২০২৬ চনত প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে৷ সেই বীমা উপহাৰ দিছিল প্ৰেয়সীক৷ প্ৰায় এক দশকৰ পাছত বিবাহবন্ধনত আৱদ্ধ হওঁতেই বীমাৰ পৰা প্ৰায় ৮৪লাখ টকা পাইছে তৰুণীয়ে৷ ২৫০০ টকাৰে সেই বীমা লৈ উপহাৰ হিচাপে তৰুণীৰ হাতত তুলি দিছিল তেওঁৰ প্ৰেমিকে৷ সেই বীমাৰ চৰ্তত কোৱা হৈছিল দম্পতিয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিয়া কৰালে ১০,০০০ ইউয়েন(১৪০০ ডলাৰ) পাব৷
২০১৬ চনত প্ৰেমৰ বীমা কৰা এই অদ্ভুত ঘটনাটো চীনৰ৷ ছানচি প্ৰদেশৰ জিয়ানৰ বাসিন্দা উ নামৰ তৰুণী ২০২৫ চনত বিয়া কৰোতেই বীমাৰ ধন উভতাই বিচাৰি আবেদন কৰিছে৷ উ য়ে যেতিয়া মাধ্যমিকৰ স্তৰত পঢ়াশুনা কৰি আছিল তেতিয়া তেওঁৰ প্ৰেমিক ৱাং য়ে এই বীমা উপহাৰ দিছিল৷ তাৰপাছতেই কেইবাবছৰ পাৰ হৈ গৈছে৷ চীনা সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি চাইনা লাইফ প্ৰপাৰ্টি এণ্ড কেজুৱেলটি ইনছ্যুৰেন্স কোম্পানী লিমিটেডৰ সেই বীমা কিনাৰ পাছতেই ৱাঙে তৎকালীন প্ৰেমীকা উৰ হাতত তুলি দিয়ে৷ প্ৰাথমিকভাৱে উৰ ধাৰণা হৈছিল যে এয়া এক ধেমালীয়ে৷ কোনোধৰণৰ ধন তেওঁ লাভ নকৰে৷
ৱাং আৰু উয়ে ২০২৫ চনৰ অক্টোবৰত বিবাহপাশত আৱদ্ধ হৈছে৷ বীমাৰ চৰ্তপূৰণ কৰিছে দুয়োজনে৷ তেওঁলোকে নগদ ধন উভতাই লোৱাৰ সিদ্ধান্ত লৈছে৷ ও আৰু বাঙৰ সেই বীমা অৱশ্যে ২০১৭ চনত বন্ধ কৰি দিয়া হৈছে৷ গ্ৰাহকে কিন্তু পলিচিৰ ধন উঠাই লোৱা নাছিল৷ উ আৰু ৱাঙৰ গল্পটি চিনা সামাজিক মাধ্যমত ভাইৰেল হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















