কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে সহজেই ফোনৰ ভিতৰৰ সকলো তথ্য ওলিয়াব পাৰে ছাইবাৰ অপৰাধীয়ে৷ অপৰাধীয়ে সহজেই ওলিয়াই লয় এজন ব্যক্তিৰ জৰুৰী আৰু ব্যক্তিগত তথ্য৷ ডিজিটেল প্ৰযুক্তিৰ যিমানেই উন্নতি হৈছে সিমানেই বাঢ়িছে ছাইবাৰ প্ৰতাৰণাৰ হাৰ৷ সেয়ে ফোন সুৰক্ষিত ৰাখিবলৈ হ’লে দ্ৰুত ছেটিংচত গৈ কিছু প্ৰয়োজনীয় সালসলনি কৰাটো জৰুৰী৷
কেনেকৈ সলনি কৰিব ফোনৰ ছেটিংচ?
টু-ফেক্টৰ অথেণ্টিকেছন আৰম্ভ কৰক
ই এক প্ৰাথমিক কাম৷ গুগল একাউণ্ট বা এপল আই ডিত টু-ষ্টেপ ভেৰিফিকেছন অন কৰক৷ ইয়াৰ ফলত পাছৱৰ্ড জানিলেও অন্য কোনোৱে আপোনাৰ ফোন লগ ইন কৰিব নোৱাৰে৷
এপৰ নিৰাপত্তা
ফোনৰ ছেটিংচলৈ গৈ প্ৰাইভেছি অপশ্ব্যনলৈ যাওক৷ তাত গৈ পাৰমিছন মেনেজাৰত চাওক৷ কোন কোন এপ অনুমতি অবিহনেই আপোনাৰ ফোনৰ কেমেৰা, মাইক্ৰফোন বা লোকেছন ব্যৱহাৰ কৰি আছে৷ সন্দেহজনক এপসমূহ ডিলিট কৰক৷
গুগল প্লে প্ৰটেক্ট
গুগল প্লে ষ্টোৰ বা বাহিৰত ইণ্টাৰনেটৰ পৰা যদি কোনো এপ ডাউনলোড কৰে তেতিয়াহলে পূৰ্বে ইমপ্ৰুভ হাৰ্মফুল এপ ডিটেকছনলৈ যাওক৷ ছেটিংচৰ পৰা যাব লাগিব৷ তাত গৈ গুগল প্লে প্ৰটেক্ট অন কৰি দিলেই প্লে ষ্টোৰে সেই এপটোক স্কেন কৰিবলৈ আৰম্ভ কৰিব৷ যদি ক্ষতিকৰ কিছু তথ্য পায় তেন্তে আপোনাক সতৰ্ক কৰিব৷
লক স্ক্ৰিন নটিফিকেছন
ভিপিএনৰ ব্যৱহাৰ
ৰে’ল ষ্টেচন, বিমানবন্দৰ হওক বা হোটেল সুযোগ পালেই বিনা পইছাৰ ৱাইফাই ব্যৱহাৰ নকৰিব৷ ৱাইফাইৰ সুৰক্ষা কিমান মজবুত সেয়া জানি থওক৷ এই ধৰণৰ ৱাইফাইৰ পৰা তথ্য ফাঁচ হোৱাৰ ভয় থাকে৷ যদি প্ৰয়োজনত পাব্লিক ৱাইফাই ব্যৱহাৰ কৰিবলগীয়া হলে ভাল যেন ধাৰণা হোৱা ভিপিএন ব্যৱহাৰ কৰক৷
বায়োমেট্ৰিক লক
ছিম কাৰ্ডৰ সুৰক্ষা
আপোনাৰ ফোনৰ নেটৱৰ্ক যদি মাজে মাজে উধাও হৈ যায় আৰু দীৰ্ঘ সময় ধৰি নাহে তেতিয়াহলে দ্ৰুত কাষ্টমাৰ কেয়াৰত যোগাযোগ কৰক৷ ই ছিম ক্লোনিঙৰ লক্ষণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















