বছৰৰ ছমাহ সূৰ্যৰ উত্তৰায়ন আৰু বাকী ছমাহ দক্ষিণায়ন চলে৷ সূৰ্যৰ উত্তৰ গোলাৰ্ধৰ দিশত হালি থকাটোৱে হৈছে সূৰ্যৰ উত্তৰায়ন আৰু দক্ষিণ গোলাৰ্ধৰ দিশত হালি থকাটো হৈছে দক্ষিণায়ন৷ শাস্ত্ৰ অনুসৰি মৰ্ত্যৰ এবছৰ হৈছে স্বৰ্গৰ এদিন৷ উত্তৰায়ণ হৈছে দেৱতাসকলৰ দিন আৰু দক্ষিণায়ন হৈছে দেৱতাসকলৰ নিশা৷
১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিয় পৰাই সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হৈছে৷ প্ৰচলিত বিশ্বাস অনুসৰি সেই দিনটোত টোপনি ভাঙিছে দেৱতাসকলৰ৷ উত্তৰায়নত মৃত্যু হ’লে মুক্তিলাভ হয় বুলিও ধাৰণা কৰা হয়৷ আগন্তুক ১৬ জুলাই পৰ্যন্ত উত্তৰায়ন চলিব৷ জ্যোতিষ গণনাই কৈছে এই সময়ৰ ভিতৰত প্ৰচুৰ সুখ সৌভাগ্য লাভ কৰিব চাৰি ৰাশিৰ জাতকে৷ জানি থওক সূৰ্যৰ উত্তৰায়নত সৌভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
১৬ জুলাই পৰ্যন্ত ভাল সময় চলিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ হাতত ধন টকা পইছা বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নতুন নতুন উৎসৰ পৰা অৰ্থাগম হব৷ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ হব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰে৷
কৰ্কট ৰাশি
সূৰ্য উত্তৰায়ন চলাৰ সময়ত এই ছমাহ কেৰিয়াৰত সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ত উন্নতি কৰিব পাৰে৷ একাধিক সূত্ৰৰ পৰা অৰ্থলাভ হব৷ এই সময়ত আত্মবিশ্বাসৰ তুংগত থাকিব কৰ্কট ৰাশিৰ জাতকে৷ ব্যক্তিগত সম্পৰ্ক আৰু মজবুত হব৷ মনৰ চাপ কমিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















