পৃথিৱীৰ প্ৰতিবেশী গ্ৰহ মঙ্গলত এসময়ত পানী আছিল৷ কুলুকুলুকৈ নদী বৈ গৈছিল, বিজ্ঞানীসকলে তাৰ প্ৰমাণ পূৰ্বেই পাইছে৷ মঙ্গলত প্ৰাণৰ অস্তিত্ব সম্বন্ধেও তেওঁলোক কমবেছি পৰিমাণে একমত৷ কিন্তু কিমান দিন? অৰ্থাৎ মঙ্গলৰ মাটিত কিমান দিন পৰ্যন্ত প্ৰাণী আছিল? কেতিয়া প্ৰাণীসমূহ নিশ্চিহ্ন হৈ গ’ল? নতুন এক গৱেষণাত এই সংক্ৰান্তীয় যাৱতীয় ধাৰণা সলনি হৈ পৰিছে৷ ফলত ইমানদিন বিজ্ঞানীয়ে মঙ্গলত প্ৰাণৰ অস্তিত্বক লৈ যি হিচাপ দেখুৱাইছিল সেই হিচাপ এইবাৰ সলনি হৈছে৷
মঙ্গলৰ অতীতক লৈ বিজ্ঞানীৰ মাজত কৌতূহলৰ শেষ নাই৷ পৃথিৱীৰ পৰা মাত্ৰ ২২ কোটি কিঃমিঃ দূৰৈৰ এটা গ্ৰহ৷ মাটিত লোহাৰ পৰিমান বেছি থকাৰ বাবে মহাকাশৰ পৰা ৰঙা দেখা পায় মঙ্গলক৷ গৱেষণাত কোৱা হৈছে যে ৩৭০ৰ পৰা ৪২০ কোটি বছৰ পূৰ্বে মঙ্গলত নদী, খাল, হ্ৰদ আৰু সমুদ্ৰসমূহ শুকাই যাবলৈ আৰম্ভ হৈছিল৷ সেই প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ বেছি সময় নালাগিল৷ মূলত সৌৰবায়ুৰ প্ৰভাৱেই ইয়াৰ বাবে দায়ী৷ বিজ্ঞানীসকলৰ অনুমান যে মঙ্গলৰ বায়ুমণ্ডল শুহি লৈছিল সৌৰবায়ুৱে৷ তাৰফলত পানীও শুকায় যায়৷ নিশ্চিহ্ন হৈ যায় প্ৰাণ৷ এতিয়া মঙ্গল শীতল, শুষ্ক এক সৌৰগ্ৰহ৷ কিন্তু এই প্ৰক্ৰিয়াৰ সময়কালক লৈ একাধিক মত আছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এটা ৰোভাৰৰ তথ্য বিশ্লেষণ কৰা হৈছে মঙ্গলৰ নতুন গৱেষণাত৷ পোৱা গৈছে নতুন হিচাপ৷ বিজ্ঞানীসকলৰ অধিকাংশৰেই ধাৰণা যে, কোটি কোটি বছৰ পূৰ্বে মঙ্গলৰ পৰিবেশ প্ৰাণীৰ বসবাসৰ অযোগ্য হৈ পৰিছিল৷ অৱশ্যে নতুন গৱেষণাৰ দাবী যে যিমান ধাৰণা কৰা হৈছিল সিমানো নহয়৷ আৰু বহু পাছলৈকেও মঙ্গলৰ প্ৰাণ আছিল৷ গেইল ক্ৰেটাৰৰ পাথৰৰ নমুনাতেই তাৰ প্ৰমাণ আছে বুলি দাবী৷
মঙ্গলৰ বুকুত থকা এক বিশাল অববাহিকাৰ নাম গেইল ক্ৰেটাৰ৷ ইয়াৰ ব্যাস প্ৰায় ১৫৪ কিঃমিঃ৷ ইয়াৰ মাজত আছে প্ৰকাণ্ড পৰ্বত মাউণ্ট শাৰ্প৷ ৰহস্যময় এই অববাহিকাৰ অনুসন্ধান অভিযান চলোৱাৰ বাবে নাছাই পঠিয়াইছে কিউৰিওচিটি ৰোভাৰ৷ এই ৰোভাৰে পঠিওৱা তথ্যই মঙ্গলৰ অতীত আলোকপাত কৰে৷ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ আবু ধাবিৰ গৱেষক দিমিত্ৰা অত্ৰিৰ নেতৃত্বত এদল বিজ্ঞানী সম্প্ৰতি কিউৰিওচিটি ৰোভাৰে পঠিওলা তথ্য ঘোটালিছে৷ গেইল ক্ৰেটাৰৰ প্ৰাচীন ভূগৰ্ভস্থ পানীৰ সংস্পৰ্শত আহি পাথৰত পৰিণত হৈছিল৷ সেই সংক্ৰান্তিয় গৱেষণাপত্ৰত প্ৰকাশিত হৈছে জাৰ্নেল অফ জিয়োফিজিকেল ৰিচাৰ্ছ প্লেনেটছে৷ বিজ্ঞানীয়ে তাতেই দাবী কৰিছে যে অনুমানতকৈ বহু বেছি সময় মঙ্গলত প্ৰাণৰ অস্তিত্ব আছিল৷
গেইল ক্ৰেটাৰৰ বালি আৰু পাললিক শিলাৰ প্ৰকৃতি পৰীক্ষা কৰি এই তথ্য পোৱা গৈছে৷ বিজ্ঞানীসকলে জনাইছে যে গেইল ক্ৰেটাৰ অত্যন্ত শুষ্ক৷ এই অংশৰ বালি আৰু পলি পাথৰত পৰিণত হৈছিল নোয়াচিয়ান যুগত৷ এই সময়ত মঙ্গলৰ মাটিত প্ৰবল বন্যা বৈছিল৷ গেইল ক্ৰেটাৰৰ মাজত নদীসমূহ উফন্দি উঠিছিল৷
ৰোভাৰৰ তথ্য সংযুক্ত আৰৱ আমিৰশাহীৰ মৰুভূমিত হাতেকলমে পৰীক্ষা কৰি চাইছিল বিজ্ঞানীদলে৷ তেওঁলোকৰ দাবী, পলি পাথৰত পৰিণত হোৱাৰ ঘটনাটো শেষ পৰ্যায়ৰ জলীয় ক্ৰিয়া৷ নিকটবৰ্তী পৰ্বতৰ ভূগৰ্ভস্থ পানীয়েই ইয়াৰ বাবে দায়ী৷ ইয়াৰ ফলত জিপছাম, কেলছিয়াম ছালফেট ডাইহাইড্ৰেটৰ দৰে খনিজো উৎপন্ন হৈছিল৷ পৃথিৱীৰ মৰুভূমিতো এই ধৰণৰ খনিজৰ অস্তিত্ব পোৱা গৈছে৷ মঙ্গলৰ অতীত বিচৰাত এই গৱেষণাৰ ফলাফল বিশেষ কাৰ্যকৰ হ’ব পাৰে বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















