সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
প্ৰতিবছৰৰ দৰে এইবাৰো সংকটত ৰাজধানী দিল্লী। এইবাৰো বায়ু প্ৰদূষণৰ ভয়ংকৰ প্ৰভাৱ পৰিছে দিল্লীত। বায়ুৰ গুণাগুণ সংকটৰ মাজতে দিল্লীয়ে জাৰি কৰে এক বিশেষ নিৰ্দেশনা। কাইলৈ ১৮ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী থাকিব পাৰিব। ঘৰৰ পৰাই ৫০% কৰ্মচাৰীয়ে কাম কৰাটো বাধ্যতামূলক। এই নিৰ্দেশনা উলংঘা কৰিলেই জৰিমনা বিহাৰ সতৰ্কবাণী।
নিত্য বৃদ্ধি পোৱা প্ৰদূষণৰ বাবেই দিল্লী চৰকাৰে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া চৰকাৰী লগতে ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰাটো বাধ্যতামূলক হ’ব। অন্যথা ১০ হাজাৰ টকাৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
ৰাজধানীত ১৪ ডিচেম্বৰত এই ছিজনত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া হোৱাৰ দেখা গৈছিল। ১৪ ডিচেম্বৰৰ সন্ধিয়া ৪৪১ ত এ কিউ আই ৰেকৰ্ড কৰা হৈছিল।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি মাজনিশালৈকে প্ৰদূষণৰ মাত্ৰাই ‘গুৰুতৰ প্লাছ’ তথা থ্ৰেছহ’ল্ড অতিক্ৰম কৰে। মাজনিশা বায়ুৰ গুণাগুণ ৪৬০ ৰেকৰ্ড কৰা হয়।
বায়ুৰ গুণাগুণৰ অৱনতি ঘটাৰ বাবেই বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে ইতিমধ্যে অৱনতি ঘটা সংকট মোকাবিলা কৰাৰ বাবে সমগ্ৰ ৰাজধানীতে গ্ৰেপ IV – প্ৰদূষণ বিৰোধী কঠোৰতম নিষেধাজ্ঞা – আৰোপ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















