত আছে এই বাহনৰ ইঞ্জিন৷ সম্প্ৰতি বাহনখন অত্যধুনিক পদ্ধতিৰে সজোৱা হৈছে৷ দেশৰ অতি বিশিষ্ট ব্যক্তি আৰু অতিথিৰ যাতায়াতৰ বাবে ব্যৱহৃত হয় এই বাহন৷
আনহাতে পুটিনে নিজে যিখন ব্যক্তিগত বাহনত যাতায়াত কৰে সেই বাহন বিশেষ ক্ষমতাসম্পন্ন৷ সেই বাহনৰ মাহাত্ম্যও কম নহয়৷ ৰুছ প্ৰেছিডেণ্টৰ ব্যক্তিগত সেই বাহনখন হৈছে অৰাছ চেনাট লিমুজিন৷ পুটিনৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে বাহনখন৷ ১৯৪৫ চনত নিৰ্মিত ছোভিয়েট যুগৰ লিমুজিন জেডআই এছ ১১০ ৰ অনুকৰণেৰে এই বাহন ৰাছিয়াৰ অটোমোবাইল সংস্থা অৰাছে নক্সা কৰা৷ বাহনখন তৈয়াৰ কৰিছে ৰাছিয়াৰ চেন্ট্ৰেল ছায়েণ্টিফিক ৰিচাৰ্ছ অটোমোবাইল এণ্ড অটোমোটিভ ইঞ্জিন ইনষ্টিটিউট ‘নমি’য়ে৷
ইয়াৰপূৰ্বে মাৰ্ছিডিজ বেনজ এছ ৬০০ গাৰ্ড পুলমেন ব্যৱহাৰ কৰিছে পুটিনে৷ ২০১৮ চনৰ পৰা চেনাট লিমুজিন বাহন ব্যৱহাৰ কৰি আছে ৰুছ প্ৰেছিডেণ্টে৷ পুটিনক সৰ্বোচ্চ সুৰক্ষা দিয়াৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছে বাহনখন৷ ইয়াৰ সৈতে এই বাহনে ৰুছ চৰকাৰৰ ক্ষমতা, মৰ্যদা আৰু শক্তিৰ প্ৰতীক ৰূপেও চিনাকি দিয়ে৷ এই বাহনৰ ওজন প্ৰায় ৬২০০ কিঃগ্ৰাঃ৷ মাত্ৰ ৬ ছেকণ্ডত ঘণ্টাত ১০০ কিঃমিঃ গতি তুলিব পাৰে৷ পৰবৰ্তী কেইবাছেকেণ্ডত বাহনখনে ২৫০ কিঃমিঃ ঘণ্টাত যাত্ৰা কৰিব পাৰে৷ ধাৰণা কৰা হৈছে যে পুটিনৰ চেনাট লিমুজিনখন এক চলমান দুৰ্গই৷
বাহনখন শক্তিশালী বুলেটপ্ৰুফ কাঁচেৰে আৱৰা৷ বাহনখনৰ মাজত আৰু ছাদৰ তলতো সুৰক্ষা ব্যৱস্থা আছে৷ যি অতৰ্কিত অক্ৰমণৰ সময়ত গুলি আৰু বিস্ফোৰণৰ পৰা যাত্ৰীসকলক নিৰাপদে ৰাখে৷ পুটিনে যেতিয়া বিদেশ যাত্ৰা কৰে তেওঁৰ সৈতে লৈ যোৱা নহয় অৰাছ চেনাট লিমুজিনটি৷ বিমানৰ পৰা নামি সেই বাহনতেই তেওঁ যাত্ৰা কৰে৷ কিন্তু ভাৰত যাত্ৰাত এইবাৰ তেওঁক ব্যতিক্ৰম দেখা গল৷ এইবাৰৰ যাত্ৰাত ভাৰত-ৰাছিয়াৰ ২৩ তম শীৰ্ষ বৈঠকতো অংশ লব পুটিনে৷ ইয়াৰোপৰি শুকুৰবাৰে দিল্লীৰ হায়দৰাবাদ হাউচৰ বৈঠকত দ্বিপাক্ষিক সহযোগিতা সংক্ৰান্তিয় একাধিক চুক্তিত চহীও কৰিব পাৰে৷ তাৰমাজত অন্যতম ৰাছিয়াৰ পৰা আৰু এছ-৪০০ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















