নতুন বছৰৰ ফেব্ৰুৱাৰীতেই জ্যোতিষশাস্ত্ৰত এক বিৰল শক্তিশালী ৰাজযোগৰ ইংগিত আছে৷ হিন্দু পঞ্জিকা অনুসৰি আগন্তুক ২৩ ফেব্ৰুৱাৰী ২০২৬ত কুম্ভ ৰাশিত শুক্ৰ আৰু মঙ্গলৰ যুঁটিয়ে তৈয়াৰ কৰিব বিশেষ ধনশক্তি ৰাজযোগ৷ জ্যোতিষীৰ মতে, এই যোগ অৰ্থপ্ৰাপ্তি, সম্পদ বৃদ্ধি আৰু আৰ্থিক স্থিতি উভতি অহাৰ ক্ষেত্ৰত অত্যন্ত শুভ৷
জনা গৈছে যে ৬ ফেব্ৰুৱাৰীত শুক্ৰই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, আৰু তাৰপাছতেই ২৩ ফেব্ৰুৱাৰীত মঙ্গলে কুম্ভত যোগ দিব৷ সেই সময়ত কুম্ভ ৰাশিত সূৰ্যই বুধ আৰু ৰাহুৱেও অৱস্থান কৰিব৷ একাধিক গ্ৰহৰ প্ৰভাৱত মিলিত এই ৰাজযোগে তিনিটা ৰাশিৰ জাতকৰ জীৱনত অৰ্থ আৰু সাফল্যৰ নতুন দুৱাৰ খুলিব পাৰে৷ এই কথা কৈছে জ্যোতিষমহলে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে ধনশক্তি ৰাজযোগ অত্যন্ত শুভ৷ দীৰ্ঘদিনৰ আৰ্থিক টনাআঁজোৰা দূৰ হব৷ খালী হৈ যোৱা সঞ্চয় আকৌ ভৰিব পাৰে৷ সোণ-ৰূপ, ঘৰ মাটি ক্ৰয়ৰ যোগ আছে৷ চাকৰিয়ালৰ ক্ষেত্ৰত কৰ্মস্থলত স্থায়িত্ব বাঢ়িব, পদোন্নতিৰ সম্ভাৱানাও আপুনি না কৰিব নোৱাৰে৷ ব্যৱসায়ীসকলৰ বাবে নতুন আয়ৰ ৰাস্তা খুলিব৷ অফিচৰ চাপ কমিব আৰু সহকৰ্মীসকলৰ সহায়ত বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত সৌহাৰ্দ্য বাঢ়িব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত বিলাসিতা আৰু স্বাচ্ছন্দ্য বাঢ়িব এই ৰাজযোগত৷ গোপনে বা অপ্ৰত্যাশিত সূত্ৰৰ পৰা অৰ্থলাভৰ সম্ভাৱনা আছে৷ নতুন বাহন বা সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ দীৰ্ঘদিনৰ আৰ্থিক সমস্যা বা ধন সংক্ৰান্তিয় গোচৰ থাকিলে সেয়া দূৰ হব৷ যিসকলে মাটি, ঘৰ বিক্ৰিৰ চেষ্টা কৰিছে তেওঁলোকে উপযুক্ত ক্ৰেতা পাব পাৰে৷ ৰিয়েল এষ্টেট, সম্পত্তি আৰু চিকিৎসা পেছাৰ সৈতে যুক্তসকলৰ বাবে এই সময় বিশেষভাৱে শুভ৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে এই ধনশক্তি ৰাজযোগে সকলোতকৈ বেছি আৰ্থিক স্বস্তিৰ খবৰ কঢ়িয়াই আনিব পাৰে৷ হঠাৎ বৃহৎ অংকৰ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ অপ্ৰয়োজনীয় খৰচ কমিব আৰু পুৰণি বৃহৎ ঋণ শোধ কৰাৰ সুযোগ পাব৷ যিসকল ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আছিল তেওঁলোকে হঠাৎ লাভৰ মুখ দেখাৰ সম্ভাৱনা আছে৷ জীৱনযাত্ৰাৰ মান উন্নত হব৷ সমাজত সন্মান বাঢ়িব৷ ইয়াৰোপৰি স্বাস্থ্যগত সমস্যাও ধীৰে ধীৰে নিয়ন্ত্ৰণত আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















